নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভটিয়াপাৰ -ৰ ভয়

ভটিয়াপাৰ -ৰ ভয়

৯টা দিন ধৰি অবিৰামভাৱে শিৱসাগৰৰ ৰুদ্রসাগৰ তৈলক্ষেত্রৰ ভটিয়াপাৰ বাৰীচুকৰ অ’এনজিচিৰ তৈলখাদ আৰডিএছ ১৪৭(এ)নং–ৰ এছ কে পেট্র’ৰ ১৩৫ ভি আই ৰীগৰ পৰা গেছ নির্গমন হৈ আছে৷ বাঘজান কাণ্ডৰ ভয়াৱহ স্মৃতিয়ে এতিয়াও সমগ্র ৰাজ্যবাসীক সোঁৱৰাই থকাৰ সময়তে ভটিয়াপাৰৰ এই শেহতীয়া গেছ নির্গমনে আকৌ এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ বিগত দিনকেইটাত এই গেছ নির্গমন ৰোধৰ বাবে প্রশাসনৰ সহযোগত অ’এনজিচিয়ে বহু কার্যপন্থা হাতত লৈছে যদিও সেই সকলো পদক্ষেপ ইতিমধ্যে বিফল হৈছে৷ স্বাভাৱিকভাৱে এটাৰ পাছত আন এটাকৈ লোৱা পদক্ষেপ বিফল হোৱা ঘটনাই ভটিয়াপাৰৰ কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক তীব্র আতংকিত কৰি তুলিছে৷ যদি পৰিস্থিতি তৎকালে নিয়ন্ত্রণ কৰিব পৰা নহয়, তেন্তে আন এক বাঘজান কাণ্ডৰ পুনৰাবৃত্তি ঘটাৰ প্রচুৰ সম্ভাৱনা আছে বুলি বিশেষজ্ঞসকলেও মত প্রকাশ কৰিছে৷ এই আতংকময় পৰিস্থিতি বিৰাজ কৰি থকাৰ সময়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদ মেলযোগে প্রকাশ কৰিছে যে গেছ নির্গমন ৰোধ কৰাৰ বাবে সকলো পদ্ধতি ইতিমধ্যে ব্যর্থ হৈছে আৰু সেয়ে এতিয়া কেপিং পদ্ধতিৰ জৰিয়তে তৈলখাদটো সম্পূর্ণৰূপে বন্ধ কৰা হ’ব৷ এই পদ্ধতি ব্যৱহাৰ কৰাৰ বাবে আমেৰিকাৰ পৰা বিশেষজ্ঞৰ দল আহি শিৱসাগৰত উপস্থিত হৈছে আৰু এই বিশেষজ্ঞৰ দলে কেপিঙৰ কাম আৰম্ভ কৰিব৷ সাধাৰণতে কেপিং পদ্ধতিকে গেছ নির্গমন ৰোধ কৰাৰ বাবে সকলোতকৈ ফলপ্রসূ আৰু শেষ উপায় হিচাপে অৱলম্বন কৰা হয়৷ কিন্তু যদি কেপিং পদ্ধতি বিফল হয় তেন্তে কি হ’ব? তেনে ক্ষেত্রত একেবাৰে শেষ উপায় হিচাপে থাকিব ডাইভার্ছন পদ্ধতি৷ অ’এনজিচিৰ দাঁতিকাষৰীয়া যিসমূহ পৰিত্যক্ত তৈলখাদ আছে তাত ৰীগ স্থাপনৰ জৰিয়তে খনন কার্য চলাই ভূগর্ভৰ তলত থকা গেছসমূহ সেই স্থানলৈ স্থানান্তৰিত কৰা হ’ব৷ এই পদ্ধতিটোকে ডাইভার্ছন পদ্ধতি বুলি কোৱা হয়৷ যদিহে এই পদ্ধতি ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে গেছ নিয়ন্ত্রণৰ ক্ষেত্রত তিনিৰ পৰা চাৰি মাহ পর্যন্ত সময় লাগিব পাৰে আৰু ই যথেষ্ট ব্যয়বহুল হ’ব৷ অৱশ্যে কেপিঙৰ বিকল্প হিচাপে অ’এনজিচিয়ে এই পদ্ধতিকো প্রয়োজনসাপেক্ষে ল’বলৈ প্রস্তুত হৈছে আৰু ইতিমধ্যে এটা পৰিত্যক্ত তৈলখাদ সাজু কৰিছে৷
