জনসংখ্যা মাত্র ৫.৫ লাখ, বিশ্বকাপ ফুটবললৈ কেপ ভার্ডেৰ
মেচখনত কেপ ভার্ডেই বিজয় সাব্যস্ত কৰাৰ লগে লগে দেশখনৰ ৰাজধানী প্রাইয়াত বিজয় উদ্যাপন কৰে অনুৰাগীসকলে৷ সহস্রাধিক লোক ৰাজপথলৈ ওলাই আহি হর্ণ বজাই, আতচবাজী জ্বলাই আনন্দত মতলীয়া হৈ পৰে৷
জনসংখ্যা মাত্র ৫.৫ লাখ৷ পশ্চিম আফ্রিকাৰ সৰু দ্বীপ ৰাষ্ট্র কেপ ভার্ডেৰ নাম হয়তো বহুতেই নাজানে৷ এই অখ্যাত দেশখনে অহা বর্ষত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছে৷ ২০১৮ চনত আইচলেণ্ডৰ পিছতে বিশ্বৰ দ্বিতীয়খন সৰু দেশ হিচাপে কেপ ভার্ডেই ফিফা বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷
প্রাইয়াত অনুষ্ঠিত মেচখনত ব্লু শ্বার্কছ নামেৰে জনাজাত কেপ ভার্ডেই এছৱাটিনিক ৩–০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে৷ আফ্রিকা মহাদেশৰ বিশ্বকাপৰ অর্হতা পর্যায়ৰ গ্রুপ ডিত থকা কেপ ভার্ডেই ২৩ পইণ্ট সংগ্রহ কৰি বিশ্বকাপলৈ যোগ্যতা অর্জন কৰে৷ বিশ্বকাপত অর্হতা পর্যায়ৰ মেচত কেপ ভার্ডেই ৮ বাৰৰ বিশ্বকাপ বিজয়ী কেমেৰুনক পৰাস্ত কৰি বৃহৎ অঘটন সংঘটিত কৰিছিল৷
মেচখনত কেপ ভার্ডেই বিজয় সাব্যস্ত কৰাৰ লগে লগে দেশখনৰ ৰাজধানী প্রাইয়াত বিজয় উদ্যাপন কৰে অনুৰাগীসকলে৷ সহস্রাধিক লোক ৰাজপথলৈ ওলাই আহি হর্ণ বজাই, আতচবাজী জ্বলাই আনন্দত মতলীয়া হৈ পৰে৷ মন কৰিবলগীয়া যে ১৯৭৫ চনত পর্টুগালৰ পৰা স্বাধীনতা লাভ কৰা কেপ ভার্ডেৰ বেছিভাগ খেলুৱৈৰ জন্ম দেশৰ বাহিৰত৷
২০০২ চনত প্রথমবাৰৰ বাবে বিশ্বকাপৰ কোৱালিফায়াৰত খেলিছিল আৰু তেতিয়াৰে পৰা তেওঁলোকে ধাৰাবাহিকভাৱে অগ্রগতি লাভ কৰিছিল৷ ২০১৩ আৰু ২০২৩ চনত আফ্রিকা কাপ অব নেচনছৰ কোৱার্টাৰত প্রৱেশ কৰিছিল কেপ ভার্ডে৷
উল্লেখ্য যে অহা বর্ষত হ’বলগীয়া ফিফা বিশ্বকাপলৈ এতিয়ালৈকে ২২খন দেশে খিতাপ নিশ্চিত কৰিছে৷ কেপ ভার্ডেৰ উপৰি আফ্রিকাৰ পৰা ঘানা, মৰক্কো, টিউনেছিয়া, ইজিপ্ত আৰু আলজেৰিয়াই বিশ্বকাপলৈ যোগ্যতা অর্জন কৰিছে৷
নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