গুৱাহাটীত অতিৰিক্ত কৰ আয়ুক্তৰ বাসগৃহত ৰেইড ভিজিলেঞ্চৰ, হতবাক অভিযানকাৰী দল
অতিৰিক্ত কৰ আয়ুক্ত চাকিল ছাদুল্লাৰ বাসগৃহত অভিযান চলাইছে তদাৰকী কোষে। আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত অভিযান মুখ্যমন্ত্ৰী তদাৰকী কোষে। লখিমীনগৰৰ শুভম এনক্লেভৰ ব্লক Aৰ তৃতীয় মহলাত চলিছে অভিযান।
সমান্তৰালকৈ বিনায়ক পথৰ হাউচ নম্বৰ ২১তো আন এটা দলে চলাইছে অভিযান। অগাধ সম্পত্তিৰ গৰাকী আছিল অতিৰিক্ত কৰ আয়ুক্তগৰাকী। গুৱাহাটীৰ বিভিন্ন স্থানত মাটি সম্পত্তিৰ উপৰি আছিল বহু ব্যৱসায়িক প্ৰতিষ্ঠান।
ৰেইনব’ নামৰ এখন পাৰ্লাৰৰ লগতে এখন নাৰ্ছাৰী থকাৰ তথ্যও লাভ কৰিছে অভিযানকাৰী দলে শুভম এনক্লেভৰ ফ্লেট আৰু বিনায়ক পথৰ ঘৰত কেইবাকোটিৰ ফাৰ্নিচাৰ থকাৰ তথ্য হাতত পৰিছে ভিজিলেঞ্চৰ।
উল্লেখ্য যে পুৱা ৮ বজাৰ পৰা দুটাকৈ দলে অভিযান চলাই অৱশেষত আটক কৰে বিষয়াগৰাকীক।
Niyomiya Barta Desk, 27 August