নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ বছৰৰ পিছত ভাৰত-চীনৰ মাজত হ’ব পোনপটীয়া বিমানসেৱা : মোদী–জিনপিঙৰ বৈঠকৰ ইমপেক্ট

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : সুদীর্ঘ ৫ বছৰৰ পিছত ভাৰত–চীনৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ হোৱাৰ পথ প্রশস্ত হৈছে৷ ৭ বছৰৰ পিছত প্রথমবাৰলৈ চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে কালি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে ৫০ মিনিটজোৰা বৈঠকত মিলিত হয়৷ আমেৰিকাৰ শুল্ক বোমাক লৈ বর্ধিত বাণিজ্যিক অনিশ্চয়তাৰ মাজতে বিশ্বৰ দুখন বৃহত্তম অর্থনীতিৰ দেশৰ মাজৰ ৰাজনৈতিক সম্পর্ক উন্নত কৰাৰ চেষ্টা কৰিছে ভাৰত আৰু চীনে৷

টিয়ানঝিনত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ সমান্তৰালকৈ কালি দ্বিপাক্ষিক বৈঠকত মিলিত হোৱা ৰাষ্ট্রনেতা দুগৰাকীয়ে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পর্কৰ অবিৰত অগ্রগতিক আদৰণি জনায়৷ মতানৈক্যক বিবাদত পৰিণত কৰাৰ পৰিৱর্তে ৰাষ্ট্রনেতা দুগৰাকীয়ে ভাৰত–চীন প্রতিদ্বন্দ্বী নহয়, অংশীদাৰ বুলিহে কয়৷ ইফালে, ক’ভিড–১৯ মহামাৰীৰ সময়ত বিমানসেৱা বন্ধ কৰা দেশ দুখনে পুনৰ বিমান চলাচল আৰম্ভৰ কথাও বৈঠকত আলোচনা কৰে৷ অৱশ্যে এই সন্দর্ভত কোনো নির্দিষ্ট তাৰিখ উল্লেখ কৰা নাই৷

ৰাষ্ট্রনেতা দুগৰাকীৰ আলোচনাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে কৈলাশ মানসৰোবৰ যাত্রা আৰু পর্যটন ভিছা পুনৰ আৰম্ভ কৰাৰ প্রসংগ উত্থাপন কৰে৷ চলিত বর্ষৰ আৰম্ভণিতে তিব্বতৰ মানসৰোবৰ যাত্রা আৰম্ভ হৈছিল৷ ইফালে, যোৱা মাহত ভাৰতে চীনৰ নাগৰিকক পর্যটন ভিছা প্রদান প্রক্রিয়া আৰম্ভ কৰিছিল৷ ক’ভিডৰ সময়ৰ পৰা এই ভিছা বন্ধ কৰা হৈছিল৷ ভাৰত–চীনৰ সম্পর্কত তৃতীয় পক্ষৰ হস্তক্ষেপ নস্যাৎ কৰি দুয়োখন দেশে কৌশলগতভাৱে আগুৱাই যোৱাৰ পোষকতা কৰে৷

দুয়োগৰাকী নেতাই সন্ত্রাসবাদ আৰু বহুপক্ষীয় মঞ্চত ন্যায্য বাণিজ্যৰ দৰে দ্বিপাক্ষিক, আঞ্চলিক আৰু বৈশ্বিক বিষয়ে আৰু প্রত্যাহ্বানৰ উমৈহতীয়া ভিত্তি সম্প্রসাৰণ কৰাটো প্রয়োজনীয় বুলি বিবেচনা কৰে৷ ২০২০ চনত গালৱান সংঘর্ষৰ পাছত ভাৰত আৰু চীনৰ সম্পর্ক তিক্ত হৈ পৰিছিল যদিও দুয়োখন দেশে নিজৰ সম্পর্ক শুধৰাবলৈ কাম কৰি আহিছে৷ যোৱা বছৰ কাজানত অনুষ্ঠিত বৈঠকৰ পিছত ভাৰত আৰু চীনৰ সম্পর্ক প্রায় উন্নত হৈছিল৷ দুয়োগৰাকী নেতাই ভাল বন্ধু তথা প্রতিৱেশী বুলি উল্লেখ কৰি উভয়ে গ্ল’বেল ছাউথৰ গুৰুত্বপূর্ণ সদস্য আৰু দুয়োখন দেশৰ নাগৰিকৰ মংগল কামনাৰে সকলো দায়িত্ব কান্ধ পাতি ল’ব লাগে বুলি কয়৷ ভাৰত–চীন সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰাখিবলৈ কৌশলগত আৰু দীর্ঘম্যাদী দৃষ্টিকোণেৰে দ্বিপাক্ষিক সম্পর্কৰ স্থায়ী সুস্থ আৰু সুস্থিৰ বিকাশৰ প্রসাৰ ঘটাব লাগিব বুলিও কয়৷

দুয়োখন দেশৰ বৃহৎ জনসংখ্যা উন্নয়নৰ সহায়ক হ’ব বুলি উল্লেখ কৰি ভাৰত আৰু চীনে পৰস্পৰে বজাৰ দখলৰ জৰিয়তে অর্থনীতিৰ উন্নয়ন প্রসংগত নিজ বক্তব্য আগবঢ়ায়৷ চলিত মাহৰ আৰম্ভণিতে দুয়োপক্ষই সীমান্ত বাণিজ্য পুনৰ মুকলি কৰাৰ ক্ষেত্রতো সন্মতি প্রকাশ কৰে৷ চীনে ভাৰতক খনিজ পদার্থ, সাৰ আৰু অন্যান্য যন্ত্রপাতিৰ ক্ষেত্রত প্রয়োজনীয়তা পূৰণ কৰাৰ আশ্বাস দিয়ে৷

ইফালে, ট্রাম্পৰ শুল্কৰ বাবে আমেৰিকাৰ সৈতে ভাৰতৰ সম্পর্ক বেয়াৰ ফালে ঢাল খোৱাৰ সময়তে বেইজিঙে ভাৰতৰ কাষ চপাটো আমেৰিকাৰ বৈদেশিক নীতিৰ বাবে আতংকৰ কাৰণ বুলিও কূটনৈতিক মহলত চর্চা হৈছে৷ কিয়নো আমেৰিকাই ভাৰত–চীনৰ দৰে দুই বৃহৎ অর্থনীতিক পৃথক কৰাৰ বাবে দশক দশক ধৰি চেষ্টা অব্যাহত ৰাখিছে৷

You might also like