নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : জনতাৰ কণ্ঠ জুবিন গার্গৰ সহধর্মিণী গৰিমা শইকীয়াৰে সাক্ষাৎকাৰ

জুবিনে ন্যায় পালেহে অন্তৰৰ জুইকুৰা নির্বাপিত হ’ব

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ
ফোন : ৮৬৩৮৪–১৪৯৫৪

জুবিন গার্গ নথকাৰ অনুভৱত এতিয়া সকলোৰে অশ্রু নিগৰিছে৷ এই কথা ভাবিলে আপোনাৰ অন্তৰত কেনে বেদনাৰ সৃষ্টি হয়?
তেওঁ আঁতৰি যোৱাৰ এমাহ সম্পূর্ণ হ’ল৷ কিন্তু এতিয়াও ভাবিব নোৱাৰোঁ যে জুবিন আমাৰ মাজত নাই৷ এইকেইদিনত হাজাৰ হাজাৰ মানুহ আমাৰ ঘৰলৈ আহিছে৷ মই সকলোকে মাত লগাইছোঁ৷ তেওঁ কায়িকভাৱে আমাৰ মাজত নাথাকিলেও বেৰত আঁৰি থোৱা প্রতিখন ছবিৰ সৈতে মই যেন অনবৰতে কথা পাতিছোঁ৷ প্রতিটো মুহূর্তত মই তেওঁৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছোঁ৷ মই তেওঁক সকলো কথা সুধিছোঁ আৰু উত্তৰো পাইছোঁ৷ কেতিয়াবা মই ভাগৰি পৰিছোঁ, ৰৈ গৈছোঁ৷ তেতিয়া তেওঁ মোক হাঁহি হাঁহি কৈছে– চোৱা, মই কৈছিলোঁ নহয়, মই নাথাকিলেও মানুহে তোমাক ৰাণীৰ দৰে ৰাখিব বুলি৷ এতিয়া মানুহৰ অবিৰত সোঁতত তুমি ভাগৰি পৰিছা৷ এনেদৰে কৈ যেন তেওঁ মোৰ ফালে এপলক নেত্রে চাই হাঁহি আছে৷ জুবিনে মোক আগতেও কৈছিল– তুমি বাঘৰ পত্নী, বাঘিনীৰ দৰে থাকিব লাগিব৷ মই ৰজা, তুমি ৰাণীৰ দৰে থাকিব লাগিব৷ তেওঁৰ প্রতিখন ফটোৱে মোৰ লগত কথা পাতি যায়৷ সাহসী হ’বলৈ, আত্মবিশ্বাসী হ’বলৈ মোক উৎসাহ যোগায়৷

