পুনৰ বয়স ফাঁকি : সুব্রত কাপৰ পৰা বাহিৰ নুমলীগড় হাইস্কুল
বয়স ফাঁকিৰ ঘটনাক পুনৰাবৃত্তি কৰি ল’ৰাৰ ১৫ বছৰ অনূর্ধ্বৰ ঐতিহাসিক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ পৰা ক্রমাগত দ্বিতীয় বর্ষৰ বাবে অসম দলটো বাহিৰ হৈছে৷ বিগত বর্ষতো অসম চৰকাৰৰ ক্রীড়া বিভাগে আয়োজন কৰা পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবলত চেম্পিয়ন হৈ সুব্রত কাপ আন্তর্জাতিক ফুটবলত অসমক প্রতিনিধিত্ব কৰা ডিমা হাছাওৰ নাজাৰেথ মডেল হাইস্কুল দলটো প্রতিযোগিতাখনৰ পৰা নিলম্বিত হৈছিল অনুৰূপ বয়স ফাঁকিৰ অভিযোগতে৷
তৎসত্ত্বেও শিক্ষা নহ’ল অসম দল গঠন আৰু প্রেৰণ কর্তৃপক্ষ অসম চৰকাৰ ক্রীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ৷ যাৰ ফলত নুমলীগড় হাইস্কুল দলে বয়স ফাঁকিৰ অভিযোগত অভিযুক্ত হৈ ঐতিহাসিক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ পৰা নিলম্বনৰ দৰে ৰাষ্ট্রীয় প্রেক্ষাপটত ৰাজ্যৰ নাক–কাণ যোৱা শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷
ইয়াৰ লগে লগে অসমৰ ফুটবল জগততো ই এক কালিমা সানিলে৷ বেংগালুৰুত আৰম্ভ হোৱা ঐতিহাসিক সুব্রত কাপ ফুটবলৰ ল’ৰাৰ ১৫ বছৰ অনূর্ধ্ব আন্তর্জাতিক প্রতিযোগিতা আৰম্ভ হৈছে৷ য’ত অসমক প্রতিনিধিত্ব কৰা নুমলীগড় হাইস্কুল দলৰ আঠগৰাকী খেলুৱৈৰ বয়স বৃদ্ধি হোৱাটো বায়’লজিকেল পৰীক্ষাত ধৰা পৰাত ছাব–জুনিয়ৰ প্রতিযোগিতাখনৰ পৰা অসম দলক নিলম্বন কৰা হৈছে৷
ভাৰতীয় বায়ুসেনাই আয়োজন কৰা এই প্রতিযোগিতাত অন্য সাতখন ৰাজ্যকো একেটা কাৰণত নিলম্বন কৰা হৈছে৷ এতিয়া সমগ্র বিষয়টো সন্দর্ভত কেনে প্রতিক্রিয়া তথা ব্যৱস্থা গ্রহণ কৰে সেয়া হ’ব বিশেষ লক্ষণীয়৷ অভিযোগ অনুসৰি ৰাজ্য চৰকাৰৰ ক্রীড়া সঞ্চালকালয়ৰ সোপাঢিলা নীতি, স্কুল ক্রীড়া শিতানটোৰ দায়িত্ববাহী বিষয়াৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই জিলা, ৰাজ্যিক পর্যায়ৰ পৰাই দিনকদিনে চূড়ান্তভাৱে স্খলিত হৈ আহিছে স্কুল ক্রীড়াৰ চৰিত্র, মানদণ্ড, উপযোগিতা তথা সক্ষমতাৰ৷ যাৰ ফলত আজিৰ তাৰিখত ক্রীড়া সঞ্চালকালয়ৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই লজ্জানত হ’বলগীয়া হৈছে ৰাজ্যৰ ক্রীড়ানুৰাগী৷
Niyomiya Barta Desk, 3 September