নিউজ ডেস্ক, ১১ ছেপ্টেম্বৰ : মাওবাদীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ পুনৰ এক উল্লেখযোগ্য সফলতা। বৃহস্পতিবাৰে আৰক্ষীয়ে জানিবলৈ দিছে যে ছত্তীশগড়ৰ বস্তাৰত ১৬জন মাওবাদীয়ে আত্মসমৰ্পণ কৰিছে। বুধবাৰে নিশা বস্তাৰৰ নাৰায়ণপুৰ জিলাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে এই মাওবাদীসকলে।
নাৰায়ণপুৰৰ এগৰাকী আৰক্ষীয়ে জনায়- “মাওবাদী আদৰ্শৰ প্ৰতি হতাশা, নিৰীহ আদিবাসীসকলৰ ওপৰত মাওবাদীৰ নিষ্ঠুৰ আক্রমণ আৰু সংগঠনটোৰ ভিতৰত ক্রমবর্ধমান অন্তঃকলহেই তেওঁলোকক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিছে।”
অৱশ্য়ে আত্মসমৰ্পণ কৰা এই ১৬জন মাওবাদীৰ ভিতৰত কোনো উচ্চপদস্থ নেতা নাই। তেওঁলোক মূলতঃ জনতা চৰকাৰ, চেতনা নাট্য মণ্ডলী আৰু পঞ্চায়ত মিলিচিয়াৰ দৰে শাখা সংগঠনৰ সদস্য।
আৰক্ষীৰ তথ্য মতে, এইসকলে মাওবাদী সশস্ত্ৰ গোটক ৰেচন, ঔষধ আৰু আন প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাত সক্ৰিয়ভাৱে জড়িত আছিল। লগতে অস্ত্ৰ আৰু বিস্ফোৰক পৰিবহণত সহায় কৰি আহিছিল। তদুপৰি, সুৰক্ষা বাহিনীৰ গতিবিধি সন্দৰ্ভত তথ্য সংগ্ৰহ কৰাতো তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।
আত্মসমৰ্পণ কৰা প্ৰতিজনকে ৫০ হাজাৰ টকাৰ অৰ্থিক সহায় আগবঢ়োৱা হৈছে। লগতে চৰকাৰী পৰিকল্পনাৰ অধীনত তেওঁলোকৰ পুনৰ্বাসনৰ ব্যৱস্থাও কৰা হ’ব।
উল্লেখ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে ঘোষণা কৰিছে যে ২০২৬ চনৰ মাৰ্চৰ ভিতৰত ভাৰতক সম্পূৰ্ণ মাওবাদমুক্ত কৰা হ’ব। এই লক্ষ্য পূৰণৰ বাবে ছত্তীশগড়, অন্ধ্ৰপ্ৰদেশ, ঝাড়খণ্ড আদিৰ দৰে মাওবাদী অধ্যুষিত ৰাজ্যত অভিযান তীব্ৰ গতিত আগবাঢ়িছে।