আপোনাৰ দৃষ্টিত জুবিন গার্গ ভগৱানসদৃশ৷ অসমবাসীৰ বাবেও তেওঁ এজন ঈশ্বৰ৷ কিন্তু ভগৱানক হেৰুৱাই আপুনি তেওঁৰেই ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিবলগীয়া হৈছে?
জীৱিত কালত মই জুবিন গার্গক এগৰাকী চেলিব্রিটী আৰু মানৱতাবাদী পুৰুষ বুলি ভাবি আছিলোঁ৷ কিন্তু তেওঁৰ আকস্মিক মৃত্যুৰ পিছত লক্ষ লক্ষ জনতাই দেখুওৱা অপৰিসীম মৰম আৰু ভালপোৱাই মোক মর্মে মর্মে উপলব্ধি কৰাইছে যে ইমানদিনে মোৰ ওচৰত এগৰাকী ভগৱান আছিল৷ মই ইতিমধ্যে এই কথা কেইবাবাৰো প্রকাশ কৰিছোঁ৷ কেৱল মোৰ বাবেই নহয়, হাজাৰ হাজাৰ অনুৰাগীৰ দৃষ্টিতো জুবিন গার্গ ঈশ্বৰ আছিল৷ কাৰণ আর্তজনৰ ওচৰত তেওঁ সকলো সময়তে থিয় দিছিল৷ এইগৰাকী ভগৱানক হেৰুৱাই মই দিশহাৰা হৈ পৰিছোঁ৷ জুবিন নাই বুলি মই মানি ল’ব নোৱাৰোঁ৷ অসমীয়া জাতিৰ বাবে আজীৱন অতন্দ্র প্রহৰী হৈ অহা জুবিন গার্গৰ ন্যায়ৰ বাবে যুঁজি থাকিবলগীয়া হোৱাটো জাতিটোৰ বাবেই দুর্ভাগ্যজনক৷ ভগৱানৰ ন্যায়প্রাপ্তিৰ বাবে মই দিনৰ পিছত দিন ধৈর্যৰে অপেক্ষা কৰিছোঁ৷ মই তেওঁৰ ন্যায়ৰ বাবে বৰ আস্থাৰে ৰৈ আছোঁ৷ অসমৰ প্রতিগৰাকী লোকে জুবিনৰ ন্যায় বিচাৰি মোৰ মুখলৈ চাই আছে৷ প্রতিটো মুহূর্ততে মই ভাবিব বিচাৰিছোঁ যে তেওঁ মোৰ লগতে আছে৷ কিন্তু ইয়াৰ বিপৰীতে ভাবিবলগীয়া হৈছে যে তেওঁ নাই বাবেহে মই ন্যায় যুদ্ধত অৱতীর্ণ হ’বলগীয়া হৈছে৷ সেইবাবে জুবিনৰ মৃত্যুৰ পিছত মোৰ মনত সৃষ্টি হোৱা গভীৰ অন্তর্দ্বন্দ্ব অন্য লোকতকৈ পৃথক৷ মই কেতিয়াবা তেওঁ আছে বুলি নিজকে পতিয়ন নিয়াইছোঁ আৰু কোনোবা মুহূর্তত তেওঁ নাই বুলি বিশ্বাস কৰিবলগীয়া হৈছে৷ মনৰ এনে দোদুল্যমান অৱস্থাৰ বাবে মই প্রবল অন্তর্দ্বন্দ্বত ভুগি আছোঁ৷ এই অন্তর্দ্বন্দ্বৰ বাবে বুকু পুৰি ছাই হৈ যোৱা মুহূর্ত কিছুমান লৈ মই এতিয়া জীয়াই আছোঁ৷ এনে পৰিৱেশত তেওঁকেই মই কৈছোঁ– যিহেতু তুমিয়েই মোৰ ঈশ্বৰ, তুমিয়েই মোক পথ দেখুওৱা৷

