নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ৰৈ ৰৈ বিনালে-ৰ পোষ্টাৰিং যতীন বৰাৰ

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত দেখা গল জুবিন গাৰ্গৰ সপোনৰ ছবি “ৰৈ ৰৈ বিনালে”ৰ পোষ্টাৰিং। ৩১ অক্টোবৰত অসমৰ লগতে ভাৰতৰ কেইবাটাও ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে এই বহু প্রতীক্ষিত ছবি ৰৈ ৰৈ বিনালে

গুৱাহাটীত সদৌ অসম জুবিন ফেন ক্লাৱৰ সদস্যই সেন্দূৰীআলিৰ জোনালী ষ্টুডিঅ আৰু চানমাৰি অঞ্চলত উৎসাহেৰে পোষ্টাৰিং কৰে। এই অভিযানত উপস্থিত আছিল মণ্টুমণি শইকীয়াসহ বহু জুবিন অনুৰাগী।

সমান্তৰালভাৱে দেখা গ’ল অভিনেতা যতীন বৰাকে ধৰি “ৰৈ ৰৈ বিনালে” ছবিখনৰ শিল্পী, কলা-কৌশলীসকলক পোষ্টাৰিঙত অংশগ্ৰহণ কৰা অৱস্থাত।

যতীন বৰাই অনুৰাগীসকলক আহ্বান জনায়— “এই ছবি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোন। সকলোৰে সহায়ত আৰু ভালপোৱাৰে ছবিখনক সফল বনাওক। পাইৰেচিৰ পৰা আঁতৰি থাকক, আৰু শান্তিপূৰ্ণভাৱে ছবিখন উপভোগ কৰক।”

নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ

You might also like