নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেতা বিজয় কুমাৰৰ সমাৱেশত অঘটন : পদপিষ্ট হৈ ৩৬জনৰ প্ৰাণহানি

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ : তামিলনাডুৰ কৰুৰত কালি আয়োজিত টিভিকে (তামিলাগা ভেট্ৰি কাঝাগাম (TVK)ৰ মুৰব্বী তথা অভিনেতা বিজয় কুমাৰৰ সমাৱেশত ভয়াৱহ অঘটন সংঘটিত হৈছে৷ প্রচণ্ড ভিৰৰ বাবে সমাৱেশত পদপিষ্ট হৈ অতিকমেও ৩৬জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৫৮জনতকৈ অধিক আহত হৈছে৷

ঘটনাৰ বিৱৰণী মতে, কপুৰত ছুপাৰষ্টাৰ, ৰাজনৈতিক নেতা তথা টিভিকেৰ মুৰব্বী বিজয়ে সমাৱেশত অংশ লৈ ভাষণ সামৰাৰ পিছত ভিৰৰ মাজত হুৱাদুৱা লাগে৷ সমাৱেশত প্রচণ্ড ভিৰ হোৱাৰ পৰিপ্রেক্ষিতত পদপিষ্ট হৈ ৩৬জন লোকৰ মৃত্যু ঘটে৷ ইয়াৰ ভিতৰত ৭টি শিশুও আছে৷ টিভিকেৰ সমাৱেশত শোকাৱহ পদপিষ্টৰ ঘটনাক লৈ সামাজিক মাধ্যমযোগে শোক প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রাণ হেৰুওৱাসকলৰ প্রতি শোক প্রকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ শীঘ্রে আশু আৰোগ্য কামনা কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

ইপিনে, তামিলনাডুৰ মুখ্যমন্ত্রী তথা ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিনে শোকাৱহ পদপিষ্টৰ ঘটনাটিক লৈ উদ্বিগ্ণতা প্রকাশ কৰে৷ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় প্রশাসনৰ লোকসকলক শীঘ্রে সহায় কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্রী ষ্টেলিনে৷

You might also like