সাধাৰণতে তৈলখাদৰ ৰীগত গেছ নির্গত হোৱাৰ ঘটনা প্রায় বিৰল৷ বিশেষজ্ঞসকলৰ মতে তেল আৰু গেছ অন্বেষণ মাটিৰ তলত পোত খাই থকা ধন বিচৰাৰ দৰেই এক কার্য৷ মাটিৰ তলৰ গভীৰ পৃষ্ঠত হাইড্র’ কার্বন তীব্র চাপত জমা হয় আৰু অভেদ্য শিলৰ স্তৰৰ তলত আবদ্ধ হৈ থাকে৷ এনে গেছ আহৰণৰ বাবে ড্রিলিং কৰিবলৈ সঠিক পৰিকল্পনা, নিপুণ অভিযান্ত্রিক ব্যৱস্থা আৰু নিশ্ছিদ্র সুৰক্ষা ব্যৱস্থাৰ প্রয়োজন হয়৷ অৱশ্যে এই সকলো ব্যৱস্থা সম্পূর্ণ প্রট’কল মানি লোৱাৰ পিছতো কেতিয়াবা দুর্বল অংশৰে প্রচণ্ড চাপত জমা হৈ থকা গেছ তীব্র গতিত বাহিৰ ওলাই আহে৷ এই ঘটনাকে ব্ল’আউট বুলি কোৱা হয়৷ কেতিয়াবা হিউমেন এৰ’ৰ বাবে আৰু আন কেতিয়াবা মাটিৰ তলৰ স্তৰৰ অস্বাভাৱিক গঠনৰ বাবে এনে ব্ল’আউট হ’ব পাৰে৷ অ’এনজিচিৰ অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আন বিশেষজ্ঞসকলেও গেছ নির্গমন ৰোধ কৰাত যোৱা ৯টা দিন বিফল হোৱাৰ পিছত প্রশ্ণ উঠিছে যে কিয় আমাৰ দেশীয় বিশেষজ্ঞসকলে এই কাম কৰিবলৈ বাৰে বাৰে ব্যর্থ হয় আৰু বিদেশৰ পৰা বিশেষজ্ঞ আমদানি কৰি আনিবলগীয়া হয়? যি সময়ত এনে ৰীগৰ দাঁতিকাষৰীয়া অঞ্চলৰ হেজাৰ হেজাৰ বাসিন্দাৰ সুৰক্ষাৰ প্রশ্ণটো জড়িত হৈ থাকে আৰু বাসিন্দাসকলৰ নিৰাপত্তাক সর্বাধিক গুৰুত্ব দিয়াৰ প্রয়োজন থাকে সেই সময়ত বিদেশৰ পৰা বিশেষজ্ঞৰ দল আহি নোপোৱালৈকে এই নির্গমন ৰোধ কৰিব পৰাকৈ আমাৰ কিয় অত্যাধুনিক ব্যৱস্থাপনা নাথাকে? যিহেতু অ’এনজিচি এক লাভজনক প্রতিষ্ঠান সেয়ে ৰাইজৰ সুৰক্ষাৰ প্রশ্ণ জড়িত হৈ থকা বিষয়ত সকলোতকৈ বেছি গুৰুত্ব দিয়াটো প্রয়োজন আৰু এই সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলোধৰণৰ অত্যাধুনিক ব্যৱস্থা মজুত ৰখাটো নিশ্চিত কৰাটো প্রয়োজন৷ অন্যথা কেৱল বাঘজানেই নহয়, অদূৰ ভৱিষ্যতে সামান্য ত্রুটিৰ বাবে বাঘজানতকৈও ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা থাকি যাব৷

You might also like