নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্বহীন দেশৰ কার্যালয় স্থাপনেৰে হাৱালা নেটৱর্ক চলোৱা ব্যক্তিক গ্রেপ্তাৰ

🔹 উত্তৰ প্রদেশত ভুৱা ৰাষ্ট্রদূতৰ কার্যালয় উৎখাত

নিউজ ডেস্ক, ২৪ জুলাই : উত্তৰ প্রদেশৰ গাজিয়াবাদত অস্তিত্বহীন দেশৰ নামত ৰাষ্ট্রদূতৰ কার্যালয় স্থাপন কৰি হাৱালা নেটৱর্ক চলাই থকা চক্র এটাক উৎখাত কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৱেষ্ট আর্কটিক নামৰ অস্তিত্বহীন দেশৰ কার্যালয়টোত হর্ষবর্ধন জৈন নামৰ ব্যক্তি এজনে হাৱালাৰ নেটৱর্ক চলাই থকাৰ অভিযোগত উত্তৰ প্রদেশৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ চমুকৈ এছটিএফে গ্রেপ্তাৰ কৰিছে৷

এছটিএফে গাজিয়াবাদৰ কবি নগৰৰ কে বি ৪৫ ভাৰাঘৰত অভিযান চলাই হাৱালা নেটৱর্ক চলাই থকা জৈনক গ্রেপ্তাৰ কৰাৰ লগতে বহুতো আপত্তিজনক নথি-পত্র জব্দ কৰিছে৷ তদুপৰি জৈনে ৱেষ্ট আর্কটিক, চেব’ৰগা, পউলভিয়া আৰু লোডোনিয়া নামৰ দেশত কনছুল স্থাপন কৰা বুলিও তথ্য লাভ কৰে এছটিএফে৷ জৈনৰ হাতৰ পৰা চাৰিখন কূটনৈতিক নাম্বাৰপ্লেট থকা গাড়ী, ১২ ভুৱা কূটনৈতিক পাছপ’ৰ্ট, কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ জালিয়াতি নথি–পত্র, দুখন ভুৱা পান কার্ডকে ধৰি বিভিন্ন তথ্য উদ্ধাৰ কৰে৷ এছটিএফৰ অনুসন্ধানত জৈনে নিজকে দেশখনৰ প্রধানমন্ত্রী, ৰাষ্ট্রপতি হিচাপে চিনাকি দিয়া বহুতো তথ্যও এছটিএফে উদ্ধাৰ কৰিছে৷

মন কৰিবলগীয়া যে বিদেশী কোম্পানীৰ সৈতে ব্যৱসায় কৰাৰ লগতে বিভিন্ন ছেল কোম্পানীৰ বিনিয়োগকাৰী হিচাপেও জৈনে বিভিন্ন সময়ত পৰিচয় দি আহিছে৷

You might also like