সম্পাদকীয় : কিতাপ আৰু নতুন প্রজন্ম
সম্পাদকীয় : কিতাপ আৰু নতুন প্রজন্ম
মানুহে প্রথমে জুই আৱিষ্কাৰ কৰিছিল, পাছত আখৰ আৰু তাৰ পাছতে কিতাপে মানুহক সভ্যতাৰ পথেৰে আগবঢ়াই লৈ গৈ আছিল৷ শিলৰ গুহাৰ অংকনৰ পৰা আৰম্ভ কৰি, বেদ–উপনিষদ, মহাকাব্য, লাওৎ–চে বা এৰিষ্ট’টলৰ দর্শন, শেইক্সপীয়েৰৰ নাটক, শংকৰদেৱৰ কাব্য, ৰবীন্দ্রনাথৰ গীতাঞ্জলি– সভ্যতাৰ এই সকলো অভিজ্ঞতা, চিন্তা আৰু সপোন আজিও কিতাপৰ পৃষ্ঠাত নিৰাপদ হৈ অমৰ হৈ থকা বাবে আজিও আমি সেইবোৰক স্পর্শৰে ধন্য হ’ব পাৰোঁ৷ সেইবাবেই কিতাপক সভ্যতাৰ সর্বশ্রেষ্ঠ ভাণ্ডাৰ হিচাপে সন্মান কৰা হয়৷
কিন্তু দুখৰ কথা, আজিৰ নতুন প্রজন্ম পুথিৰ গোন্ধত নহয়, স্ক্রীনৰ উজ্জ্বল পোহৰতহে আবদ্ধ হৈ পৰিছে৷ কিতাপৰ পৃষ্ঠা লুটিয়াই চোৱা লাহে লাহে অভ্যাস বিলুপ্ত হৈ গৈছে, কী–ব’ৰ্ডৰ ক্লিক আৰু আঙুলিৰ ছোৱাইপেই তেওঁলোকৰ পঠন অভ্যাস৷ এই প্রতিযোগিতামূলক সময়ত শ্রেণীকোঠাৰ পাঠ্য সামগ্রীয়ে তেওঁলোকৰ যাত্রা সীমাবদ্ধ কৰি আনিছে৷ উপন্যাসৰ নীৰৱ যাত্রা, কাব্যৰ সংগীতময় জগত, ইতিহাসৰ ৰঙীন অধ্যায় আদিৰ দৰে অভিজ্ঞতাবোৰ তেওঁলোকৰ বাবে প্রায় অচিনাকি হৈ গৈছে৷
কিতাপ এখন অকল আখৰৰ সমষ্টি নহয় ই হৈছে হৃদয়ৰ শব্দ৷ এজন লেখকে যি অনুভৱ কৰিছিল, যি সপোন দেখিছিল, যি সংগ্রাম কৰি আছিল– কিতাপ এখনে সেই সকলো পাঠক এজনৰ হৃদয়লৈ বহন কৰি লৈ যায়৷ এজন পাঠকে কিতাপৰ পৃষ্ঠাৰ মাজেৰে সময়, দেশ, সংস্কৃতি, ভাষা, চিন্তাধাৰা আদিৰ মাজেৰে ভ্রমণ কৰে৷ কিতাপ আৰু পাঠক অবিহনে সভ্যতা শিপাহীন গছৰ দৰে হালি পৰিব৷
স্বাভাৱিকতে পাঠ্যপুথিয়ে পৰীক্ষা আৰু জীৱিকাৰ বাবে পথ প্রদর্শন কৰে, কিন্তু ই জীৱনৰ বাবে সকলো নহয়৷ জীৱন জানিবলৈ উপন্যাস পঢ়িব, সহানুভূতি বুজিবলৈ কবিতা পঢ়িব লাগে, সঁচা জীৱনৰ অভিজ্ঞতা শুনিবলৈ জীৱনী পঢ়িব লাগে৷ নতুন প্রজন্মই যদি অকল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ থাকে, তেন্তে তেওঁলোকে শিক্ষা ঠিকেই পাব, কিন্তু জ্ঞান নাপাব চাকৰি পাব, কিন্তু জীৱনৰ সোৱাদ উপলব্ধি কৰিব নোৱাৰিব৷