এতিয়া আপোনাৰ সন্মুখত দুটা গভীৰ দায়িত্ব আহি পৰিছে৷ এটা জুবিনৰ ন্যায় আৰু আনটো হৈছে তেওঁৰ সৃষ্টিকর্ম আগুৱাই নিয়া৷ ইয়াৰে প্রথমটো দায়িত্ব তথা প্রত্যাহ্বান কিদৰে গ্রহণ কৰিছে?
জুবিন গার্গৰ নিচিনা এজন সৰল আৰু মহামানৱৰ মৃত্যুৰ বাবে ন্যায় বিচাৰিবলগীয়া হোৱাটোৱেই এতিয়াও চাগে তেওঁক ক’ৰবাত দুখ দি আছে৷ সেইবাবে তেওঁৰ ন্যায়প্রাপ্তিৰ যুঁজখন চলাই নিব লাগিব৷ তেওঁ ন্যায় পালেহে আৰু অপৰাধীয়ে কঠোৰ শাস্তি পালেহে মোৰ অন্তৰৰ জুইকুৰা নির্বাপিত হ’ব৷ জুবিনৰ আধৰুৱা সপোন আমি সম্পূর্ণ কৰিবই লাগিব৷ তেওঁ বহু ঘাত–প্রতিঘাতৰ মাজেদি জীৱন অতিক্রম কৰিবলগীয়া হৈছিল৷ কিন্তু জীৱনলৈ অহা প্রতিটো ধুমুহাৰ মাজতো তেওঁ আমাক দেখুৱাইছে যে কেৱল কামেৰেহে নিজকে শক্তিশালী কৰি ৰাখিব পাৰি৷ মাক তেওঁ খুব ভাল পাইছিল আৰু তেওঁৰ মৃত্যুৰ পিছতে জুবিনে নিজকে স্থিৰ কৰি ৰাখিছিল৷ মাৰ চিৰবিদায়ৰ পিছতে তেওঁ মনৰ আৱেগেৰে ‘পাখি’ৰ দৰে জনপ্রিয় এলবামত কণ্ঠ নিগৰাইছিল৷ মৰমৰ ভগ্ণী জংকীৰ দুর্ঘটনাত মৃত্যু হোৱাৰ তিনিদিনৰ পিছতে তেওঁ মঞ্চত সংগীত পৰিৱেশন কৰিছিল৷ এনে ধুমুহাৰ সময়তো তেওঁ কণ্ঠৰে, সুৰেৰে, গীতি– সাহিত্য সৃষ্টিৰে নিজকে জীয়াই ৰাখিবলৈ চেষ্টা চলাইছিল৷ মই ভাবোঁ জুবিনৰ মহাপ্রয়াণৰ পিছতো তেওঁৰ সৃষ্টিকর্মক আগুৱাই নিয়টো তেওঁ বিচাৰিব৷ ভাইমন দাৰ মৃত্যুৰ সময়তো তেওঁ সকলো নীতি–নিয়ম সম্পূর্ণ কৰাৰ পিছত ‘কাঞ্চনজংঘা’ৰ কাম আৰম্ভ কৰিছিল৷ কাৰণ তেওঁৰ জীৱনৰ ধর্ম আছিল–so much go on৷ এতিয়া তেওঁৰ ক্ষেত্রতো নিশ্চয় সেই ধর্মই ৰক্ষা কৰিব লাগিব৷ জুবিনৰ আত্মাই হয়তো সেইটোৱে বিচাৰিব৷ কাৰণ বিগত ৩০ বছৰে তেওঁৰ সৈতে মোৰ আত্মাৰ এক এৰাব নোৱাৰা সম্পর্ক হৈছে৷ এতিয়া মোৰ আত্মাই যিটো কথা কৈছে, সেই কথাটো তেওঁৰ আত্মাই কোৱা কথা বুলি মই অনুভৱ কৰোঁ৷

আপোনাৰ দেহৰ ভিতৰৰ পৰা আত্মা বিচ্ছিন্ন হৈ পৰিছে৷ এই আত্মাৰ ন্যায় আপুনি কিদৰে বিচাৰিব?
মই নিজৰ বুকুৰ আপোন মানুহজন হেৰুৱাইছোঁ৷ গতিকে ন্যায় লাগিবই৷ তদন্ত সঠিক দিশত আগবঢ়া বুলি মই আশা কৰিছোঁ৷ আমাৰ ঘৰখনৰ ঘাইখুঁটাটোৱেই হঠাতে উভালি পৰিছে৷ ঘৰখন ছেদেলি–ভেদেলি হৈ পৰিছে৷ আমাৰ বৰ কষ্ট হৈছে৷ পুত্রক হেৰুৱাই আমাৰ ৰুগীয়া পিতৃৰ অন্তৰাত্মা কঁপি উঠিছে৷ আমাৰ পৰিয়ালৰ আটাইৰে অভাৱনীয় কষ্ট হৈছে৷ তথাপি আমি কষ্টৰেই ধৈর্য ধৰিছোঁ জুবিনৰ ন্যায়প্রাপ্তিলৈ৷ ন্যায় যুদ্ধৰ বাবে চলি থকা তদন্ত সঠিকভাৱে আগবাঢ়ক আৰু ক্ষিপ্র হওক৷ সকলোৱে লক্ষ্য ৰখা উচিত যাতে মূল বিষয়টো অন্যফালে ঢ়াল নাখায়৷ যদি তেওঁৰ মৃত্যুৰ বাবে কোনোবাই দোষ কৰিছে তেনেহ’লে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পাওক৷

