সম্পাদকীয় : পঠন অভ্যাসৰ পুনৰ জীৱন
অসম চৰকাৰে এই বছৰটো গ্রন্থবর্ষ হিচাপে ঘোষণা কৰিছে আৰু এই বর্ষ উদযাপনৰ আদর্শ হিচাপে গ্রন্থ ক্রয় আৰু পঠন অভ্যাস বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছে৷ চৰকাৰী চাকৰিয়ালসকলক কিতাপ কিনাৰ কাৰণে টকা দিব, যুৱ লেখকক উৎসাহমূলক হিচাপে নগদ ধন দিব আৰু লেখা বা অনুবাদ কৰা কিতাপৰ কাৰণেও বুজন পৰিমাণৰ ধন দিব৷ কিতাপৰ লগত জডিতসকলৰ বাবে এই খবৰবোৰ সঁচা অর্থতেই উৎসাহজনক খবৰ৷
কিন্তু অকল লেখকসকল উৎসাহিত হ’লেই নহ’ব, পাঠকসকলকো উৎসাহিত কৰাৰ কথা ভাবিব লাগিব৷ চৰকাৰী চাকৰিয়াল মানেই যে নিষ্ঠাৱান পাঠক হ’ব তেনেকুৱা কথা নাই৷ তেওঁলোক নিঃসন্দেহে ক্রেতা হ’ব৷ কিন্তু অকল ক্রেতাৰে কিতাপৰ জগতখনৰ মান উন্নীত কৰাৰ কথা ভবাটো টান৷ কিতাপ আৰু সাহিত্য দুয়োটাৰে বাবে পাঠকৰ প্রয়োজন হ’ব৷ কিন্তু আজিৰ এই দ্রুতবেগী বিনোদন আৰু কমি অহা মনযোগৰ যুগত কিতাপ পঢ়াৰ অভ্যাস দিনক দিনে হ্রাস পাইছে৷
উপন্যাসত নিমগ্ন হোৱাৰ আনন্দ, সাহিত্য কল্পনাৰ মাজেৰে নতুন চিন্তা বিচাৰি উলিওৱাৰ উৎকণ্ঠা অথবা এটা কিতাপৰ নীৰৱ সংগ– এই আটাইবোৰে বর্তমান সৰু ভিডিঅ’ আৰু সামাজিক মাধ্যমৰ ফিডে স্থান দখল কৰিছে৷ প্রযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰবোৰে কিয় আৰু কেনেকৈ মানুহৰ প্রাচীন পঠন অভিজ্ঞতাক ঠেলি পঠিয়ালে সেয়া এক বিশেষ আলোচনাৰ বিষয়৷
কিন্তু এতিয়া সৃষ্টি হোৱা এই অৱস্থাত পঢ়াৰ সংস্কৃতিক পুনৰ জীৱন দান কৰাটো কোনো সংস্থাই একক প্রচেষ্টাত কৰিব পৰা কাম নহয়৷ ইয়াৰ বাবে চৰকাৰ, ৰাজহুৱা গ্রন্থাগাৰ, শিক্ষানুষ্ঠান, নাগৰিক সমাজ, পৰিয়াল আৰু সংবাদ মাধ্যমসমূহে একেলগে ল’বলগীয়া দায়িত্ববোধৰ প্রয়োজন৷ অসম চৰকাৰে ইতিমধ্যে এই দিশত কাম কৰিবলৈ আৰম্ভ কৰিছে৷
কিন্তু এই প্রচেষ্টা সফল হ’ব অংশগ্রহণকাৰীসকল্ আন্তৰিকতাৰ ওপৰতহে৷ এটা কথা ঠিক যে চৰকাৰৰ হাতত যিমান সুবিধা আছে বুদ্ধিদীপ্তভাৱে সেইবোৰৰ ব্যৱহাৰেৰে গ্রন্থবর্ষত কিতাপ পঢ়াক লৈ এটা অভিযান আৰম্ভ কৰিব পাৰে আৰু তাক সফলো কৰিব পাৰে৷ ‘স্বচ্ছ ভাৰত’ অভিযান যিদৰে সফল কৰা হৈছিল, তেনেদৰে এটা ৰাজ্যভিত্তিক পঠন অভিযানেও কিতাপক জীৱনৰ আৱশ্যকীয় অংশ হিচাপে প্রতিষ্ঠা কৰিব পাৰে৷
