নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিমহীয়া পুত্রক বিহপান কৰোৱাই পিতৃ–মাতৃৰ চৰম পথ, ঋণত সর্বহাৰা পৰিয়ালৰ কঠোৰ সিদ্ধান্ত

নিউজ ডেস্ক, ২৮ আগষ্ট : উত্তৰ প্রদেশৰ চাহাৰানপুৰত ঋণত সর্বস্বান্ত হৈ দুর্বিষহ জীৱন কটাবলগীয়া হোৱা এটা পৰিয়ালে লোৱা কঠোৰ সিদ্ধান্তই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঋণৰ বোজা সহিব নোৱাৰি চাৰিমহীয়া পুত্র সন্তানক বিহপান কৰোৱাই হত্যা কৰাৰ পিছত পিতৃ–মাতৃয়ে নিজেও চৰম পথ বাছি লয়৷

আৰক্ষীয়ে প্রকাশ কৰা মতে, কিছু বছৰ পূর্বে শচীন গ্লোভাৰ নামৰ ব্যক্তি এজনে শিৱানী নামৰ মহিলা এগৰাকীক বিয়া কৰায়৷ ব্যৱসায়ত নির্ভৰ পৰিয়ালটোৰ পিছলৈ ব্যৱসায় মন্দা হয়৷ ইয়াৰ লগে লগে পৰিয়ালটোৰ ঋণৰ বোজাও বৃদ্ধি পাবলৈ ধৰে৷ এনে দুর্বিষহ জীৱন চলি থকাৰ মাজতে পুত্র সন্তানৰো জন্ম হৈছিল৷ ইয়াৰ পিছত পৰিয়ালটোৰ আর্থিক অৱস্থা অতিকে শোচনীয় হৈ পৰে আৰু পৰিয়াল চলাৰ ক্ষেত্রত জটিলতাৰ সৃষ্টি হয়৷ দুবেলা দুমুঠি আহাৰ পৰিয়ালটোৰ বাবে অতি জটিল হৈ পৰে৷ ইয়াৰ পৰিপ্রেক্ষিততেই পৰিয়ালটোৰ মুৰব্বী তথা পিতৃ–মাতৃয়ে চৰম পথ গ্ৰহণৰ সিদ্ধান্ত গ্রহণ কৰে৷ সেইমর্মেই প্রথমে দম্পতীটোৱে নিজৰ সন্তানটোক বিহপান কৰোৱাই হত্যা কৰে আৰু পিছত দম্পতীটোৱে চৰম পথ বাছি লয়৷

প্রাৰম্ভিক তথ্যত আৰক্ষীয়ে এই কথা মানি লৈছিল যদিও এই সন্দর্ভত তদন্তৰ অন্ততহে সঠিক তথ্য পোহৰলৈ আহিব বুলি আৰক্ষীয়ে প্রকাশ কৰিছে৷

You might also like