নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপৰ আজিৰ খিতাপ যুঁজত দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত–পাকিস্তান

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : এছিয়া কাপৰ ইতিহাসত প্রথমবাৰৰ বাবে ফাইনেলত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ সংযুক্ত আৰব আমীৰ শ্বাহীত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ আজি ডুবাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে সূর্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোক৷ কাৰণ, প্রতিযোগিতাখনত ইতিমধ্যে দুবাৰ পাক বাহিনীক পৰাস্ত কৰিছে টীম ইণ্ডিয়াই৷

গ্রুপ পর্যায়ৰ মেচৰ পাছত ছুপাৰ ফ’ৰৰ মেচখনতো ছলমান আঘাৰ দলটোক ধৰাশায়ী কৰে ভাৰতে৷ অৱশ্যে আজিৰ মেচখন সহজে এৰি নিদিব পাক বাহিনীয়ে৷ প্রতিযোগিতাখনৰ আৰম্ভণিৰ পৰাই দুয়ো দলৰ মাজত বিতর্কৰ সৃষ্টি হৈছে৷ প্রতিযোগিতাখনত দুবাৰকৈ ভাৰতীয় দলটোৰ হাতত পৰাজিত হৈ কঠিন সমালোচনাৰ সন্মুখীন হোৱা পাকিস্তান দলটোৱে পৰাজয়ৰ পোতক তোলাৰ বাবে আজিৰ মেচখনত চেষ্টা চলাব যদিও ইয়াৰ বাবে সম্পূর্ণৰূপে সাজু আছে ভাৰতীয় দলটো৷

আজিৰ খিতাপ যুঁজৰ মেচখন সন্দর্ভত টীম ইণ্ডিয়াৰ অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে ইতিমধ্যে মেচখনৰ বাবে ৰণনীতি প্রস্তুত কৰা হৈছে৷ দলটোত কিছু দুর্বলতা আছে যদিও তাক লৈ আমি বিশেষ চিন্তিত নহয়৷ অভিষেক শর্মা আৰু শুভমন গিলে আক্রমণাত্মক আৰম্ভণি দিব পাৰিলে আমি বিপক্ষ দলটোৰ সন্মুখত বৃহৎ লক্ষ্য থিয় কৰাব পাৰিম৷ বেটিং আৰু বলিং বিভাগক লৈ বিশেষ চিন্তিত নহয় যদিও ফিল্ডিঙৰ সমস্যাই কিছু পৰিমাণে দলটোক চিন্তাত ৰাখিছে৷ প্রতিযোগিতাখনত ফিল্ডাৰসকলে এতিয়ালৈকে ১২টাকৈ কেছ ড্রপ কৰিছে৷ এয়া দলৰ বাবে ভাল লক্ষণ নহয়৷ মেচ এখনত জয়লাভ কৰিবলৈ হ’লে ফিল্ডিঙৰ ওপৰত বহুখিনি নির্ভৰ কৰে৷ আশা ৰাখিছোঁ- সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰিব৷

ইপিনে, নিজৰ বেটিঙক লৈও কিছু পৰিমাণে চিন্তিত হৈ পৰা বুলি উল্লেখ কৰি সূর্যকুমাৰে লগতে কয় যে প্রতিযোগিতাখনত এতিয়ালৈকে তেওঁ সামর্থ্য অনুসৰি খেলিব পৰা নাই৷ যিহেতু ভাৰত-পাকৰ মেচখন খিতাপ যুঁজৰ মেচ, গতিকে উক্ত মেচখনত তেওঁ দীঘলীয়া ইনিংছ খেলিব পাৰিব বুলি আশাবাদী৷ তদুপৰি যশপ্রীত বুমৰাহে মূল একাদশলৈ প্রত্যাৱর্তন কৰিব বুলি উল্লেখ কৰি টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে লগতে কয় যে শ্রীলংকাৰে খেলা ছুপাৰ ফ’ৰৰ মেচখনত অভিষেক শর্মা আৰু হার্দিক পাণ্ডিয়া সামান্যভাৱে আঘাতপ্রাপ্ত হয় যদিও ইয়াক লৈ কোনো চিন্তাৰ কাৰণ নাই৷ দুয়োগৰাকী ক্রিকেটাৰে ফাইনেল মেচখনত খেলিব৷ উল্লেখ্য যে ৪১ বছৰ পাছত এছিয়া কাপৰ ফাইনেলত প্রথমবাৰলৈ মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান৷

খেলৰ সময় : নিশা ৮ বজা৷

You might also like