দীর্ঘদিন মনত লালন–পালন কৰি ৰখা এটি কাহিনীৰে জুবিন গার্গে নির্মাণ কৰি উলিয়াইছে মিউজিকেল ছবি ‘ৰৈ ৰৈ বিনালে’৷ ছবিখনৰ বিষয়ে আপুনি কি ক’ব?
‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ লগত জুবিন গার্গৰ সপোন জড়িত হৈ আছে৷ তেওঁ এৰি থৈ যোৱা আটাইতকৈ ডাঙৰ আশা আছিল ‘ৰৈ ৰৈ বিনালে’ৰ আধৰুৱা কাম৷ ছিংগাপুৰৰ পৰা উভতি আহি জুবিনে ছবিখনৰ শেষৰ কামখিনি সম্পূর্ণ কৰাৰ পৰিকল্পনা কৰিছিল৷ এইখন এখন মিউজিকেল ছবি৷ তেওঁ অভিনয় কৰা চৰিত্রটোও ভিন্নধর্মী৷ পূর্বতে তেওঁ কেতিয়াও এনে চৰিত্রত অভিনয় কৰা নাই৷ ছবিখনত তেওঁ এগৰাকী দিব্যাংগ শিল্পীৰ চৰিত্রত অভিনয় কৰিছে৷ ছবিখনৰ সৈতে তেওঁ সম্পূর্ণৰূপে একাত্ম হৈ পৰিছিল৷ সেইবাবে আমি মানুহজনৰ সপোনটো পূৰণ কৰিব লাগিব৷ বহুতে মই ছবিখনক লৈ ব্যৱসায় কৰিম বুলিও কৈছে৷ কিন্তু আনে যি নকওক, ছবিখনক লৈ জুবিনে দেখা সপোন আমি পূৰণ কৰিমেই৷ ৩১ অক্টোবৰত তেওঁ ছবিখন ৰাইজৰ মাজলৈ উলিয়াই দিয়াৰ কথা আছিল৷ গতিকে নির্ধাৰিত সময়ত ছবিখন ছবিগৃহত মুক্তি দিয়াটো আমাৰ কর্তব্য আৰু দায়িত্ব৷ ছবিৰ কামৰ ব্যস্ততাৰ বাবে তেওঁ আনকি কিছুদিন ঘৰলৈও আহিব পৰা নাছিল৷ গোটেই নিশা কাম কৰি ষ্টুডি’তে শুই পৰিছিল৷ ২১ ছেপ্ঢেম্বৰত ছিংগাপুৰৰ পৰা উভতি আহি ২২ তাৰিখৰ পৰা ছবিখনৰ বাকী থকা কামখিনি কৰাৰ কথা আছিল৷ গতিকে তেওঁ নিশ্চয় ছবিখন সময়ত ৰাইজৰ মাজলৈ উলিয়াই দিয়াটো বিচাৰিব৷ অসমবাসীয়ে নিশ্চয় এইক্ষেত্রত মোৰ ওচৰত সাহস হৈ থিয় দিব৷

