নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ সুৰা সৰবৰাহকাৰীৰ ৰূপত মৰুৰ জাহাজ উট : ৰাজধানী দিল্লীত চোৰাং ব্যৱসায়ীৰ অভিনৱ কৌশল

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : মৰুভূমিৰ জাহাজখ্যাত উটক অবৈধ সুৰা সৰবৰাহকাৰী হিচাপে ব্যৱহাৰৰ অভিনৱ কৌশল সুৰাৰ চোৰাং ব্যৱসায়ীয়ে গ্রহণৰ তথ্য পোহৰলৈ আহিছে৷ যিয়ে আৰক্ষীক হতবাকো কৰি তুলিছে৷

ৰাজধানী দিল্লীলৈ অবৈধ সুৰা সৰবৰাহ কৰাৰ বাবে উট ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰাৰ পিছত দিল্লী আৰক্ষীৰ এণ্টি অটো থেফফ স্কোৱাড চমুকৈ এএটিএছ–এ অভিযান চলাই উটৰ সৈতে সুৰাৰ কার্টন জব্দ কৰিবলৈ সক্ষম হৈছে৷ দিল্লী–ফৰিদাবাদ সীমান্তত উটৰ জৰিয়তে সুৰাৰ চোৰাং ব্যৱসায়ীয়ে সুৰা সৰবৰাহ কৰাৰ কৌশলৰ আঁৰত আছে বিশেষ কাৰণ৷

প্রকাশ কৰা মতে, উটৰ গমন সাধাৰণতে নিৰীক্ষণ কৰা নাযায়৷ তদুপৰি উটৰ চাল–চলনৰ সময়ত কোনোধৰণৰ বিশেষ শব্দৰ সৃষ্টি নহয়৷ এনে কাৰণতেই চোৰাং ব্যৱসায়ীয়ে উটৰ জৰিয়তে অবৈধ সুৰা ৰাজধানীলৈ সৰবৰাহ কৰি আহিছে৷ বিশেষ তথ্যৰ আধাৰত ফৰিদাবাদৰ পৰা দক্ষিণ দিল্লীৰ সংগম বিহাৰলৈ উটেৰে অবৈধ সুৰা কঢ়িয়াই অনাৰ তথ্য লাভ কৰি এএটিএছ–এ অভিযান চলায়৷ এই অভিযানত এএটিএছ–এ তিনিটা উটত ৪২ কার্টন অবৈধ সুৰা, ২৪ বটল বীয়েৰসহ পাঁচজনক গ্রেপ্তাৰ কৰে৷ মাজনিশা আৰক্ষীয়ে সন্দেহজনক সামগ্রীৰে উট আহি থকা দেখিয়ে পূর্বৰ নির্ধাৰিত তথ্যৰ আধাৰত উটকেইটাক তালাচী চলায় আৰু তালাচীৰ সময়ত অবৈধ সুৰা লাভ কৰে৷

গ্রেপ্তাৰ কৰা লোককেইজনক বিনোদ ভাদালা, সুনীল ভাদালা, ৰাহুল, অজয় আৰু সৌৰভ বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ অভিনৱ কৌশলেৰে ৰাজধানী দিল্লীলৈ অবৈধ সুৰা কঢ়িওৱাত উট ব্যৱহাৰ কৰাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷

You might also like