জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই স্থগিত যৌৱনে আমনি কৰে-২ৰ শুভমুক্তি
লক্ষ্মী নাৰায়ণ ফিল্মচে সামাজিক মাধ্যমযোগে সদৰী কৰে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি কাইলৈ মুক্তি পাব লগা নতুন অসমীয়া চলচ্চিত্র “যৌৱনে আমনি কৰে ২”ৰ মুক্তি সাময়িকভাৱে স্থগিত কৰা হৈছে।
লক্ষ্মী নাৰায়ণ ফিল্মছে জনোৱা মতে “যৌৱনে আমনি কৰে ২”ৰ নতুন মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হব।

লক্ষ্মী নাৰায়ণ ফিল্মছে ছচিয়েল মিডিয়াত ৰাজহুৱা কৰা জাননী অনুসৰি “প্রিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত আমি গভীৰভাৱে শোকাহত। তেওঁৰ সংগীত আৰু অৱদান সদায় আমাৰ হৃদয়ত অম্লান হৈ থাকিব। তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাই, আৰু বৰ্তমানৰ পৰিস্থিতি বিবেচনা কৰি, অহা ১০ অক্টোবৰ ২০২৫ ত মুক্তি পাব লগা আমাৰ নতুন অসমীয়া চলচ্চিত্র “যৌৱনে আমনি কৰে ২”ৰ মুক্তি সাময়িকভাৱে স্থগিত কৰা হৈছে।”
জাননীখনত আৰু উল্লেখ কৰে, “চলচ্চিত্ৰখনৰ নতুন মুক্তিৰ তাৰিখ পৰৱৰ্তী সময়ত জনোৱা হ’ব। প্রিয় শিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নেদেখাজনৰ ওচৰত সেৱা জনাইছোঁ। সংগীত জগতলৈ তেওঁৰ অৱদান অপৰিসীম, তেওঁৰ সুৰৰ ধ্বনি সদায় আমাৰ হৃদয়ত প্রতিধ্বনিত হৈ থাকিব।”
নিয়মীয়া বাৰ্তা ডেস্ক, ৯ অক্টোবৰ