কেৰিয়াৰৰ মধ্যাহ্ণ সময়ত জুবিন গার্গে মুম্বাই এৰি অসমলৈ উভতি আহিছিল৷ ইয়াৰ কাৰণ কি আছিল?
অসমীয়া জাতি, অসমীয়া সংস্কৃতি, অসমীয়া সংগীত, ক্রীড়াক্ষেত্র, অসমৰ প্রকৃতিৰ প্রতি থকা প্রেম, সর্বোপৰি অসমক অন্তৰৰ পৰা ভালপোৱা বাবেই তেওঁ নিজৰ বর্ণিল কেৰিয়াৰৰ মধ্যাহ্ণ সময়ত মুম্বাই এৰি জন্মভূমি অসমলৈ উভতি অহাৰ সিদ্ধান্ত লৈছিল৷ ‘য়া আলী’ শীর্ষক গীতৰ জৰিয়তে জুবিনে নিশাৰ ভিতৰতে সমগ্র দেশত জনপ্রিয়তা অর্জন কৰিছিল৷ হিন্দী ছবিৰ নেপথ্য শিল্পী হিচাপে গান গাবলৈ তেওঁৰ ওচৰত প্রযোজক, পৰিচালকে ভিৰ কৰাৰ সময়তে এদিন তেওঁ অসমলৈ উভতি আহিছিল৷ জুবিনে অনুভৱ কৰিছিল যে অসমৰ সংগীত আৰু চলচ্চিত্র জগতখনক তেওঁৰ প্রয়োজন অসমক অধিক আছিল৷ আনকি মুম্বাইৰ পৰা বহুকেইগৰাকী সংগীত পৰিচালকে অনুৰোধ জনোৱা সত্ত্বেও তেওঁ সেই অনুৰোধ প্রত্যাখ্যান কৰিছিল আৰু তেওঁৰ হিন্দী গীত গাবলৈ হ’লে পৰিচালকসকল অসমলৈ আহিব লাগিব বুলি স্পষ্ট কৰি দিছিল৷ ইয়াৰ পিছত জুবিনে অসমৰ সংগীত জগতৰ বাবে যিখিনি কৰিলে সেয়া সকলোৰে বাবে ইতিহাস৷ জুবিনে গাই গ’ল ৩৮ হাজাৰৰো অধিক গীত আৰু নির্মাণ কৰিলে ইখনৰ পিছত সিখন সফল ছবি৷

অসমৰ চলচ্চিত্র উদ্যোগক জুবিনে যে জীপাল কৰি তুলিলে সেই কথা সকলোৱে স্বীকাৰ কৰিবই লাগিব৷ ইয়াৰ অন্তৰালত লুকাই থকা কাৰণ কি আছিল?
বিগত কেইবছৰমানৰ পৰা অসমীয়া ছবিয়ে দর্শকক ছবিগৃহলৈ আকর্ষিত কৰিব পৰা নাছিল৷ সেইবাবে প্রযোজকসকলে বৃহৎ বাজেটৰ ছবি নির্মাণ কৰিবলৈ ভয় কৰা হৈছিল৷ কিন্তু জুবিন গার্গে অন্তৰেৰে অনুভৱ কৰিছিল যে ভাল ছবি নির্মাণ কৰিলে দর্শক ছবিগৃহলৈ আহিব৷ সেই বিশ্বাসৰ বাবে তেওঁ প্রথমবাৰৰ বাবে কোটি টকা ব্যয় কৰি অসমীয়া ছবি নির্মাণ কৰাৰ সাহস দেখুৱাইছিল৷ ‘মিছন চাইনা’ নির্মাণ কৰিবলৈ জুবিনে নিজৰ ঘৰ বিক্রী কৰিব বিচাৰিছিল৷ তেওঁৰ এই সাহস দেখি আমাৰ পৰিয়ালৰ সকলোৱে আশংকা প্রকাশ কৰিছিল৷ কিন্তু আমাৰ জুবিনৰ কামৰ ওপৰত আছিল গভীৰ বিশ্বাস৷ তেওঁ জীৱনৰ সমস্ত উপার্জন উবুৰিয়াই দি ছবি নির্মাণ কৰিছিল আৰু নিজৰ ওপৰত তেওঁৰ আস্থাৰ লগতে বিশ্বাসো আছিল৷ জুবিনে চলচ্চিত্রক উদ্যোগৰূপে গঢ় দিব বিচাৰিছিল৷ তেওঁ কৈছিল যে আমি আন্তর্জাতিক পুৰস্কাৰ কঢ়িয়াই আনিব পৰা ছবিৰ লগতে বাণিজ্যিকভাৱে সফল ছবিও নির্মাণ কৰিব লাগিব৷ পইচা ঘূৰি নাহিলে উদ্যোগটোৰ সৈতে জড়িত লোকসকল কিদৰে জীয়াই থাকিব বুলি উপলব্ধি কৰিছিল তেওঁ৷ যাৰ বাবে জুবিনে চলচ্চিত্র উদ্যোগটো জীপাল কৰিবলৈ বিচাৰিছিল৷ তেওঁ কোটি কোটি টকা খৰচ কৰি ছবি নির্মাণ কৰিলে৷ মিছন চাইনা, কাঞ্চনজংঘা আদিৰ জৰিয়তে তেওঁ অসমৰ ছবি উদ্যোগক নতুন গতি প্রদান কৰিলে৷ তেওঁৰ মনোবলৰ বাবে আমি তিনি কোটি টকা ব্যয় কৰি ছবি নির্মাণৰ কথা ভাবিব পাৰিলোঁ৷ আমাক এৰি যোৱাৰ পূর্বে তেওঁ ‘ৰৈ ৰৈ বিনালে’ৰ জৰিয়তে এখন অতি উচ্চমানৰ ছবি নির্মাণ কৰি থৈ গ’ল৷