নতুন প্রজন্মৰ মাজত কিতাপ পঢ়াৰ কমি অহা অভ্যাসক নতুন জীৱন দিব পৰা সম্প্রদায়টো হ’ল শিক্ষক সমাজ৷ যদি বিভিন্ন পর্যায়ৰ শিক্ষক–শিক্ষয়িত্রীয়ে নিজেহ কিতাপ পঢ়াৰ আনন্দ উপভোগ কৰে, তেন্তে সেই আনন্দ তেওঁ সহজেই ছাত্র–ছাত্রীসকলৰ মাজলৈ লৈ যাব পাৰে৷
শিক্ষানুষ্ঠানত এটা আধুনিক লাইব্রেৰী, সপ্তাহত এবাৰ কিতাপ পঢ়াৰ পাঠদান, বিভিন্ন আঞ্চলিক সাহিত্যৰ পাঠ– এইবোৰ সৰু সৰু প্রচেষ্টাই ছাত্র–ছাত্রীসকলৰ জীৱনৰ একোটা দিশ অর্থপূর্ণ কৰি তুলিব পাৰে৷ তথাপি এটা কথা ঠিক যে আজিৰ এই নতুন প্রজন্ম ডিজিটেল যুগৰ সন্তান৷ ছপা কিতাপৰ পৰিৱর্তে তেওঁলোক অধিক পৰিচিত ই–বুক, অডিঅ’ বুক, এপনির্ভৰ কিতাপ আদিৰ সৈতে৷ এহবোৰক প্রতিদ্বন্দ্বী বুলি নাভাবি সংগী হিচাপে গ্রহণ কৰাটোৱেই সময়ৰ দাবী৷ ই–বুকৰ সুৰভিৰে কিতাপ পঠনৰ প্রতি একাত্মবোধ কৰিলে হয়তো সেই পাঠকে এদিন কেতিয়াবা কাগজৰ গোন্ধৰ লগতো বন্বুূত্ব স্থাপন কৰিব৷
অডিঅ’বুক শুনি শুনি হয়তো এজন ছাত্রই কেতিয়াবা আচল ডপন্যাসখনো হাতত তুলি ল’ব৷ এহ দিশত চৰকাৰে বিশেষ ভূমিকা ল’ব পাৰে আৰু অসম চৰকাৰে এই বছৰটোক গ্রন্থবর্ষ হিচাপে উদ্যাপন কৰাটো সেই সদিচ্ছাৰ প্রতিফলন৷ চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়া অসমৰ বিভিন্ন প্রান্তত গ্রন্থমেলা অনুষ্ঠিত হয় আৰু সেইবোৰে পাঠক সৃষ্টি কৰাত ভালেখিনি অৰিহণা আগবঢ়ায়৷ কিন্তু এটা কথা ঠিক যে এই মেলাবোৰ প্রাচীন পদ্ধতিতেই আয়োজিত হৈ আহিছে, কিতাপ পঠনৰ নতুন নতুন আহিলা আৰু এই দিশত সলনি হোৱা মানসিকতাক গ্রন্থমেলাবোৰে স্পর্শ কৰিব পৰা নাই৷ গ্রন্থমেলা
মূলতঃ বিক্রেতা আৰু পাঠকৰ মেলা৷ গ্রন্থমেলাবোৰত প্রকাশক আৰু পাঠকে যিমান গুৰুত্ব পাব লাগে মেলাবোৰে তাক দিব পৰা নাই৷ গ্রন্থমেলাবোৰে পাঠক আৰু ক্রেতাক উৎসাহিত কৰিবলৈ হ’লে এই সম্প্রদায়টোক মেলাত ভালেখিনি ঠাই আৰু সময় দি লেখক আৰু প্রকাশকসকলক তেওঁলোকৰ কথা প্রকাশ কৰাৰ সুবিধা দিব লাগিব৷ এই মত বিনিময়ে প্রকাশক আৰু লেখক সমাজকো নতুন চিন্তাৰ সমল দিব৷ এনেদৰে শিক্ষক, অভিভাৱক আৰু চৰকাৰ সকলোৰে একত্র প্রচেষ্টাতহে নতুন প্রজন্মই ডপলব্ধি কৰিব পাৰিব যে কিতাপ কেৱল কাগজত ছপা আখৰ নহয়, ই হৈছে সভ্যতাৰ স্তম্ভ, জীৱনৰ সুৰ আৰু কল্পনাৰ ডেউকা৷