নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : স্বাধীনতাৰ উৎসৱ

এদিন পিছতেই দেশব্যাপী স্বাধীনতাৰ উৎসৱ উদ্যাপিত হ’ব৷ অসমত আলফাৰ আধিপত্য চলি থকা সেই সময়ছোৱাত আলফাৰ নির্দেশ আৰু ভয়ত স্বাধীনতা উৎসৱ উদ্যাপন বন্ধ হৈ আছিল৷ কিন্তু আলফাৰ ভীতি প্রদর্শনকো ভয় নকৰি এচাম লোকে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দেশমাতৃৰ প্রতি থকা ভালপোৱা আৰু দায়িত্বৰ প্রদর্শন কৰি আহিছিল৷

সেই মানুহৰ সংখ্যা কম আছিল, কিন্তু তেওঁলোকে সমাজত এটা আদর্শ স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ লাহে লাহে আলফাৰ আধিপত্য কমি অহাৰ লগে লগে মানুহে মুকলিমূৰীয়াভাৱে এই দিৱস উদ্যাপন কৰিবলৈ আৰম্ভ কৰিলে৷ স্বাধীনতা কেৱল এটি ৰাজনৈতিক স্থিতি নহয়, হ এক সভ্যতাক প্রতিনিধিত্ব কৰিব পৰা অভিব্যক্তি৷ দুশ বছৰৰ ঔপনিৱেশিক শাসনে আমাৰ অর্থনীতি শুহি নিছিল, সামাজিক কাঠামো আৰু মূল্যবোধক সলনি কৰি দিছিল আৰু জাতিটোৰ সাংস্কৃতিক আত্মবিশ্বাসত আঘাত হানিছিল৷ পলাশীৰ যুদ্ধৰ পৰাই স্বাধীনতাৰ যি যাত্রা আৰম্ভ হৈছিল, সেই যাত্রাৰ সামৰণি পৰিছিল সাতচল্লিছত৷ এই যাত্রা কিন্তু সহজ নাছিল৷

অর্থনৈতিক দিশত ভাৰতৰ গতি নিম্নমুখী হৈছিল, ব্রিটিছৰ নৃশংস অত্যাচাৰত অসংখ্য জীৱন শেষ হৈ গৈছিল, অসংখ্যজন শাৰীৰিকভাৱে ঘূণীয়া হৈ পৰিছিল৷ বেংগলত হোৱা দুর্ভিক্ষত প্রশাসনৰ অৱহেলা আৰু ভুল পৰিচালনা ৰীতিৰ বাবে লাখ লাখজনে প্রাণ হেৰুৱাইছিল৷ স্বাধীনতা বিচৰা পথত অহিংসা আৰু সশস্ত্র সংগ্রাম দুয়োবিধে সমানেই অংশগ্রহণ কৰিছিল৷ মহাত্মা গান্ধীৰ সত্যাগ্রহ, নেতাজী সুভাষচন্দ্র বসুৰ আজাদ হিন্দ ফৌজ– এই দুয়োটা বিপৰীতমুখী পন্থাৰ উদ্দেশ্য আৰু লক্ষ্য আছিল একেটাই– ভাৰতৰ স্বাধীনতা৷ এই স্বাধীনতাই লৈ আহিছিল দেশ বিভাজনৰ বেদনা৷ প্রায় ১.৫ কোটি লোক নিজৰ দেশৰ পৰা গৈ অইনত শৰণার্থী হ’ল৷ ২০ লক্ষৰো অধিক লোকে হিংসাত প্রাণ হেৰুৱালে৷ একেখন ঘৰৰ পৰা গৈ কাষতে নতুনকৈ ঘৰ বন্ধাজন অনাত্মীয়ত পৰিণত হ’ল৷ অকল অনাত্মীয়ই নহয় সকলো সময়তে যিকোনো উপায়ে আক্রমণ কৰিব বিচৰা শত্রু হৈ পৰিল৷

স্বাধীনতা অর্জনৰ সময়ত ভাৰত আছিল এখন দুর্বল দেশ৷ আজি স্বাধীনতাৰ সাত দশক পিছত ভাৰতে আহিবহু ক্ষেত্রত বিশ্বৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ৯০ কোটিৰো অধিক ভোটাৰেৰে ভাৰত বিশ্বৰ সর্ববৃহৎ গণতন্ত্র৷ ভাৰতৰ শিক্ষাৰ ক্ষেত্রত সাক্ষৰতাৰ হাৰ ১৮.৩ শতাংশৰ পৰা ৭৭.৭ শতাংশলৈ আগবাঢ়ি গৈছে৷ ভাৰত আজি বিশ্বৰ পঞ্চম বৃহত্তম অর্থনীতি৷ বিজ্ঞানৰ দিশত ভাৰতৰ অগ্রগতি চমকপ্রদ, হছৰ’ৰ চন্দ্রযান, চন্দ্রৰ দক্ষিণ মেৰুত অৱতৰণ আদি হ’ল তাৰ প্রধান উদাহৰণ৷

সেউজ বিপ্লৱৰ যোগেৰে লাভ কৰা খাদ্য আত্মনির্ভৰতা, অলিম্পিকত পদক লাভ, বিশ্বকাপত জয় আদিৰ দৰে বিশ্বমানৰ সফলতাই পৃথিৱীত ভাৰতৰ ছবিখন উজ্জ্বল আৰু ঈর্ষণীয় কৰি তুলিছে৷ এহ ছবিখনৰ ৰং উজলাই ৰখাটো সমগ্র ভাৰতবাসীৰ দায়িত্ব৷ স্বাধীনতা দিৱসত পতাকা ডত্তোলনৰ আনন্দৰ লগে লগে মনত ৰাখিব লাগিব এহ পতাকা উত্তোলন অকল এদিনৰ ডল্লাস নহয়, হ এটা প্রজন্মৰ ত্যাগৰ প্রতীক৷ স্বাধীনতাৰ ৭৮ বছৰ পূর্ণ হোৱাৰ এহ ক্ষণত আমি অতীতক লৈ গর্বিত, বর্তমানৰ প্রতি সজাগ আৰু ভৱিষ্যতৰ বাবে প্রতিজ্ঞাবদ্ধ হ’ব লাগিব৷ গাতে লাগি থকা দেশৰ পৰা আহি থকা অবিৰত হিংসা আৰু সন্ত্রাসৰ ভাবুকিৰ কথা মনত ৰাখি ভাৰতৰ স্বাধীনতাক চিৰস্থায়ী আৰু সুৰক্ষিত কৰি ৰাখিবলৈ প্রতিগৰাকী নাগৰিকে দায়িত্ব পালন কৰিব লাগিব আৰু নতুন প্রজন্মক হয়াৰ মূল্য বুজাব লাগিব৷

You might also like