মুম্বাইত থাকোঁতে আপোনালোক দুয়োৰে মাজত প্রেমৰ বীজ অংকুৰিত হৈছিল৷ জুবিন এগৰাকী চেলিব্রিটী হোৱা বাবে আৰু তেওঁৰ গ্লেমাৰে আপোনাক সেই সময়ত আকর্ষণ কৰিছিল নেকি?
কথাটো একেবাৰে সঁচা নহয়৷ সেই সময়ত তেওঁ যে অসমত চেলিব্রিটী হৈ পৰিছিল সেই কথা মই একেবাৰে গম পোৱা নাছিলোঁ৷ কাৰণ মই কাম কৰি থকা ক্ষেত্রখন আৰু তেওঁৰ ক্ষেত্রখন আছিল সম্পূর্ণ পৃথক৷ মুম্বাইত লগ পাওঁতে তেওঁক মই এজন সাধাৰণ ল’ৰা বুলিহে ভাবিছিলোঁ৷ এগৰাকী ১৭ বছৰীয়া ছোৱালী আৰু এজন ২২ বছৰীয়া যুৱকৰ মাজত কিদৰে প্রেমৰ সৃষ্টি হয়, তেনেদৰে আমাৰ মাজত প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷ আচলতে তেওঁ সাংস্কৃতিক জগতৰ বিস্তৃত পথাৰখনৰ জৰিয়তে মোক একেবাৰেই জানিবলৈ দিয়া নাছিল৷ স্বতঃস্ফূর্তভাৱে হোৱা প্রেমৰ পিছত যিদৰে বিবাহ হয়, তেনেকুৱাকৈয়ে আমাৰ বিয়া হৈছিল৷ বিয়াৰ পিছতহে মই তেওঁৰ এই সমুদ্রসদৃশ সাংস্কৃতিক জগতখনত তেওঁৰ জনপ্রিয়তা দেখিবলৈ পাইছিলোঁ৷

