সম্পাদকীয় : মহিলা উদ্যমিতা আঁচনিৰ ধন
ভাৰতবর্ষৰ প্রথমগৰাকী প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে কৈছিল– “You can tell the condition of a nation by looking at the status of its women.” সাম্প্রতিক সময়ত সকলোৱে উপলব্ধি কৰে যে এখন ঘৰ, সমাজ, দেশৰ উন্নতি নির্ভৰ কৰে পুৰুষ–মহিলা উভয়ৰ অংশগ্রহণৰ ওপৰতহে৷ সেয়ে পুৰুষৰ সমানে মহিলায়ো স্বাৱলম্বী হোৱাৰ দিশত গুৰুত্ব দিয়া দেখা গৈছে৷
মহিলা স্বাৱলম্বী হ’লেহে সমাজখন প্রকৃতার্থত সবল, শক্তিশালী হ’ব৷ স্বাৱলম্বী হ’বলৈ প্রতিগৰাকী নাগৰিকৰ কর্মস্পৃহা, মনত এক উদ্যম থাকিব লাগিব৷ কর্মস্পৃহা, উদ্যম অবিহনে কোনো ব্যক্তি স্বাৱলম্বী হ’ব নোৱাৰে৷ কর্মস্পৃহা থকা ব্যক্তিজনে যিকোনো কাম হাতত ল’লে যিকোনো মূল্যৰ বিনিময়ত কৌশলেৰে হ’লেও কামটো কৰিবলৈ প্রয়াস কৰে৷ কাৰণ সেই ব্যক্তিজনৰ মনত থাকে উদ্যম, এক সুস্থিৰ পৰিকল্পনা, ধৈর্য, একাগ্রতা৷
এই গুণসমূহ নাথাকিলে সহজে স্বাৱলম্বী হ’ব নোৱাৰে৷ ইয়াৰ উপৰি উদ্যমী ব্যক্তিৰ পৰিচালনা শক্তি, দায়বদ্ধ আৰু মানসিকভাৱে শক্তিশালী হ’বই লাগিব৷ বহু সময়ত অসমৰ মহিলাসকলে নিজাববীয়াকৈ এটা ব্যৱসায়িক উদ্যোগৰ কথা ভাবে যদিও সময়ত অর্থৰ অভাৱত এই চিন্তাবোৰে বাস্তৱ ৰূপ নাপায়৷
অসমত নিবনুৱা সমস্যাও বহুখিনি বৃদ্ধি পাহছে৷ অসম চৰকাৰে লাখৰ ঘৰত চাকৰিত নিযুক্তি দিছে যদিও সেইখিনিয়ে যথেষ্ট নহয়৷ নিবনুৱাৰ পৰিসংখ্যা পূর্বতকৈ ক্রমাত বৃদ্ধিহে পাহছে৷ এনে সময়তে বহুজনে নিজাকৈ উদ্যোগ স্থাপনৰ কথা ভাবে৷
মহিলাসকলেও নিজকে সংস্থাপিত কৰাৰ লগতে আনকো সংস্থাপন দিয়াৰ বাবে পৰিকল্পনা কৰে৷ মহিলাসকলে অনুভৱ কৰে যে তেওঁলোক উৎপাদনশীল, দায়িত্বশীল হৈ অর্থনৈতিক দায়বদ্ধতা গ্রহণ কৰি ডঠিব লাগিব৷ এই চিন্তাৰে ড০ হিমন্ত বিশ্ব শর্মা চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ মহিলাক চেক প্রদান কৰে৷
অলপতে হোজাইত ৩১,৯১০গৰাকী মহিলাক উদ্যমিতাৰ চেক প্রদান কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৈছিল– ‘এগৰাকী নাৰীক সবলীকৰণ কৰাৰ অর্থ হৈছে সমাজখনক শক্তিশালী কৰা৷ সেয়েহে ৰাজ্য চৰকাৰে অসমৰ মহিলাসকলৰ বিকাশৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ লগতে আন বহুতো আঁচনি গ্রহণ কৰিছে৷
