নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতৰ উন্নতি মানি ল’ব পৰা নাই আমেৰিকাই

🔹 মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ক্ষুৰধাৰ সমালোচনা প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক, ১১ আগষ্ট : আমেৰিকাই আৰোপ কৰা শুল্ক বোমাৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ এইক্ষেত্রত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক ‘সবকে বছ’ বুলি কটাক্ষ কৰি ৰাজনাথ সিঙে ভাৰতৰ উন্নতি আমেৰিকাই মানি ল’ব পৰা নাই বুলি কয়৷ তেওঁ দৃঢ়তাৰে কয়- ভাৰতক মহাশক্তি হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে৷ ভাৰত ইমান দ্রুতগতিত কেনেকৈ আগবাঢ়িছে সেয়া তেওঁলোকে অনুধাৱন কৰিব পৰা নাই৷ দেশখনৰ অগ্রগতি মানিবলৈও কুণ্ঠাবোধ কৰিছে নিজকে মহাশক্তিধৰ বুলি জ্ঞান কৰা আমেৰিকাই৷ আনকি ভাৰতত উৎপাদিত সামগ্রী ব্যয়বহুল কৰাৰ প্রচেষ্টাও এইসকল লোকে কৰি আহিছে৷ ৰাছিয়াৰ পৰা তেল ক্রয়ৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাটো অন্যায় আৰু অযুক্তিকৰ বুলি কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে৷

কালি মধ্যপ্রদেশৰ উমৰিয়াত অনুষ্ঠিত ভাৰত আর্থ মুভার্ছ লিমিটেড (বিইএমএল)ৰ ব্রহ্মা ৰে’ল নির্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন কৰি আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজনাথ সিং৷ পেহেলগাম আক্রমণ সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে ভাৰতে বিশ্বৰ কল্যাণ বিচাৰিলেও কাৰো উচটনি সহ্য নকৰে৷ যিসকলে আমাক জোকাইছে তেওঁলোকক ৰেহাই দিয়া নহ’ব৷ অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতীয় সেনাই থলুৱা সঁজুলি ব্যৱহাৰ কৰি সফলতা অর্জন কৰা বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে ইয়াৰ মূলতে প্রতিৰক্ষা খণ্ডত আত্মনির্ভৰশীল হোৱাৰ দিশটো উনুকিয়ায়৷ ২০২৪ চনত ভাৰতৰ প্রতিৰক্ষা সামগ্রী ৰপ্তানি ৬০০ কোটি টকাৰ পৰিৱর্তে বর্তমান ২৪ হাজাৰ কোটি টকা হোৱা বুলিও মন্ত্রীগৰাকীয়ে কয়৷

You might also like