জুবিন গার্গৰ মৃত্যুৰ পিছত এটা কথা প্রতীয়মান হৈছে যে তেওঁৰ ৰহস্যজনক মৃত্যুৰ সৈতে কিছুসংখ্যক অতি ঘনিষ্ঠ আৰু প্রিয় ব্যক্তি জড়িত হৈ আছে৷ জুবিনে নিজৰ বুলি ভবা এই লোকসকলে তেওঁক বিশ্বাসঘাতকতা কৰা যেন লাগে নেকি?
এই মুহূর্তত মই তেওঁৰ মৃত্যু সম্পর্কে ভাবিলে তেনে ভাব আহিবই৷ যিসকলক তেওঁৰ মৃত্যুৰ বাবে ৰাইজে জগৰীয়া কৰিছে তেওঁলোকক জুবিনে নিজৰ পৰিয়ালৰ সদস্য, বন্ধু আৰু শুভাকাংক্ষী বুলি ভাবিছিল৷ তেওঁ সকলোকে ইমান বিশ্বাস কৰে যে তেওঁলোকে বহু ডাঙৰ ভুল কৰিলেও মানি ল’ব নিবিচাৰে৷ তেওঁ সকলোকে ভাল পাইছিল আৰু কাৰো ক্ষতি কৰিব বিচৰা নাছিল৷ তেওঁ আমাকো আনক ভাল পাবলৈ শিকাই গ’ল৷ মই তেওঁৰ আদর্শৰে গঢ় লৈছোঁ৷ তথাপি মৃত্যুৰ পৰা এই এমাহ পর্যন্ত মই যেন আস্থা আৰু বিশ্বাস হেৰুৱাই পেলাইছোঁ৷ তেওঁৰ মৃত্যুৰ সৈতে জড়িত হৈ পৰা এইসকল বন্ধু, শুভাকাংক্ষীয়ে মৃত্যু সম্পর্কে সঁচা কথাখিনি ক’ব লাগিছিল৷ কাৰণ মৃত ব্যক্তিগৰাকী আছিল জুবিন গার্গ৷ যিজনে অসমীয়া জাতিক ইমান ভাল পাইছিল৷ কেতিয়াবা এইবোৰ কথা ভাবিলে মোৰ ভগৱানৰ ওচৰত প্রার্থনা আৰু মানুহৰ প্রতি বিশ্বাস শেষ হৈ যায়৷

জুবিন গার্গে অসংখ্য সৃষ্টিৰে অসমীয়া জাতিক সমৃদ্ধ কৰি থৈ গ’ল৷ এতিয়াও আধৰুৱা হৈ থকা কামবোৰ আপুনি কিদৰে আগুৱাই নিব বুলি ভাবিছে?
তেওঁৰ আধৰুৱা কামবোৰ নিশ্চয় আগুৱাই নিব লাগিব৷ তেওঁ বহু গান গাই গ’ল, লিখিলে, সুৰ দিলে৷ প্রকৃতি সংৰক্ষণ, ক্রীড়া আদি বহু ক্ষেত্রৰ সৈতে তেওঁ জড়িত হৈ আছিল৷ গতিকে এই প্রতিটো কামেই আমি কৰিব লাগিব৷ ২০২৩ চনলৈ জুবিলে ৩৮ হাজাৰ গান গাইছে৷ ইয়াৰ পিছতো তেওঁ বহু গান গাইছে৷ সেই গানবোৰ সংগ্রহ কৰিব লাগিব৷ সর্বাধিক গানেৰে বিশ্ব অভিলেখ গঢ়িব পাৰিলে নিশ্চয় অসমবাসীৰ বাবে সেয়া এক গৌৰৱৰ বিষয় হ’ব৷ জুবিনৰ গীতি সাহিত্যসমূহৰ এতিয়াও ভালদৰে পর্যালোচনা হোৱা নাই৷ সেইবোৰৰ উপযুক্ত পর্যালোচনা হ’ব লাগিব৷ গীতবোৰ সংৰক্ষণ কৰিব পাৰিলেহে পৰৱর্তী প্রজন্মৰ মাজত তেওঁ জীয়াই থাকিব যুগ– যুগান্তৰলৈ৷ তেওঁ শালীন আৰু পৰিশীলিত শব্দৰ মাজেৰে যিদৰে পৰিৱেশৰ বর্ণনা কৰি গৈছে সেয়া সঁচাই দুৰুহ৷ গীতবোৰো গৱেষণাৰ বিষয় হ’ব পাৰে৷ মই তেওঁৰ সম্পদেৰে শক্তিশালী হোৱাটো সকলোৱে আশা কৰিছে৷

You might also like