বাংলাদেশত ভয়াৱহ বিমান দুৰ্ঘটনাত নিহত ১৯, আহত শতাধিক
🔹 ঢাকাত বিদ্যালয়ৰ ওপৰত ভাঙি পৰিল বায়ুসেনাৰ বিমান
নিউজ ডেস্ক, ২১ জুলাই : সোমবাৰে বিয়লি বাংলাদেশৰ ঢাকাৰ উত্তৰা অঞ্চলৰ এখন বিদ্যালয় চৌহদত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱা শোকাৱহ ঘটনাত কমেও ১৯জনৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০জনতকৈ অধিক আহত হয়। নিহতসকলৰ ভিতৰত জেট বিমানখনৰ পাইলট, দুজন শিক্ষক আৰু ১৬গৰাকী ছাত্ৰ-ছাত্ৰী আছে। আটাইতকৈ কম বয়সীয়া মৃত যুৱকজনৰ বয়স ১২ বছৰ।
ঢাকাত আজি সংঘটিত ভয়ানক বিমান দুৰ্ঘটনাটোৱে জোকাৰি গৈছে দেশখনক। বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থকা উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা অট্টালিকাৰ ওপৰত ভাঙি পৰে বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণত ব্যৱহাৰ কৰা এখন বিমান।
ঢাকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ গাতে লাগি থকা উত্তৰাৰ দিয়াবাৰীত বাংলাদেশ বায়ুসেনাৰ প্ৰশিক্ষণত ব্যৱহৃত এফ-৭ যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। আজি দিনৰ প্ৰায় ১:০৬ বজাত উত্তৰাস্থিত মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা অট্টালিকাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়, য’ত বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে বিমানখন জুয়ে আগুৰি ধৰে। ভিডিঅ’ ফুটেজত দেখা গৈছে যে দুৰ্ঘটনাস্থলীৰ পৰা জুই আৰু ধোঁৱা ওলাই আছে। এই ঘটনাত জুই নিয়ন্ত্ৰণৰ বাবে প্ৰায় ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন মোতায়েন কৰে।
ভয়াৱহ এই বিমান দুৰ্ঘটনাটো কেনেকৈ কি কাৰণত সংঘটিত হ’ল, বাতৰি লিখা পৰলৈ জানিব পৰা হোৱা নাই। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে কয় যে এই দুৰ্ঘটনাত বায়ুসেনা, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক-কৰ্মচাৰী আৰু আনসকলে যি ক্ষতিৰ সন্মুখীন হৈছে, সেয়া অপূৰণীয়।