নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ বিমান আক্ৰমণত নিহত আফগানিস্তানৰ ৩ ক্ৰিকেটাৰ

পাকিস্তান-আফগানিস্তান সীমান্তত অধিক অশান্তময় পৰিস্থিতি বিৰাজ কৰি থকাৰ মাজতে আফগানিস্তানত হঠাৎ বিমান আক্ৰমণ চলালে পাকিস্তানে। শুকুৰবাৰৰ পাকিস্তানী সেনাৰ আক্ৰমণত ৩জন আফগান ক্ৰিকেটাৰকে ধৰি কমেও ৮জনৰ মৃত্যু হৈছে। পাকিস্তানৰ এই ঘৃণনীয় আক্ৰমণৰ প্ৰতিবাদত ক্ষুব্ধ হৈ আফগান ক্ৰিকেটাৰ ৰছিদ খানে ছ’চিয়েল মিডিয়াত নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। লগতে আগন্তুক মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় টুৰ্ণামেণ্টৰ পৰাও নাম প্ৰত্যাহাৰ কৰিছে আফগানিস্তানে। এই টুৰ্ণামেণ্টত পাকিস্তান, আফগানিস্তানৰ লগতে শ্ৰীলংকাই খেলাৰ কথা আছিল।

আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ তৰফৰ পৰা চিনাক্ত কৰা নিহত তিনি ক্ৰিকেটাৰ হৈছে কবিৰ, ছিবঘাটুল্লাহ আৰু হাৰুণ। তিনিওজনেই স্থানীয় ক্ৰিকেটাৰ। জানিব পৰা মতে, তেওঁলোকে এখন প্ৰীতি মেচ খেলি পক্তিকা প্ৰদেশৰ উৰ্গুনৰ পৰা শাৰানা অঞ্চললৈ উভতি আহি আছিল। সেই সময়ত পাক বিমান আক্ৰমণত তিনিওজনৰ মৃত্যু হয়। এচিবিৰ তৰফৰ পৰা পাকিস্তানৰ এই আক্ৰমণক ‘কাপুৰুষোচিত’ বুলি অভিহিত কৰা হৈছে। লগতে আগন্তুক মাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া ত্ৰিদেশীয় শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে আফগানিস্তানে।

তিনি ক্ৰিকেটাৰকে ধৰি ৮জনৰ মৃত্যুৰ ঘটনাত ক্ষুব্ধ হৈ পৰিছে আফগান ক্ৰিকেটাৰসকল। ৰশিদ খানে ছ’চিয়েল মিডিয়াত লিখিছে- “পাকিস্তানৰ বিমান আক্ৰমণত আফগানিস্তানৰ সাধাৰণ মানুহৰ মৃত্যুত মই গভীৰভাৱে শোকাহত। এই আক্ৰমণে মহিলা-শিশুৰ লগতে তৰুণ ক্ৰিকেটাৰসকলৰ জীৱন কাঢ়ি নিছে, যিসকলে দেশক বিশ্বমঞ্চত প্ৰতিনিধিত্ব কৰাৰ সপোন দেখিছিল। নিৰীহ, সাধাৰণ মানুহক হত্যা কৰাটো অমানৱীয় আৰু বৰ্বৰোচিত। মানৱাধিকাৰ উলংঘনৰ এই অপৰাধ কেতিয়াও পাহৰিব নোৱাৰি। এই কঠিন সময়ত মই মানুহৰ কাষত আছো, জাতীয় মৰ্যাদা সকলোৰে আগত। এই পৰিস্থিতিত আফগানিস্তান ক্ৰিকেট ব’ৰ্ডৰ তৰফৰ পৰা পাকিস্তানত ত্ৰিদেশীয় শৃংখলা বাতিলৰ সিদ্ধান্তক মই স্বাগতম জনাইছো।”

ডিজিটেল ডেস্ক, ১৮ অক্টোবৰ
You might also like