নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সন্ত্রাস নির্মূলৰ বাবে একত্রিত হ’ব দিল্লী–কাবুল : তালিবানৰ বিদেশ মন্ত্রীৰে ঐতিহাসিক বৈঠক এছ জয়শংকৰৰ

নিউজ ডেস্ক, ১১ অক্টোবৰ : তালিবানশাসিত আফগানিস্তানৰ বিদেশ মন্ত্রী আমিৰ খান মুট্টাকীয়ে ঐতিহাসিক ভাৰত ভ্রমণৰ সময়ত বৈঠকত মিলিত হয় বৈদেশিক মন্ত্রী এছ জয়শংকৰৰে৷ এই ঐতিহাসিক বৈঠকত আফগানিস্তান আৰু ভাৰতে সন্ত্রাসবাদৰ সৈতে মোকাবিলা কৰাৰ বাবে একত্রিতভাৱে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ পাকিস্তানৰ সন্ত্রাস নির্মূলৰ বাবেই নতুন দিল্লী আৰু কাবুলে সহযোগিতাৰে আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷

উল্লেখ্য যে পাকিস্তানৰ সীমান্তত সন্ত্রাসবাদৰ বলি হৈ আছে ভাৰত আৰু আফগানিস্তান৷ ইয়াৰ পৰিপ্রেক্ষিততে দুয়োখন দেশে সীমান্তত পাকিস্তানৰ সন্ত্রাসবাদ নির্মূল কৰিবলৈ হ’লে একত্রিত হৈ কাম কৰিব লাগিব বুলিও বৈঠকত আলোচনা হয়৷ ৰাষ্ট্রসংঘই তালিবানৰ বৈদেশিক মন্ত্রী মুট্টাকীৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা প্রত্যাহাৰ কৰাৰ পাছত প্রথমবাৰৰ বাবে ভাৰত ভ্রমণলৈ আহিছে৷

বৈঠকৰ সময়ত তালিবানৰ মন্ত্রীগৰাকীয়ে তেওঁলোকৰ দেশৰ ভূমি কোনো দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ ভাৰতে শীঘ্রেই কাবুলত ভাৰতীয় দূতাৱাস মুকলি কৰাৰ আশ্বাস দিয়ে বৈদেশিক মন্ত্রী জয়শংকৰে৷ তদুপৰি আফগানিস্তানৰ স্বাস্থ্যখণ্ডত নতুনকৈ ৬টা প্রকল্প আৰম্ভ কৰিব নতুন দিল্লীয়ে৷

You might also like