নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইলিঙৰ প্রত্যুত্তৰ দিব ভাৰতে

ভাৰতভূমিক অশান্ত কৰাৰ নিৰন্তৰ চেষ্টাত ব্রতী হৈ অহা সন্ত্রাসবাদৰ মদদপুষ্ট চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক কঠোৰ সকীয়নি প্রদান কৰিছে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ে৷ শুল্ক বোমাৰ মাজতে দেশখনৰ সেনাপ্রধান ফিল্ড মার্শ্বেল আছিম মুনীৰে আমেৰিকাৰ ভূমিত বহি পাৰমাণৱিক আক্রমণৰ হুংকাৰ দিয়াৰ পাছতে ভাৰত চৰকাৰ অধিক সক্রিয় হৈ পৰিছে৷

ভাৰত চৰকাৰৰ হৈ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ ইছলামাবাদৰ প্রতি কঠোৰ সকীয়নি– পাকিস্তানৰ পাৰমাণৱিক ব্লেকমেইলিঙত শিৰনত নকৰে ভাৰতে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে পাক সেনাপ্রধান মুনীৰৰ ভাবুকিৰ প্রসংগত প্রতিক্রিয়া ব্যক্ত কৰি আনুষ্ঠানিকভাৱে এক বিবৃতিযোগে কয়– আমেৰিকাৰ পৰা পাকিস্তানৰ সেনাপ্রধান মুনীৰে কৰা কেতবোৰ মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে৷ পৰমাণু অস্ত্রক লৈ হট্টগোল কৰাটো পাকিস্তানৰ প্রধান চালিকা শক্তি৷ দেশখনৰ সেনাপ্রধানজনৰ মন্তব্যত যি দায়িত্বজ্ঞানহীনতা প্রকাশ পাইছে, সেই ক্ষেত্রত আন্তর্জাতিক সমুদায়ে সিদ্ধান্ত গ্রহণ কৰিব পাৰে৷ এনেকুৱা এখন দেশৰ হাতত পাৰমাণৱিক অস্ত্র থকাৰ বিষয়টোত যি ধৰণৰ সন্দেহৰ উদ্ভৱ হৈছিল, সেয়া অধিক প্রকট হৈ পৰিছে৷

পাকিস্তানত সামৰিক বাহিনী সন্ত্রাসবাদী সংগঠনসমূহৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ মুখপাত্র জয়ছোৱালে বিবৃতিটোৰ জৰিয়তে অকল চিৰবৈৰী ৰাষ্ট্রখনকে সকীয়নি প্রদান কৰা নাই৷ বৰং ভাৰতৰ পৰা ৰপ্তানিকৃত সামগ্রীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰা আমেৰিকাৰ প্রতিও স্পষ্ট বার্তা প্রদান কৰিছে৷

বিবৃতিটোত কোৱা হয় যে এইধৰণৰ মন্তব্য ‘বন্ধুত্বপূর্ণ’ তৃতীয় দেশৰ মাটিত থাকি কৰা হৈছে৷ যিটো অতি দুর্ভাগ্যজনক৷ ভাৰতে পাৰমাণৱিক আক্রমণৰ হুংকাৰক ভয় নকৰাটো ইতিমধ্যে স্পষ্ট কৰি দিছে৷ ৰাষ্ট্রীয় নিৰাপত্তা সুনিশ্চিত কৰাৰ হকে আমি প্রয়োজনীয় সকলোধৰণৰ পদক্ষেপ গ্রহণ কৰিম৷ পাকিস্তানত পাৰমাণৱিক অস্ত্রৰ নিয়ন্ত্রণ বিষয়টোৱে বিশ্বব্যাপী অধিক উদ্বিগ্ণতাৰ সৃষ্টি কৰিছে বুলিও কোৱা হৈছে কেন্দ্রীয় বৈদেশিক মন্ত্রালয়ৰ তৰফৰ পৰা৷

