নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক জোতা নিক্ষেপৰ চেষ্টা!

আজি উচ্চতম ন্যায়ালয়ত (ছুপ্ৰিম কৰ্ট)ত তীব্ৰ চাঞ্চল্য সৃষ্টি হয়, যেতিয়া এজন উকীলে মুখ্য ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাভাই (CJI B R Gavai)ৰ বেঞ্চৰ সন্মুখত শ্লোগান দি জোতা নিক্ষেপ কৰাৰ চেষ্টা কৰে। CJI গাভায়ে এই ঘটনাৰ বিষয়ে মন্তব্য কৰি কয়, “এই কৰ্মই মোক প্ৰভাৱিত নকৰে।”

বাৰ এণ্ড বেঞ্চৰ প্ৰতিবেদন অনুসৰি, ঘটনাটো সংঘটিত হোৱাৰ সময়ত উকীলসকলে CJI গাভাই নেতৃত্বাধীন বেঞ্চৰ আগত কেইবাটাও গোচৰ উলিয়াই আছিল। সূত্ৰৰ তথ্য মতে, এই সময়ত এজন উকীল বেঞ্চৰ ওচৰলৈ আগবাঢ়ি আহি জোতা খুলি বিচাৰপতিৰ দিশে নিক্ষেপ কৰাৰ চেষ্টা কৰে। যদিও কোৰ্টত উপস্থিত নিৰাপত্তাৰক্ষীয়ে তৎক্ষণাত তেওঁক ধৰি কোৰ্টৰ বাহিৰলৈ লৈ যায়।

CJI গাভাইয়ে কি কৈছিল?

কৰ্টৰ পৰা বাহিৰলৈ নিয়াৰ সময়ত সেই উকীলজনে চিঞৰি কৈছিল— “সনাতন ধৰ্মৰ অপমান ভাৰতে সহিব নোৱাৰে।” কিন্তু CJI গাভাইয়ে ঘটনাটোক বিশেষ গুৰুত্ব নিদিয়ে আৰু আন উকীলসকলক তেওঁলোকৰ যুক্তি আগবঢ়াবলৈ কয়। তেওঁ কৈছিল— “এইবোৰ বিষয়ৰ কাৰণে মনোযোগ বিচ্যুত হোৱাৰ প্ৰয়োজন নাই। আমি এনে বস্তুৱে বিচলিত নহওঁ। এইবোৰে মোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।”

সঁচাকৈয়ে উকীলে জোতা নিক্ষেপ কৰিছিল নে?

কিছু প্রত্যক্ষদৰ্শীৰ মতে, উকীলজনে নিজৰ জোতা খোলাৰ চেষ্টা কৰিছিল, আনহাতে কিছুমানে কৈছিল যে তেওঁ জোতা নহয়, বগা কাগজ এখনহে ঘূৰণীয়া কৰি কিবা কৈছিল।

খাজুৰাহোৰ বিষ্ণুমূৰ্তিৰ পুনৰুদ্ধাৰ গোচৰৰ সৈতে সম্পৰ্ক

এই ঘটনাটোক খাজুৰাহোত থকা ভগৱান বিষ্ণুৰ ভাঙি যোৱা প্ৰতিমূৰ্তিৰ পুনৰুদ্ধাৰ সম্পৰ্কীয় গোচৰত CJI গাভাইৰ আগৰ মন্তব্যৰ সৈতে সম্পৰ্কিত বুলি ধৰা হৈছে। ১৬ ছেপ্টেম্বৰত CJI গাভাইয়ে এই মামলাত শুনানি নকৰাৰ সিদ্ধান্ত লৈ কৈছিল যে এই বিষয়টো “আর্কিঅ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া (ASI)”ৰ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত পৰে, সেয়ে ক’ৰ্টে ইয়াত হস্তক্ষেপ নকৰিব।

তেওঁ তেতিয়া এটা সাধাৰণ মন্তব্যও কৰিছিল— “আপুনি কৈছে আপুনি ভগৱান বিষ্ণুৰ মহা ভক্ত। তেন্তে তেওঁকেই প্ৰাৰ্থনা কৰক, তেওঁ নিজেই কিছু কৰিব।”

এই মন্তব্যৰ পিছত সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছিল আৰু বহুতে মুখ্য ন্যায়াধীশৰ ওপৰত ধৰ্মীয় অনুভূতি আঘাত কৰাৰ অভিযোগ তোলে। পিচত CJI গাভাইয়ে মুক্ত আদালতত নিজে কৈছিল— তেওঁৰ উদ্দেশ্য কোনো ধৰ্মক অপমান কৰা নহয়, তেওঁ সকলো ধৰ্মৰ প্ৰতি সমান সন্মান ৰাখে।

নিয়মীয়া বাৰ্তা ডেস্ক, ৬ অক্টোবৰ

You might also like