পুটিনৰ পাছতে দিল্লী ভ্রমণৰ কথা ঘোষণা জেলেনস্কীৰ
🔹 ভাৰতৰ মধ্যস্থতাত অন্ত পৰিব নেকি ৰাছিয়া ইউক্রেইনৰ সংঘাত
নিউজ ডেস্ক, ২৫ আগষ্ট : বিগত তিনি বছৰ ধৰি চলি থকা ৰাছিয়া–ইউক্রেইনৰ সংঘাত ৰোধৰ বাবে ট্রাম্পৰ প্রচেষ্টা বাৰে বাৰে বিফল হৈছে৷ এনে পৰিস্থিতিত ভাৰতৰ মধ্যস্থাতাত দীর্ঘদিনীয়া সংঘাতৰ অৱসান ঘটিব নেকি বুলিও চর্চিত হৈছে৷
জানিব পৰা মতে, আমেৰিকাৰে শুল্ক সংঘাতৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে ভাৰতলৈ অহাৰ যো–জা চলাইছে৷ ৰাছিয়াৰ পৰা ভাৰতে তেল ক্রয় কৰাৰ বাবেই মার্কিন প্রশাসনে ভাৰতৰ ওপৰত অত্যধিক শুল্ক আৰোপ কৰিছিল৷
ইফালে, পুটিনৰ পিছতে ভাৰতলৈ অহাৰ মন মেলিছে ইউক্রেইনৰ ৰাষ্ট্রপতি জেলেনস্কীয়ে৷ এই সন্দর্ভত কোনো স্পষ্ট দিন ঘোষণা কৰা নাই যদিও ইউক্রেইনৰ ৰাষ্ট্রদূতে দুয়োখন দেশৰ সংঘাত ৰুধিবলৈ ভাৰতৰ মধ্যস্থতাক অগ্রণী স্থান দিছে৷