নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানচেষ্টাৰ টেষ্টত পৰাজয় ৰোধৰ সংগ্রাম টীম ইণ্ডিয়াৰ

🔹 ভগা ভৰিৰে খেলপথাৰত নামিব ঋষভ পণ্ট

নিউজ ডেস্ক, ২৭ জুলাই : ইংলেণ্ডৰে পাঁচখন মেচৰ টেষ্ট শৃংখলাৰ মানচেষ্টাৰ টেষ্টত ইনিংছ ব্যৱধানত পৰাজয় ৰোধৰ সংগ্রামত নামি পৰিছে টীম ইণ্ডিয়া৷ শুভমন গিল বাহিনীয়ে ৩৫৮ ৰানত প্রথম ইনিংছ সামৰাৰ প্রত্যুত্তৰত জ’ ৰুট আৰু অধিনায়ক বেন ষ্ট’কছৰ দুর্দান্ত শতকৰ সহায়ত ইংলেণ্ডে ৬৬৯ ৰানত প্রথম ইনিংছ সামৰে আৰু ৩১১ ৰানৰ বৃহৎ অগ্রগতি লাভ কৰে৷

দ্বিতীয় ইনিংছ মুকলি কৰিবলৈ আহি বিপর্যয়ত পৰে ভাৰতীয় দলটো৷ দলীয় স্ক’ৰত কোনো ৰান সংযোগ নৌহওঁতেই অ’পেনাৰ যশস্বী জয়ছোৱাল আৰু সাই সুদর্শনক হেৰুৱাই শ’লঠেকত পৰে ভাৰতীয় দলটো৷ ইনিংছৰ ক্রিছ ৱ’কছৰ প্রথমটো অভাৰৰ চতুর্থ আৰু পঞ্চম বলটোত বিদায় লয় জয়ছোৱাল আৰু সুদর্শনে৷ অৱশ্যে জয়ছোৱাল আৰু সুদর্শন আউট হোৱাৰ পিছত আনগৰাকী অ’পেনাৰ লোকেশ ৰাহুল আৰু অধিনায়ক শুভমন গিলে ধীৰে–সুস্থিৰে খেলি দলৰ বিপর্যয় ৰোধ কৰে৷

চতুৰ্থ দিনাৰ খেলৰ অন্তত ভাৰতীয় দলটোৱে দ্বিতীয় ইনিংছত দুটা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্রহ কৰিছে৷ সেই সময়ত ৰাহুলে ৮৭ আৰু গিলে ৭৮ ৰান কৰি ক্রিজত আছে৷ ইয়াৰ পূর্বে তৃতীয় দিনা ৭ উইকেটত কৰা ৫৪৪ ৰানৰ পৰা ইনিংছ মুকলি কৰিবলৈ আহি ইংলেণ্ডে কালি ৬৬৯ ৰানত প্রথম ইনিংছ সামৰে৷ আগদিনা ৭৭ ৰানত অপৰাজিত হৈ থকা অধিনায়ক ষ্ট’কছে কালি কেৰিয়াৰত চতুর্দশটো শতক অর্জন কৰে৷ অধিনায়কগৰাকীয়ে ১৪১ ৰান কৰি বিদায় লয়৷ ইফালে, আগদিনা ২১ ৰানত বেটিং কৰি থকা ডছনে কালি ২৬ ৰান কৰি বিদায় লয়৷ ব্রাইডন কার্ছে ৪৭ ৰানৰ দর্শনীয় ইনিংছ খেলি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়৷ ভাৰতীয় দলটোৰ হৈ ৰবীন্দ্র জাদেজাই সর্বাধিক ৪টা উইকেট লাভ কৰে৷ খেলখনত ভাৰতীয় দলটোৰ সন্মান ৰক্ষাৰ অৰ্থে আজি ভগা ভৰিৰেই খেলপথৰাত বেটিং কৰিবলৈ ঋষভ পণ্ট সাজু বুলি সূত্ৰত প্ৰকাশ। উল্লেখ্য যে ঋষভ পণ্টে চতুৰ্থ টেষ্ট প্ৰথম ইনিংছত বেটিঙৰ সময়ত ভৰিত গুৰুতৰ আঘাত পাইছিল। পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোত ইতিমধ্যে ইংলেণ্ড ২-১ ব্যৱধানত আগবাঢ়ি আছে। সেয়ে শৃংখলাটোত পৰাজয় ৰোধৰ অৰ্থে আজি চতুৰ্থ টেষ্টৰ অন্তিম দিনা ভাৰতীয় দলটোৰ বেটাৰে অসম্ভৱক সম্ভৱ কৰি তোলাৰ লক্ষ্যৰে খেলপথাৰত নামিব।

You might also like