হোজাইৰ ৩১,৯১০গৰাকী হিতাধিকাৰীয়ে অসমৰ মহিলা সবলীকৰণৰ যাত্রাত এক নতুন মাত্রা প্রদান কৰিব৷ এই হিতাধিকাৰীসকলক ছাগলী পালন, দুগ্ধ উৎপাদন, ধান খেতি, হাঁহ–কুকুৰা পালন, হস্ততাঁত, গাহৰি আৰু মীন পালন আদি কৰি ৭৯ শতাংশ খণ্ডক সামৰি এই বীজ মূলধন প্রদান কৰিছে৷
উল্লেখ কৰা খণ্ডসমূহৰ বাবে যি পুঁজি প্রদান কৰা হ’ল, এই পুঁজি সদ্ব্যৱহাৰ কৰাসকলে পিছলৈ ক্রমে ২৫ হাজাৰ, ৫০ হাজাৰ পর্যন্ত লাভ কৰিব৷ অসমৰ ৪০ লাখ মহিলাৰ বাবে ই এক আশাৰ খবৰ৷ এই পুঁজিসমূহৰ সঠিক ব্যৱহাৰ কৰিলে, অসমৰ অর্থনৈতিক ক্ষেত্রখনত এক ইতিবাচক প্রভাৱ পৰিব৷ কিন্তু তাৰ বাবে প্রতিগৰাকী হিতাধিকাৰীয়ে সঠিক ক্ষেত্রত আঁচনিৰ ধন খৰচ কৰিব লাগিব৷ বহু সময়ত বহুজনে চৰকাৰী আঁচনিৰ ধন লাভ কৰাৰ পিছত নিজৰ প্রয়োজনীয় সামগ্রী ক্রয় কৰি ধনসমূহ অবাবত খৰচ কৰাও দেখা যায়৷
যাৰ ফলত আঁচনিসমূহ সফল নহয়৷ সম্প্রতি মহিলাসকল পূর্বতকৈ শিক্ষিত হৈছে৷ নিজৰ পৰিচয়, সমমর্যাদাৰ বাবে নিজকে দক্ষ হিচাপে প্রতিষ্ঠা কৰিবলৈ এই আঁচনিৰ ধন সঠিক কার্যত খৰচ কৰা উচিত৷ আজিৰ প্রতিগৰাকী মহিলাৰ মাজত স্বাধীনভাৱে কাম কৰাৰ মানসিকতা গঢ় লৈ উঠিছে, পৰিয়ালক আর্থিক দিশত সাহস দিবলৈ, নিজকে প্রতিষ্ঠা কৰিবলৈ প্রয়াস কৰে৷ তেনে সময়তে চৰকাৰেও মহিলাসকলক উদ্যমী হ’বলৈ অনুপ্রেৰণা আৰু সাহস দিছে৷
চৰকাৰৰ এই সাহসৰ ফলত প্রতিগৰাকী নাৰীয়ে নিজৰ অন্তর্নিহিত শক্তিক অনুভৱ কৰি কর্মক্ষেত্রত উদ্যমেৰে নামি পৰি নিজৰ জীৱনৰ পথত স্বাধীনভাৱে আগুৱাই যাব পাৰিব৷ গতিকে, এনে আঁচনিৰ ধন প্রতিগৰাকী মহিলাই সঠিক ক্ষেত্রত ব্যৱহাৰ কৰি সঠিক দিশত আগুৱাই সৃষ্টিশীল মনটোক ব্যৱহাৰ কৰিলে নিশ্চয়কৈ সফল হ’ব পাৰিব৷ কাৰণ উদ্যমিতাই সমাজৰ লিংগ বিভাজন নোহোৱা কৰি মহিলাসকলৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক স্থিতি উন্নত কৰাত এক শক্তিশালী ভূমিকা পালন কৰিব৷ আশা কৰিছোঁ– এই আঁচনিৰ ধন লাভ কৰা প্রতিগৰাকী নাৰী স্বাৱলম্বী হৈ দেশৰ প্রগতিৰ চালিকা শক্তিক জাগ্রত কৰি এক নতুন শক্তিশালী সমাজ গঢ় দিব৷