নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰযুক্তি নগৰী বেংগালুৰুত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন

প্ৰযুক্তি নগৰী বেংগালুৰুত বিভিন্ন কৰ্ম সূত্ৰে থকা বৃহৎ অসমীয়া সমাজ একত্ৰিত হৈ গঢ়ি তোলা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ নামঘৰত কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰে।

প্ৰায় তিনি শতাধিক লোকৰ সমাগম হোৱা জন্মাষ্টমীৰ এই দিনজোৰা কাৰ্যসূচীত বেংগালুৰুবাসী অসমীয়া লোকসকলে জাতীয় সাজপাৰ পৰিধান কৰি এক বিশেষ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে বেংগালুৰুৰ আবাসীকো উদ্বুদ্ধ কৰি তোলা পৰিলক্ষিত হয় ।

উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজে নামঘৰ প্ৰতিষ্ঠা কৰাৰ পৰাই ভাদ মাহৰ নাম প্ৰসংগ, গুৰু দুজনৰ তিথিৰ লগতে শ্ৰী কৃষ্ণ জন্মাষ্টমী বহুত শ্ৰদ্ধা ভক্তিৰে পালন কৰি আহিছে।কালিৰ অনুষ্ঠানটিত বিশিষ্ট  অতিথি হিচাপে কৰ্ণাটকৰ এগৰাকী প্ৰাক্তন বিধায়ক উপস্থিত থাকি ভাষণ প্ৰদান কৰি অসমীয়া লোক সকলৰ এনে পৰম্পৰাত অভিভূত হৈ পৰে।

উল্লেখ্য যে জন্মাষ্টমী উপলক্ষে নাম প্ৰসংগৰ লগতে বিভিন্ন সাং স্কৃতিক অনুষ্ঠান সম্পন্ন হয়।দিনজোৰা কাৰ্যসূচীত প্ৰায় দুঘন্টা ধৰি দিহানাম আৰু নেগেৰানাম ,মণি ভূঞাৰ বৰগীত পৰিৱেশন, ইন্দ্ৰানী মেধিয়ে পৰিৱেশন কৰা বৰগীতত প্ৰিয়ংকা কলিতাৰ নৃত্য ,ন্যায়িকা বৰাৰ সত্ৰীয়া নৃত্য, শুভাংগিনী গোস্বামীৰ ৰাম বন্দনা ,নন্দিনী বৰা আৰু চান্দিনী বৰাৰ সত্ৰীয়া নৃত্যৰ লগতে কৃষ্ণ লহকৰ তালুকদাৰৰ বৰগীতেৰে জীপাল হৈ পৰাৰ পিছত মাহ প্ৰসাদ আৰু সিদ্ধ অন্নেৰে সকলোকে আপ্যায়ন কৰে।

বাৰ্তা ব্যুৰ’, তেজপুৰ, ১৬ ছেপ্টেম্বৰ

You might also like