নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋণত ডুবি থকা পাকিস্তানৰ ৪৫ শতাংশই দৰিদ্র, ভিক্ষাৰী ৰাষ্ট্রত পৰিণত চিৰবৈৰী দেশ

সন্ত্রাসবাদ আৰু ধর্মীয় উন্মাদনাত ডুব গৈ থকা পাকিস্তান ঋণৰ ওপৰতে জীয়াই থকা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব৷ ২০২৫ বর্ষত দেশখনৰ ঋণৰ পৰিমাণ ২৮৬.৮৩ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ ভাৰতীয় মুদ্রাৰ হিচাপত এই পৰিমাণ ২৫ লাখ ১৯ হাজাৰ কোটি টকাতকৈও অধিক ৷ যোৱা বিত্তীয় বর্ষৰ তুলনাত চলিত বর্ষত দেশখনৰ ঋণৰ পৰিমাণ ১৩ শতাংশ বৃদ্ধি পাইছে৷ এক কথাত ইছলামাবাদে প্রকাশ কৰা চৰকাৰী তথ্য মতেই ভিক্ষাৰী ৰাষ্ট্রত পৰিণত হৈছে পাকিস্তান৷

দেশখনৰ বিত্ত মন্ত্রালয়ে প্রকাশ কৰা তথ্য মতে, ২৫ জুনলৈকে পাকিস্তানৰ মুঠ চৰকাৰী ঋণ ৮০.৬ ত্রিলিয়ন পাকিস্তানী টকালৈ বৃদ্ধি পাইছে৷ ইয়াৰে ঘৰুৱা ঋণ ৫৪.৫ ত্রিলিয়ন আৰু বিদেশী ঋণ ২৬ ত্রিলিয়ন ঋণ আৰু জিডিপিৰ অনুপাতো পূর্বৰ তুলনাত অধিক বৃদ্ধি পাইছে৷ ২০২৪ চনৰ জুন মাহত ৬৮ শতাংশ চৰকাৰী ঋণ বৃদ্ধিৰ হাৰ চলিত বর্ষৰ জুন মাহত ৭০ শতাংশলৈ বৃদ্ধি পাইছে৷

বিশেষজ্ঞসকলে কয় যে এই বৃহৎ পৰিমাণৰ ঋণ পাকিস্তানৰ অর্থনীতিৰ বাবে এক ভয়ংকৰ বিপদ৷ যদিহে এই ঋণ আৰু সুদৰ বোজা নিৰীক্ষণ কৰা নহয় তেতিয়াহ’লে অনাগত দিনত পাকিস্তানৰ কোষাগাৰ বহু পৰিমাণে ক্ষতিগ্রস্ত হ’ব৷

বিশ্ববেংকৰ প্রতিবেদন অনুসৰি, পাকিস্তানৰ জনসংখ্যাৰ ৪৫ শতাংশই দৰিদ্র৷ তদুপৰি ১৬ শতাংশ লোক ইমানেই দৰিদ্র যে তেওঁলোকৰ দুবেলা–দুসাঁজ খোৱাৰো সামর্থ্য নাই৷

ডিজিটেল ডেস্ক, ২৭ অক্টোবৰ

You might also like