টীম ইণ্ডিয়াই এতিয়াও লাভ কৰা নাই এছিয়া কাপৰ চেম্পিয়ন ট্রফী…
ডুবাইত ২৮ ছেপ্টেম্বৰত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈছিল এছিয়া কাপৰ ফাইনেল৷ খিতাপ যুঁজৰ মেচখন সমাপ্ত হোৱাৰ এমাহ হ’বলৈ হ’ল৷ কিন্তু প্রতিযোগিতাখনৰ ট্রফীক লৈ চলিয়েই আছে নাটক৷ এইবাৰ নাটকখনে নতুন ৰূপ লৈছে৷
জানিব পৰা মতে, এছিয়ান ক্রিকেট কাউঞ্চিলৰ মুখ্য কার্যালয়ৰ পৰা ট্রফীটো আঁতৰাই আবু ধাবিৰ এক অজ্ঞাত স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ মন কৰিবলগীয়া যে এছিয়া কাপৰ ট্রফীক লৈ এই অচলাৱস্থা আৰম্ভ হৈছিল ভাৰতে পাকিস্তানৰ মন্ত্রী তথা এচিচিৰ সভাপতি মহছিন নাকভিৰ পৰা ট্রফী গ্রহণ কৰিবলৈ অস্বীকাৰ কৰাৰ পৰা৷ পাকিস্তানৰ বিৰুদ্ধে মেচখনত ভাৰত জয়ী হোৱাৰ কিছু সময় পিছতে ট্রফী প্রদান অনুষ্ঠানত অচলাৱস্থা দেখা গৈছিল৷ ভাৰতে চেম্পিয়ন ট্রফী নাকভিৰ হাতৰ পৰা ল’বলৈ অস্বীকাৰ কৰাৰ পিছত খেলপথাৰৰ পৰা ট্রফীটো নাকভিয়ে লৈ গৈছিল৷ এচিচিৰ কার্যালয়লৈ লৈ যোৱাৰ লগতে নাকভিয়ে ভাৰতৰ ওপৰত বিভিন্ন ধৰণৰ চর্ত ৰাখিছিল৷
বিচিচিআইৰ এগৰাকী বিষয়াই যোৱা সপ্তাহত এচিচিৰ মুখ্য কার্যালয় পৰিদর্শন কৰি ট্রফীটোৰ বিষয়ে সুধিছিল৷ কর্মচাৰীসকলে বিষয়াজনক জনোৱা মতে, ট্রফীটো আবু ধাবিৰ অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে৷ আবু ধাবিৰ কোনোবা স্থানত মহছিন নাকভিৰ জিম্মাত ট্রফীটো থকা বুলি উল্লেখ কৰে কর্মচাৰীসকলে৷
নিউজ ডেস্ক, ২৫ অক্টোবৰ :