পঠন অভ্যাসৰ লগত পুথিভঁৰালৰ সংযোগ নিবিড়৷ অসমৰ বহু ঠাইৰ চৰকাৰী আৰু ৰাজহুৱা পুথিভঁৰালবোৰ নিস্তেজ হৈ পৰিছে৷ এইবোৰক পুনৰ জীৱন দান দিব লাগিব৷ চৰকাৰৰ বাবে এই কাম অতি সাধাৰণ৷ শেহতীয়া কিতাপ, বাতৰি কাকত, আলোচনী, আধুনিক সঁজুলি, পঢ়াৰ বাবে সুবিধাজনক আসন, ডিজিটেল সম্পদ আৰু ই–বুক আদিৰ ব্যৱস্থাৰে পুথিভঁৰালবোৰক সজাই তুলিব লাগিব৷
পুথিভঁৰাল কেৱল কিতাপৰ ভঁৰাল নহয়, ই এক সাংস্কৃতিক পৰিৱেশ৷ শিক্ষানুষ্ঠানসমূহেও ছাত্র–ছাত্রীৰ মাজত পঢ়াৰ অভ্যাস সৃষ্টিত সর্বাধিক প্রভাৱ পেলাব পাৰে৷ পঠন অভ্যাস কেৱল পাঠ্যপুথি সীমিত নকৰি তাৰ পৰিষৰ বঢ়াই দিব লাগিব৷ এইক্ষেত্রত শিক্ষকৰ কৰণীয় বহু থাকে৷ বিদ্যালয়বোৰৰ উন্নতিৰ বাবে চৰকাৰে খৰচ কৰা ধনৰ সৈতে পুথিভঁৰাল উন্নয়নৰ ধনৰো ব্যৱস্থা কৰিব লাগে৷ পঠন অভ্যাস কমি যোৱা কথাটিৰ আন এটি দিশো আছে৷ এই দিশটি হ’ল পুৰণি ধৰণৰ কিতাপ পঢ়া অভ্যাস হ্রাস পাহছে৷
ইয়াৰ অর্থ হ’ল– আগৰ দৰে মুদ্রিত কিতাপ লৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ডপন্যাস, গদ্য, কবিতা আদি পঢ়াৰ অভ্যাস বর্তমান কমি গৈছে৷ কিন্তু কথা হ’ল মানুহে পঢ়িবলৈ একেবাৰে এৰি দিয়া নাই৷ পঢ়াৰ ধৰণ আৰু মাধ্যম সলনি হৈছে৷ আধুনিক প্রযুক্তিৰ দিনত মানুহে সঘনাই পঢ়া কিছুমান সমল হ’ল আর্টিকল আৰু ব্লগ আৰু সৰু সৰু অনলাহন প্রবন্ধ, কাগজৰ সলনি স্ক্রিনত পঢ়া কিতাপ– ইবুক, চকুৰে নপঢ়ি কাণেৰে শুনা কিতাপ–অডিঅ’ বুক ইত্যাদি৷ কিন্তু মূল সমস্যাটি হৈছে পঠনৰ বাবে মনযোগৰ আয়ুস কমি যোৱাটো৷
আগতে মানুহে দীঘলীয়া সময় লৈ গভীৰভাৱে কিতাপত নিমগ্ন হৈছিল৷ এতিয়া মানুহে সৰু, দ্রুত আৰু চিত্রভিত্তিক বস্তু বেছি পছন্দ কৰে৷ এতিয়াৰ লেখকে এই নতুন মাধ্যমবোৰৰ সহায় লোৱাও প্রয়োজনীয় হৈ পৰিছে৷ ইয়াৰ অবিহনে আধুনিক প্রজন্মৰ পাঠকসকলক ধৰি ৰখাটো কঠিন হৈ পৰিব৷ এটা কথা ঠিক যে সময়ৰ যুঁজতহে কিতাপ হাৰিছে, শব্দৰ যুঁজত নহয়৷