নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ ১০০ কোটি জনতাই ভুগিছে মানসিক বিকাৰত : বিশ্ব স্বাস্থ্য সংস্থাৰ প্রতিবেদনত উদ্বেগজনক তথ্য

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয় ময়ময় ক্ষণত আধুনিক মানৱে জীৱন যাপন সহজ কৰি তুলিছে যদিও গোপনে গোপনে আধুনিক মানৱৰ মনত অশান্তিয়ে বাহ লৈছে৷ আনকি অশান্ত মন অৱশেষত অসুস্থ হৈও উঠিছে৷ কার্যতঃ মানসিক বিকাৰত ভোগা লোকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাইছে৷

বিশ্বত ১০০ কোটি লোকে মানসিক বিকাৰত ভুগি আছে৷ এই উদ্বেগজনক তথ্য প্রকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৱে৷ ৰাষ্ট্রসংঘৰ অধীনৰ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা প্রতিবেদন মতে, বিশ্বজুৰি ১০০ কোটি লোক ‘মেণ্টেল হেলথ ডিছঅর্ডাৰ’ত ভুগিছে৷ প্রতিবেদন অনুসৰি, বিশ্বৰ প্রতি সাতজন লোকৰ ভিতৰত এজনেই এই মানসিক বিকাৰ তথা মানসিক অৱসাদত ভুগিছে৷

বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা দুটি প্রতিবেদনৰ প্রথমখন হৈছে ‘ৱর্ল্ড মেণ্টল হেলথ টুডে’ আৰু দ্বিতীয়খন প্রতিবেদন হ’ল ‘মেণ্টেল হেলথ এটলাছ ২০২৪’৷ প্রতিবেদনত এই কথা প্রকাশ পাইছে যে ক’ৰোনা পৰিস্থিতিৰ পিছত এই মানসিক বিকাৰে ভয়াৱহ ৰূপ লৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাই প্রকাশ কৰা মতে ইতিমধ্যে বিশ্বৰ বহু দেশেই নাগৰিকৰ মানসিক স্বাস্থ্যৰ প্রতি গুৰুত্ব ৰাখি একাধিক নীতি প্রস্তুত কৰিছে৷ বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইয়াৰ পিছতো মানসিক বিকাৰত ভোগা লোকৰ সংখ্যা হ্রাস পোৱা নাই৷ মানসিক বিকাৰে অৱশেষত আ/ত্মহ/ন/নৰ প্রৱণতাও বৃদ্ধি কৰা বুলি প্রতিবেদনত উল্লেখ কৰিছে৷

You might also like