নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় জলসীমাৰ সমীপত চীনৰ গৱেষণা জাহাজ

🔹 বন্ধ অ’টোমেটিক আইডেণ্টিফিকেচন ছিষ্টেম : উদ্বিগ্ন নতুন দিল্লী

নিউজ ডেস্ক, ১২ জুলাই : প্রতিবেশী ৰাষ্ট্র চীনৰ আগ্রাসী নীতিয়ে ভাৰতক বিগত দশক দশক ধৰি উদ্বিগ্ণ কৰি ৰাখিছে৷ বিবদমান সীমাত আগ্রাসনেৰে প্রতিবেশী ৰাষ্ট্রখনৰ সৈতে উত্তেজনা শাম নৌওকাটোতে এইবাৰ ভাৰতীয় সীমাৰ সমীপত চীনৰ গৱেষণা জাহাজৰ চালচলন পোহৰলৈ আহিছে৷

বিগত কেইবামাহ ধৰি বংগোপসাগৰত ভাৰতীয় জলসীমাৰ সমীপত সক্রিয় হৈ আছে চীনৰ গৱেষণা জাহাজখন৷ ফ্রান্স ছেটেলাইট ইণ্টেলিজেঞ্চ ফার্ম আনছিন লেবছৰ দ্বাৰা চীনৰ গৱেষণা জাহাজখন ধৰা পেলোৱাৰ পাছত উদ্বিগ্ণ হৈছে নতুন দিল্লী৷ ভাৰতীয় পূব উপকূলৰ পৰা ১২০ সাগৰীয় মাইলৰ সমীপতে চীনৰ জাহাজখন আছে৷ ই ই জেড (এক্সকুছিভ ইকন’মিক জ’ন)ৰ বাহিৰত আছে যদিও জাহাজখন অতি সহজতে নৌ বাহিনীৰ চালচলন আৰু ছাবমেৰিনৰ কার্যকলাপ নিৰীক্ষণ কৰিব পাৰে৷

লক্ষণীয় যে অ’টোমেটিক আইডেণ্টিফিকেচন ছিষ্টেম (এআইএছ) বন্ধ কৰি জাহাজখনে ভাৰতৰ নিৰীক্ষণৰ পৰা দূৰত আছে৷ তথ্য মতে, আনছিনলেবছে ১৬ দিন ধৰি কৃত্রিম উপগ্রহ আধাৰিত ৰেডিঅ’ ফ্রিকুৱেঞ্চী নির্গমন ব্যৱহাৰ কৰি ভাৰতীয় জলসীমাৰ সমীপত সক্রিয় হৈ থকা চীনৰ জাহাজখন ধৰা পেলাবলৈ সক্ষম হৈছে৷ এই ১৬ দিনৰ জৰীপত আনছিন লেবছে ১,৮৯৭খন জাহাজ নিৰীক্ষণ কৰিছে৷ ইয়াৰে ৯.৬ শতাংশ জাহাজ বিশেষকৈ চীনৰ জাহাজে এআইএছ বন্ধ কৰি অঞ্চলটোত সক্রিয় হৈ আছে৷ ৰেডিঅ’ ফ্রিকুৱেঞ্চী নির্গমনেৰে ধৰা পেলোৱা চীনৰ জাহাজখন এই নিৰীক্ষণৰ সময়ত সন্দেহজনক স্থিতিত ধৰা পৰিছে৷

You might also like