নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ দিন অৰ্থাৎ তিনি সপ্তাহৰ লকডাউন ঘোষণা কৰে । কিন্তু মাত্ৰ তিনি সপ্তাহৰ লকডাউনে এই সংক্ৰমণ ৰোধ কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে গৱেষকসকলে ।
সমগ্ৰ পৃথিৱীতে আতংকৰ সৃষ্টি কৰা ক’ৰোনাৰ ফলত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ মানৱ জাতি । এনে এক পৰিস্থিতিত চেন্নাইৰ ইনষ্টিটিউট অৱ মেথমেটিকেল ছায়েন্স আৰু ইউনিভাৰ্ছিটি অৱ কেমব্ৰিজে কৈছে যে লকডাউনৰ মাজে মাজে শিথিল কৰাৰ পাচতেই কমিব পাৰে ইয়াৰ সংক্ৰমণ । কিন্তু এইক্ষেত্ৰত মাত্ৰ তিনি সপ্তাহৰ লক ডাইনে কোনো কামত নিদিব বুলিও উল্লেখ কৰে গৱেষক সকলে ।
এই দুয়োটা সংস্থাৰ গৱেষকসকলৰ মতে একৈশ দিন লকডাউনৰ অন্তত ৫ দিন খুলি দিব পাৰে লকডাউন । তাৰ পাচত পুনৰ ২৮ দিন লকডাউন কৰিব লাগিব । ২৮ দিনৰ পাচত আকৌ বিৰতি । তাৰ পিচত পুনৰ ১৪ দিনৰ লকডাউন । এনেকৈ মাজে মাজে বিৰতি দিলেও মুঠ লকডাউন হ’ব ৬৩ দিন ।
গৱেষক সকলৰ মতে , মাত্ৰ ২১ দিনৰ লকডাউন একেবাৰেই যথেষ্ট নহয় । বিৰতিৰ অন্তে অন্তে লকডাউন দিলে সংক্ৰমণ হাৰ কমিব বুলি আশাবাদী গৱেষকসকল । এনে কৰাৰ পাচতেই ক’ৰোনাৰ ভাইৰাছৰ শৃংখলডাল সম্পূৰ্ণৰূপে ভাঙি যাব বুলি উল্লেখ কৰে কৰে ।