নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপ হকী : জাপানক হৰুৱাই ছুপাৰ ফ’ৰত প্রৱেশ ভাৰতৰ

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : দেশৰ মাটিত অনুষ্ঠিত এছিয়া কাপত ভাৰতীয় হকী দলে বিজয়ৰ ধাৰা অব্যাহত ৰাখিছে৷ প্রতিযোগিতাখনত দর্শনীয় প্রদর্শন অব্যাহত ৰাখি ভাৰতে একেৰাহে দ্বিতীয়খন মেচত জয়লাভ কৰিছে৷ প্রথমখন মেচত শক্তিশালী চীনক পৰাজিত কৰাৰ পিছত ভাৰতীয় দলটোৱে জাপানক পৰাস্ত কৰে৷ কালি মেচখনত ভাৰত বিজয়ী হয় ৩–২ গ’লত৷ এই বিজয়ৰ ফলত এখন মেচ বাকী থাকোঁতেই এছিয়া কাপৰ ছুপাৰ ফ’ৰত স্থান নিশ্চিত কৰিলে হৰমনপ্রীত সিং বাহিনীয়ে৷

এই মেচখনৰ বিজয়ৰ নায়কৰূপে পৰিগণিত হয় হৰমনপ্রীত৷ চীনৰ বিৰুদ্ধে হেটট্রিক অর্জন কৰা অধিনায়ক হৰমনপ্রীতে জাপানৰ বিৰুদ্ধে দুটাকৈ গ’ল দিবলৈ সক্ষম হয়৷ জাপানে পূর্বৰ মেচখনত কাজাখস্তানক ৭ গ’ল দিলেও ভাৰতৰ বিৰুদ্ধে দলটোৰ পূর্বৰ পৰিসংখ্যা সন্তোষজনক নহয়৷ ইয়াৰ পূর্বে দুয়োটা দল ২৯বাৰ মুখামুখি হৈছে যদিও ২৪ বাৰেই ভাৰতে জয়লাভ কৰিছে৷ ফলত অধিক আত্মবিশ্বাসেৰেই অৱতীর্ণ হৈছিল ভাৰত৷ খেলখনৰ ৪ মিনিটতে ভাৰতক অগ্রগতি প্রদান কৰে মনদীপ সিঙে৷ চলিত এছিয়া কাপত প্রথমটো ফিল্ড গ’ল কৰে ভাৰতে৷ সুখজিৎ সিঙে বক্সৰ ভিতৰত সোমাই বল মনদীপলৈ ঠেলি দিয়ে৷ জাপানৰ কেইবাজনো ফিল্ডাৰক পৰাভূত কৰি মনদীপে গ’লটো দিয়ে৷ ইয়াৰ ১ মিনিট পিছতে ভাৰতৰ হৈ দ্বিতীয়টো গ’ল দিয়ে হৰমনপ্রীত সিঙে৷ একেৰাহে চাৰিটা পেনাল্টী কর্নাৰ লাভ কৰে ভাৰতীয় দলটোৱে৷ প্রথম তিনিটা কর্নাৰত গ’ল দিবলৈ সক্ষম নহ’লেও চাৰি নম্বৰ শ্বটত ভুল নকৰিলে অধিনায়কগৰাকীয়ে৷

খেলৰ পাঁচ মিনিটৰ ভিতৰত ২–০ গ’লত অগ্রগতি লাভ কৰাৰ পিছত ভাৰতে খেলৰ গতি কিছু মন্থৰ কৰাৰ বিপৰীতে জাপানে আক্রমণ বৃদ্ধি কৰে৷ দ্বিতীয় কোৱার্টাৰত একেৰাহে চাৰিটা পেনাল্টী কর্নাৰ লাভ কৰে জাপানে৷ কিন্তু গ’ল দিয়াত ব্যর্থ হয়৷ তৃতীয় কোৱার্টাৰত ৩৮ মিনিটত ভাৰতীয় ৰক্ষণ বিভাগৰ অবিন্যস্ততাৰ সুযোগ লৈ জাপানৰ হৈ গ’ল দিয়ে কোচেই কাৱাবে৷ তৃতীয় কোৱার্টাৰৰ অন্তিম মিনিটত পুনৰ পেনাল্টী কর্নাৰৰ পৰা গ’ল দিয়ে হৰমনপ্রীতে৷ খেল শেষ হোৱাৰ ২ মিনিট পূর্বে কাৱাবে পুনৰ গ’ল দিয়াত ভাৰতে মেচখনত ৩–২ গ’লত জয়লাভ কৰে৷

You might also like