RR ত্যাগ কৰিব ছেমছনে! নিলামৰ পূর্বে মুকলিৰ আবেদন
অধিনায়ক সঞ্জু ছেমছনে আগন্তুক আইপিএলৰ পূর্বে ৰাজস্থান ৰয়েলছ এৰিব বিচাৰিছে৷ ৰাষ্ট্রীয় দলৰ উইকেটকীপাৰ–বেটাৰজনে এই সন্দর্ভত দল কর্তৃপক্ষৰ ওচৰতো আবেদন জনাইছে৷ অৱশ্যে তেওঁৰ আন এটা দলত যোগদান সম্পূর্ণৰূপে ৰাজস্থান কর্তৃপক্ষৰ ওপৰত নির্ভৰশীল৷
সঞ্জু ছেমছনক ক্রয় কৰাৰ বাবে জঁপিয়াই পৰিছে কলকাতা নাইট ৰাইডার্ছ আৰু চেন্নাই ছুপাৰ কিংছ৷ আইপিএলৰ নিলামৰ পূর্বে তেওঁক বিক্রী কৰিবলৈ বা মুকলি কৰি দিবলৈ ফ্রেঞ্চাইজীটোক আবেদনো কৰিছে সঞ্জুৱে৷
অধিনায়কগৰাকীৰ এনে অনুৰোধৰ বাবে ৰাজস্থান কর্তৃপক্ষ কিছু অসুবিধাৰ সন্মুখীন হৈছে৷ ২০১৩ চনৰ পৰা ৰাজস্থানৰ হৈ আইপিএল খেলি অহা সঞ্জুৱে ২০১৬ আৰু ২০১৭ চনত দিল্লী ডেয়াৰডেভিলছৰ হৈ খেলিছিল যদিও ২০১৮ চনত পুনৰ ৰাজস্থানলৈ উভতি আহে৷ ২০২১ চনৰ পৰা অধিনায়ক হিচাপে কাম কৰি অহা সঞ্জুৱে বিগত বর্ষৰ আইপিএলৰ সময়ত তেওঁৰ আৰু ৰাজস্থান কর্তৃপক্ষৰ মাজত দূৰত্ব বাঢ়িছিল৷
সূত্র অনুসৰি সেই দূৰত্ব আৰু অধিক দূৰত্ব পাইছে৷ ইপিনে, চলিত বর্ষৰ আইপিএলৰ সময়ত প্রশিক্ষক ৰাহুল দ্রাবিড়ৰ সৈতে তেওঁৰ মতানৈক্য হোৱা বুলিও শুনা গৈছিল৷ সেইবাবে সঞ্জুৱে আৰু ৰাজস্থানৰ হৈ আইপিএল খেলিব নিবিচাৰে৷
এক সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি সঞ্জুৱে যোৱা আইপিএলৰ পিছত দল এৰি যোৱাৰ ইচ্ছাৰ বিষয়ে কর্তৃপক্ষক অৱগত কৰিছিল৷ সঞ্জুৱে দল ত্যাগ কৰিব বিচৰা বিষয়টো বিগত জুন মাহৰ ৰাজস্থানৰ পর্যালোচনা বৈঠকত আলোচনা হৈছিল৷ এই সন্দর্ভত সিদ্ধান্ত লোৱা হৈছিল যে প্রশিক্ষক দ্রাবিড় আৰু দলৰ পৰিচালক কুমাৰ ছাংগাকাৰাই এই সন্দর্ভত সিদ্ধান্ত ল’ব৷ আইপিএলৰ নিয়ম অনুসৰি প্রতিটো চক্রৰ আৰম্ভণিতে (সম্পূর্ণ নিলামৰ বছৰ) দলসমূহে ক্রিকেটাৰৰ সৈতে তিনি বছৰৰ চুক্তি স্বাক্ষৰ কৰে৷ ফলত ক্রিকেটাৰসকলে একপক্ষীয়ভাৱে দল এৰিব নোৱাৰে৷
যোৱা সম্পূর্ণ নিলামৰ পূর্বে ৰাজস্থান কর্তৃপক্ষই সর্বাধিক ১৮ কোটি টকাত সঞ্জুক ধৰি ৰাখিছিল৷ এই পৰিমাণৰ বিনিময়ত তেওঁ ২০২৭ চনলৈ ৰাজস্থানৰ হৈ খেলাৰ কথা৷ কিন্তু দল কর্তৃপক্ষই ইচ্ছা কৰিলে পৰৱর্তী নিলামৰ পূর্বে যিকোনো ক্রিকেটাৰক মুকলি কৰি দিব পাৰে আন এটা দলক বিক্রী কৰিব পাৰে৷ সঞ্জুৰ সন্দর্ভত এতিয়াও ৰাজস্থান কর্তৃপক্ষই কোনো সিদ্ধান্ত লোৱা নাই৷
Niyomiya Barta Desk, 9 August, 2025