ব’ৰ্ডৰ সভাপতিৰ দৌৰত কিংবদন্তি তেণ্ডুলকাৰ, বিচিচিআইৰ নির্বাচনৰ পূর্বে আৰম্ভ জল্পনা–কল্পনা
নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সভাপতি হোৱাৰ দৌৰত এগৰাকী কিংবদন্তি খেলুৱৈ৷ ৰ’জাৰ বিন্নীৰ উত্তৰাধিকাৰী হ’ব পাৰে বহু অভিলেখৰ গৰাকী৷ সংবাদ প্রতিষ্ঠানৰ এক সূত্রত এই কথা সদৰী৷
ৰ’জাৰ বিন্নীয়ে ব’ৰ্ডৰ সভাপতি পদৰ পৰা পদত্যাগ কৰাৰ পিছত অন্তর্ৱর্তীকালীন সভাপতিৰ ভূমিকা পালন কৰিছে উপ–সভাপতি ৰাজীৱ শুক্লাই৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ বার্ষিক সাধাৰণ সভাত ব’ৰ্ডৰ নতুন সভাপতি নির্বাচিত হোৱাৰ সম্ভাৱনা আছে৷ এগৰাকী প্রখ্যাত ক্রিকেটাৰৰ নাম সভাপতিৰ বাবে নির্বাচিত কৰা হৈছে৷ অৱশ্যে কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে এই প্রস্তাৱ মানি ল’ব নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ ৰাজীৱ শুক্লা ব’ৰ্ডৰ সভাপতি হোৱাৰ কোনো সম্ভাৱনা নাই৷ চলিত মাহৰ শেষৰফালে বিচিচিআইৰ নির্বাচন অনুষ্ঠিত হ’ব৷ বিচিচিআয়ে এজন মহান ক্রিকেটাৰে ৰ’জাৰ বিন্নীৰ উত্তৰাধিকাৰী হিচাপে চকীত বহাটো বিচাৰিছে৷ তেতিয়াই আলোচনাৰ মাজলৈ আহে ক্রিকেটৰ ভগৱানৰ নাম৷
সূত্র অনুসৰি আইচিচিৰ অধ্যক্ষ জয় শ্বাহে এই বিষয়ত দীর্ঘদিন ধৰি উদ্যোগ লৈ আহিছে৷ জয় শ্বাহেই শচীন তেণ্ডুলকাৰক ব’ৰ্ডৰ প্রশাসনলৈ আহিবলৈ প্রস্তাৱ দিছিল৷ জানিব পৰা মতে, এমাহ পূর্বে এণ্ডাৰছন–তেণ্ডুলকাৰ ট্রফীৰ সময়ত জয় শ্বাহে লর্ডছ টেষ্টত শচীনৰ সৈতেও এই বিষয়ে আলোচনা কৰিছিল৷ অৱশ্যে এই প্রস্তাৱত শচীনে সন্মতি দিছে নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷ ইয়াৰ এটা প্রধান কাৰণ হ’ল বিজ্ঞাপন৷ সম্প্রতি শচীন তেণ্ডুলকাৰ বহু বিজ্ঞাপনৰ সৈতে জড়িত৷ ব’ৰ্ডৰ সভাপতি হ’ব বিচাৰিলে বিজ্ঞাপনৰ সৈতে সম্পর্ক ত্যাগ কৰিব লাগিব৷ অৱশ্যে জয় শ্বাহৰ সৈতে শচীনৰ ব্যক্তিগত সম্পর্ক বহু ভাল৷ গতিকে ব’ৰ্ডৰ সভাপতিৰ চকীত ক্রিকেটৰ ভগৱানক দেখা পোৱাৰ প্রবল সম্ভাৱনা আছে৷