ইফালে, ভাৰতীয় সেনাৰ মুৰব্বী উপেন্দ্র দ্বিবেদীও সমগ্র বিষয়টোক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে৷ তেওঁ কয় যে ভাৰতৰ অপাৰেচন সিন্দূৰে মোক্ষম আঘাত হানিছে পাকিস্তানৰ হূদয়ত৷ সন্ত্রাসবাদীৰ ঘাটি আৰু প্রশিক্ষণ শিবিৰসমূহক নিশ্চিহ্ণ কৰি দিয়াৰ লগতে কমেও ১০০জন সন্ত্রাসবাদী নিহত হৈছে ভাৰতীয় সেনা বাহিনীৰ প্রত্যাঘাতত৷ দেশৰ প্রতিৰক্ষা নিশ্চিত কৰিবলৈ ভাৰত সদাপ্রস্তুত৷ পাক সেনাৰ মুৰব্বী মুনীৰক তেওঁ তীক্ষ্ণ কটাক্ষ কৰে৷ তেওঁৰ মতে পাকিস্তানে পদোন্নতি প্রদান আৰু বিজয় দাবী কৰিবহে পাৰে৷

উল্লেখ্য যে পেহেলগামৰ নৰসংহাৰ তথা ইয়াৰ প্রত্যাঘাতৰূপে ভাৰতীয় সেনা বাহিনীয়ে চলোৱা অপাৰেচন সিন্দূৰৰ পিছত ভাৰত–পাকিস্তানৰ মাজত অব্যাহত থকা সংঘাতৰ মাজতে দুমাহত দ্বিতীয়বাৰৰ বাবে আমেৰিকা ভ্রমণ কৰিছে চিৰবৈৰী ৰাষ্ট্রখনৰ সেনাপ্রধান মুনীৰে৷ ফ্ল’ৰিডাৰ টাম্পাত উদ্যোগপতি আদনান আছাদে কালি আয়োজন কৰা এক নৈশভোজত অংশগ্রহণ কৰি পাকিস্তানৰ সেনাপ্রধান মুনীৰে ভাৰতৰ ওপৰত পাৰমাণৱিক ক্ষেপণাস্ত্র নিক্ষেপৰ হুংকাৰ দিছিল৷

পাকিস্তান পাৰমাণৱিক শক্তিধৰ দেশ বুলি দাবী কৰি পাক সেনাপ্রধানজনে স্পষ্টভাৱে কৈছিল যে যদি আমি ধ্বংসৰ পথলৈ আগবাঢ়ি যোৱাটো আমাৰ বোধগম্য হয়, তেন্তে বিশ্বৰ অর্ধাংশসহ আমিও ধ্বংস হ’ম৷ ইমানতে ক্ষান্ত নাথাকি সিন্ধু জলচুক্তিক লৈও ভাৰতক স্পষ্টভাৱে আক্রমণৰ লক্ষ্য কৰি লৈছিল পাক সেনাপ্রধান মুনীৰে৷ নতুন দিল্লীক একপ্রকাৰ ৰঙাচকু দেখুৱাই তেওঁ কৈছিল– ভাৰতে বান্ধ নির্মাণ কৰক৷ সেই সময়লৈ আমি অপেক্ষা কৰিম৷ যেতিয়াই বান্ধ নির্মাণ হৈ উঠিব ১০টা মিছাইল নিক্ষেপ কৰি সেয়া ধ্বংস কৰি দিয়া হ’ব৷ পর্যবেক্ষকসকলৰ মতে আমেৰিকাৰ মাটিত থিয় হৈ তৃতীয় কোনো এখন দেশক এইদৰে পাৰমাণৱিক আক্রমণৰ হুংকাৰ দিয়াৰ নজিৰ বিৰল৷ পাক সেনাপ্রধান মুনীৰৰ এনে ভাবুকিৰ পাছতে দুয়োখন ৰাষ্ট্রৰ সম্পর্কত ফাট মেলাটো স্পষ্ট হৈ পৰিছে৷

Niyomiya Barta Desk, 12 August, 2025

You might also like