নিউজ ডেস্ক, ২২ আগষ্ট : সংসদৰ নিৰাপত্তাৰ ক্ষেত্ৰত সুৰুঙা! এইবাৰ এজন অচিনাক্ত যুৱকে দেৱালত উঠি প্ৰৱেশ কৰে সংসদত। অৱশ্যে সংসদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক নিৰাপত্তাৰক্ষীয়ে আটক কৰি সোধা-পোছা কৰে।
শুকুৰবাৰে পুৱা হঠাতে অচিনাক্ত ব্যক্তিজনে সংসদত প্ৰৱেশ কৰে। জানিব পৰা মতে, যুৱকজনে সংসদ ভৱনৰ কাষৰ গছত উঠি তাৰ পৰাই দেৱালৰ ওপৰেৰে উঠি প্ৰৱেশ কৰিবলৈ লৈছিল। তেওঁ ৰে’ল ভৱনৰ দিশৰ পৰা সংসদত প্ৰৱেশ কৰে। অৱশ্যে সংসদত প্ৰৱেশ কৰাৰ লগে লগে তেওঁক নিৰাপত্তাৰক্ষীয়ে আটক কৰে। কি উদ্দেশ্যত যুৱকজনে সংসদত প্ৰৱেশ কৰিছিল, সেয়া স্পষ্ট হোৱা নাই। বৰ্তমান অচিনাক্ত যুৱকজনক জেৰা অব্যাহত আছে।
উল্লেখ্য যে সংসদ ভৱনত নিৰাপত্তাৰ অভাৱক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈ আহিছে। যোৱা বছৰো অধিৱেশনৰ সময়ত সংসদত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। সেইদিনা অধিৱেশনৰ সময়ত সংসদত প্ৰৱেশ কৰিছিল দুজন অচিনাক্ত যুৱকে। অৱশ্যে ইয়াৰ পিছত সংসদৰ নিৰাপত্তা ব্যৱস্থাত আমূল পৰিৱৰ্তন ঘটে।