নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা বিষয়াক ছাৰ সম্বোধন কৰিব নোৱাৰিব

🔹 ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ চৰকাৰে প্রত্যাহাৰ কৰিলে শ্বেখ হাছিনাৰ নিয়ম 

নিউজ ডেস্ক, ১২ জুলাই : মহম্মদ ইউনুছ নেতৃত্বাধীন বাংলাদেশৰ অন্তর্ৱর্তী চৰকাৰে পূর্বৰ শাসক শ্বেখ হাছিনাৰ নিয়ম প্রত্যাহাৰ কৰি নতুন নিয়ম প্রৱর্তন কৰিছে৷ এতিয়াৰে পৰা বাংলাদেশৰ মহিলা বিষয়াক ছাৰ সম্বোধন কৰিব নোৱাৰিব৷ হাছিনাৰ শাসনকালত মহিলা বিষয়াসকলক ছাৰ হিচাপে সম্বোধন কৰা হৈছিল৷ সেই নিয়ম প্রত্যাহাৰ কৰি লিংগ সংবেদনশীলতা প্রট’কলৰ বাবেই মহিলা বিষয়াসকলক ছাৰ বুলি সম্বোধন কৰা নিয়ম সলনি কৰিলে চৰকাৰখনে৷

১৬ বছৰ ধৰি চলা এই নিয়মক লৈ বিতর্কৰ ওৰ পৰা নাছিল৷ মহম্মদ ইউনুছৰ প্রেছ সচিব ছফিকুল আলমে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ মহিলাক ছাৰ বুলি সম্বোধন কৰা নিয়ম প্রত্যাহাৰ কৰা বুলি কালি আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷ লক্ষণীয় যে প্রাক্তন প্রধানমন্ত্রী হাছিনাকো ছাৰ বুলি সম্বোধন কৰা হৈছিল৷ এই শব্দটো সামাজিক আৰু প্রতিষ্ঠানিক ক্ষেত্রত সঠিক নহয় বুলি ইউনুছ চৰকাৰে সিদ্ধান্ত গ্রহণ কৰি পূর্বৰ নিয়ম প্রত্যাহাৰ কৰে৷

স্মর্তব্য যে পূর্বৰ চৰকাৰৰ দিনত অনেক বিষয়া–আমোলা আৰু সাংবাদিকে মহিলা বিষয়াক ছাৰ বুলি সম্বোধন কৰাৰ ক্ষেত্রত অসহজবোধ কৰিছিল৷ আনকি কর্মক্ষেত্রত মহিলা বিষয়াক ছাৰ বুলি সম্বোধন কৰাৰ ক্ষেত্রত অসুবিধাৰো সৃষ্টি হৈছিল৷

You might also like