নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাপুৱা নিউ গিনিৰ স্বাধীনতা দিৱসত প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

পাপুৱা নিউ গিনি চৰকাৰৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰি কেন্দ্রীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাই দেশখনৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ১৬ ছেপ্টেম্বৰত পাপুৱা নিউ গিনি উপস্থিত থাকিব।

এই ভ্ৰমণকালত কেন্দ্ৰীয় বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই পাপুৱা নিউ গিনিৰ ৰাজনৈতিক নেতৃত্বৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে পাপুৱা নিউ গিনিত থকা প্ৰবাসী ভাৰতীয়  আৰু ব্যৱসায়ী সমাজৰ সৈতেও মত-বিনিময় কৰিব ।

উল্লেখ্য যে ২০২৩ চনৰ মে’ মাহত প’ৰ্ট ম’ৰছবীত প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ঐতিহাসিক “ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জৰ সহযোগিতা ফ’ৰাম (FIPIC)”–ৰ ৩য় শীৰ্ষ সন্মিলনৰ পাছত বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাৰ পাপুৱা নিউ গিনি ভ্ৰমণে প্ৰশান্ত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰসমূহৰ নেতৃত্বৰ সৈতে আমাৰ দেশৰ সহযোগিতাৰ ক্ষেত্ৰত নতুন সম্ভাৱনা কঢ়িয়াই আনিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে যাত্ৰাপথত হংকঙত পৰ্যটন আৰু বস্ত্ৰ উদ্যোগীসকলৰ সৈতে দুখন বৈঠকত মিলিত হোৱাৰ লগতে ওভতনি যাত্ৰাত অষ্ট্ৰেলিয়াৰ ব্ৰীচবেনতো একেধৰণৰ বৈঠকত ভাগ ল’ব। তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হংকং আৰু অষ্ট্ৰেলিয়াৰ প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত-বিনিময় কৰিব।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ ছেপ্টেম্বৰ

You might also like