নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুমৰাহৰ অবাঞ্ছিত ৰেকৰ্ড, পিছ পেলালে শচীন-ৰোহিতক

🔹 কোহলিৰ নামত ৩৮, যশপ্ৰীতৰ নামত ৩৫

নিউজ ডেস্ক, ১৪ জুলাই : ক্ৰিকেট বিশ্বত বৰ্তমান এক পৰিচিত নাম যশপ্ৰীত বুমৰাহ। ক্ৰিকেট খেলা প্ৰতিখন দেশৰ বেটাৰৰ বাবে বুমৰাহ এক ভয়াৱহ সপোন। প্ৰায় দহ বছৰ ধৰি ভাৰতৰ হৈ বহু গুৰুত্বপূর্ণ খেলত বলিং কৰা যশপ্রীত বুমৰাহ এতিয়ালৈকে তিনিওটা ফৰ্মেটত ভাৰতৰ আটাইতকৈ সফল বলাৰ। বুমৰাহৰ য়র্কাৰ আৰু বাউন্সাৰে প্ৰতিপক্ষক সমস্যাত পেলোৱাই নহয়, বহু সময়ত ভাৰতীয় ক্ৰিকেট দলটোক জয়ৰ মুখ দেখাত সহায় কৰি আহিছে। তদুপৰি বুমৰাহৰ ছুইং বলে প্ৰতিপক্ষক ধৰাশায়ী কৰি আহিছে।

অৱশ্যে বেটিঙত তেওঁৰ পৰিসংখ্যা সন্তোষজনক নহয়। বৰ্তমান চলি থকা লর্ডছৰ তৃতীয় টেষ্টৰ প্ৰথম ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে শূন্য ৰানত আউট হোৱা বুমৰাহে ভাৰতৰ হৈ তিনিওটা ফৰ্মেটত মুঠ ৩৫বাৰ শূন্য ৰানত আউট হোৱাৰ দুখজনক ৰেকৰ্ড স্পৰ্শ কৰে। এই ৰেকৰ্ডত তেওঁ জাহিৰ খান (৪৩), ঈশান্ত শর্মা (৪০), বিৰাট কোহলি (৩৮) আৰু হৰভজন সিং (৩৭)ৰ পিছতেই আছে। অনিল কুম্বলেৰ সৈতে ৩৫টা ডাক (শূন্য ৰান) লৈ তেওঁ পঞ্চম স্থানত আছে।

বিফলতাৰ ৰেকৰ্ড হ’লেও ৰোমাঞ্চকৰ কথা যে তেওঁ এই ৰেকৰ্ডত ৰোহিত শর্মা আৰু কিংবদন্তি শচীন তেণ্ডুলকাৰক পিছ পেলালে, ৰোহিত আৰু শচীনৰ নামত আছে ৩৪টাকৈ ডাক (শূন্য ৰান)। বুমৰাহৰ মুঠ ৩৫টা ডাকৰ ভিতৰত ২৮টা টেষ্টত আহিছে আৰু এতিয়ালৈকে তেওঁ মুঠ ১০৬টা ইনিংছত বেটিং কৰিছে।

You might also like