নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভ্ৰাম্যমাণত নাটক নিলিখাৰ সিদ্ধান্ত এগৰাকী যুৱ নাট্যকাৰৰ, কিন্তু কিয় ললে এই সিদ্ধান্ত…

যুৱ নাট্যকাৰ হিচাপে কম সময়তে জনপ্ৰিয়তা অৰ্জন কৰি তেওঁ সকলোৰে সমাদৰ লাভ কৰিছিল। কিন্তু আজি এক সামাজিক মাধ্যমৰ পোষ্টত তেওঁ সকলোকে ভাবুক কৰি তুলিলে। তেওঁ লিখিলে- ভাইৰেল গান্ধী (মোৰ জীৱনৰ শেষ ভ্ৰাম্যমান নাট)। অৰ্থাত ভ্ৰাম্যমাণৰ মঞ্চজগতত আৰু নাটক নিলিখে তেওঁ। তেওঁ আন কোনো নহয়, যুৱ নাট্যকাৰ প্ৰণৱ ভৰালী।

তেওঁৰ সামাজিক মাধ্যমৰ পোষ্টটো হুবহু তুলি দিয়া হল-
ভাইৰেল গান্ধী
(মোৰ জীৱনৰ শেষ ভ্ৰাম্যমান নাট)
মৰিয়নী আৰু লাহিঙত নাটখন মঞ্চস্থ হৈ যোৱাৰ পিছত বহুতৰ ফোন মেছেজত বহু প্ৰশ্ন আৰু মৰমে মোক আৰু হেঙুলৰ পৰিয়ালবৰ্গক সমালোচনা আৰু সাহসেৰে উপচাই পেলোৱাৰ বাবে ধন্যবাদ। কিন্তু Hengooltheatre Mariani পেজটোত ভাইৰেল গান্ধীৰ এটাও পোষ্ট কিয় নাপায় ইয়াৰ উত্তৰ মোৰ হাতত নাই…!
ভ্ৰাম্যমান থিয়েটাৰত নাটক লিখা মোৰ এটা সপোন আছিল যিটো সচাঁকে টান। মই এই উদ্দ্যোগটোৰ জড়িত হৈ এটা কথা অনুভৱ কৰিলো অভিজিৎ ভট্টাচাৰ্য ছাৰ ভ্ৰাম্যমানৰ দুখন মঞ্চৰ বাবে একক আৰু অনন্য। এয়া মই স্বীকাৰ কৰো। কিন্তু মোক এই দুখন মঞ্চৰ বাবে আঙুলিত ধৰি নাটক লিখা শিকোৱা মানুহজন হ’ল Sankalpajiit Hazarika বাব্লু দা! ইয়াৰ বাবে মই আজীৱন কৃতজ্ঞ হৈ থাকিম। ইয়াৰ পিছত (পংকজ হাজৰিকা) জোন দাইও কাগজত আঁকি আঁকি মঞ্চৰ ৰাজনীতি বুজোৱাৰ কথা মই স্বীকাৰ কৰিবই লাগিব।
জোন দাৰ দুটা কথা এতিয়াও মন-মগজুত বাজি থাকে। “আমাক অকল নতুন নাট্যকাৰ নালাগে, নতুন নাট্যকাৰৰ নতুন নাটক লাগে। তুমিও যদি চলি থকা নাটকৰ দৰেই লিখা তুমি কেতিয়াও নিজৰ চিনাকী দিব নোৱাৰিবা” (কিন্তু নাটকৰ সাংঘাটিক কমাৰ্চিয়েল ভেল্যু জনা মানুহ এইজন 🫡)
এইবাৰ চুপা-চুপি চিনেমাৰ শ্বুটিংত ব্যস্ত থকাৰ বাবে ৩ নং Draft টো এদিন মই লিখিব সময় নহব বুলি কোৱাত জোন দাৰ এটা কথাই মন চুই গ’ল “মই পঢ়িলো, এইখন নাটক ক’ত বেলেগে লিখিব পাৰিব হে” এইষাৰ কথাত ইমান ভাগৰি থকা মই কেনেকে যে লিখি পেলালো ইয়াৰ একমাত্ৰ কাৰণ জোন দা 🙏
ইয়াৰ ব্যতিক্ৰম বাব্লু দাও নহয়। যোৱাবেলি “মদজিদ ৰোড নামঘৰ” নাটক খনৰ নামত ইমান কষ্ট আচলতে মোক সাহস দিয়াৰ বাবে কৰিছিল। আচলতে মই ধন্য মোৰ ভ্ৰাম্যমানৰ আৰম্ভণি হেঙুল থিয়েটাৰৰ পৰা হৈছিল য’ত মই এনে অভিভাৱক/গুৰু পাবলৈ সক্ষম হলো। আকৌ এবাৰ প্ৰণামেৰে ধন্যবাদ🙏
ইয়াৰ পিছত Arupjyoti Baruah দা আৰু Kamal Lochan নাম লবই লাগিব।
ভ্ৰাম্যমানত আৰু নাটক নিলিখাৰ সিদ্ধান্ত একান্তই ব্যক্তিগত। আচলতে মোৰ বয়সত এই মাধ্যমটো স্বাস্থ্যকৰ নহয় বুলি মই অনুভব কৰিছো। “আভ্যন্তৰীন” ঋণাত্মক আলোচনা, ধনাত্মক সমালোচনাৰ ভিৰ সহিব পৰাকৈ মই আৰু মোৰ মগজু ইমান সৱল হৈ উঠা নাই।
(যি কি নহওঁক কিছু বয়স হ’লে চাগে আকৌ লিখিম)
ভাইৰেল গান্ধীৰ পুন: সম্পাদনা বুলিলে নাম লবই লাগিব।
মূলত Kishor Tahbildar দা! শ্বুটিংৰ সময়ত এটা এটা পেজ এখেতে কাৰেকচন কৰি দিছিল।
ইয়াৰ পিছত Rakesh Haloi
@bibek kumbang
(মোৰ জীৱনৰ সকলো কাহিনী, চিত্ৰনাট্য লিখোতে মই কাৰো সহায় লোৱা নাই ভুলে-শুদ্ধই নিজেই লিখিছো কিন্তু এইবাৰ চিনেমাৰ ব্যস্ততাৰ বাবে সকলোৱে সহায় কৰিলে ইয়াৰ বাবে ধন্যবাদ🙏)
নাটক এখন কৰোতে যদিও আমি সন্মুখত অভিনেতাৰ কষ্ট দেখো ইয়াৰ আঁৰত থকা লাইট, মিউজিক, মঞ্চসজ্জা, নৃত্যশিল্পী, গাড়ী চালকলৰ পৰা মেনেজমেন্টলৈ সকলোৰে কষ্টক মই কৃতজ্ঞতাৰে স্বীকাৰ কৰিছো।
যেনেকৈ এটা কাহিনী নহলে অভিনেতাই অভিনয় কৰিব নোৱাৰে ঠিক তেনেদৰে মই জন্ম দিয়া অবাস্তৱ, অলৌকিক চৰিত্ৰ এটাক জীৱন দিয়াটো কিমান কঠিন মই অনুভৱ কৰিব পাৰো। সকলোৰে অভিনেতা-অভিনেত্ৰীৰ কষ্ট আৰু ত্যাগক মই সেৱা জনাইছো।
You might also like