এদিনীয়াৰ পৰাও অৱসৰ ল’ব বিৰাট–ৰোহিতে
🔹 ব’ৰ্ডৰ চাপ বৃদ্ধি পাইছে দুই ভাৰতীয় তাৰকা ক্রিকেটাৰৰ ওপৰত
নিউজ ডেস্ক, ১১ আগষ্ট : বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ লক্ষ্য ২০২৭ বর্ষৰ এদিনীয়া বিশ্বকাপ৷ সেই প্রতিযোগিতাখনত খেলাৰ বাবেই যোৱা বছৰ আন্তর্জাতিক টি–২০ ক্রিকেটৰ পৰা তেওঁলোকে অৱসৰ গ্রহণ কৰিছিল৷ আনহাতে, চলিত বর্ষত টেষ্টৰ পৰাও দুই তাৰকা ক্রিকেটাৰে অৱসৰ লৈছিল৷ কিন্তু ইয়াৰ পিছতো ৰোহিত–বিৰাটে আগন্তুক এদিনীয়া বিশ্বকাপত খেলাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ বর্তমানৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখিলে তেওঁলোকে দুমাহ পিছত এদিনীয়া ক্রিকেটৰ পৰাও অৱসৰ ল’ব পাৰে৷ ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ চাপৰ বাবে তাৰকাদ্বয়ে ক্রিকেটৰ পৰা সন্ন্যাস ল’বলৈ হয়তো বাধ্য হ’ব৷
ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ এক প্রতিবেদন অনুসৰি বিৰাট আৰু ৰোহিতক যে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ দলত ৰখা হ’বই, তেনে প্রতিশ্রুতি দিব পৰা নাই ব’র্ডে৷ কাৰণ সেই বিশ্বকাপৰ পূর্বে ভাৰতৰ এদিনীয়া শৃংখলা বেছি নাই৷ সেইবাবেই এই দুগৰাকী ক্রিকেটাৰক দলত ৰখাৰ ক্ষেত্রত সংশয়ৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে প্রতিবেদনত প্রকাশ পোৱা অনুসৰি ৰোহিত আৰু কোহলিয়ে ইংলেণ্ড ভ্রমণলৈ যাব বিচাৰিছিল৷ কিন্তু তেওঁলোকক দলত স্থান দিয়া নহ’ব বুলি জনাই দিয়াৰ পিছতেই দুয়ো টেষ্টৰ পৰা অৱসৰ গ্রহণ কৰে৷ জানিব পৰা মতে, ব’র্ডে কোহলি আৰু ৰোহিতক ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিজয় হাজাৰে ট্রফী খেলাৰ নির্দেশ দিব৷