নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সলনি হ’ব আমেৰিকাৰ ইতিহাস…! তৃতীয়বাৰলৈ ৰাষ্ট্রপতি হোৱাৰ পাং ট্রাম্পৰ

আমেৰিকাৰ ইতিহাসত মাত্র এগৰাকী ৰাষ্ট্রপতিয়ে তিনিবাৰকৈ শীর্ষ পদত অধিষ্ঠিত হৈছিল৷ তেওঁ হৈছে ফ্রেংকলিন দি ৰুছভেল্ট

আমেৰিকাৰ সংবিধানক অংগুষ্ঠ দেখুৱাই তৃতীয়বাৰৰ বাবে ৰাষ্ট্রপতি হ’ব বিচাৰিছে ড’নাল্ড ট্রাম্প৷ জাপান ভ্রমণৰ পূর্বে সাংবাদিকৰ আগত কৰা মন্তব্যত এই ইংগিত দিছে ট্রাম্পে৷

তেওঁ স্পষ্টকৈ কয় যে বহুতে তেওঁক পৰৱর্তী নির্বাচনত উপ–ৰাষ্ট্রপতি পদৰ প্রার্থী হ’বলৈ কৈছে৷ কিন্তু তেওঁ এই কাম নকৰে৷ পৰৱর্তী সময়তো ৰাষ্ট্রপতি পদৰ বাবে প্রতিদ্বন্দ্বিতা কৰাৰ বাবে যি কৰিব লাগে তাকে কৰিব বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷

ইয়াৰ পিছতে এই বিষয়টোক লৈ ব্যাপক চর্চা হৈছে৷ একাংশৰ মতে ট্রাম্পৰ ঘোষণাই আমেৰিকাৰ সংবিধানৰ মূল্য নাইকিয়া কৰিব৷ ২০২৮ চনত হ’বলগা নির্বাচনত পুনৰ প্রতিদ্বন্দ্বিতা কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ট্রাম্পে স্পষ্টভাৱে উত্তৰ নিদিলেও নির্বাচনত অংশগ্রহণ কৰিবলৈ পালে ভাল পাম বুলি কয়৷ কিয়নো তেওঁৰ হাতত সর্বাধিক সমর্থক আছে৷

প্রকৃতার্থত আমেৰিকাৰ সংবিধান অনুসৰি এজন ৰাষ্ট্রপতিয়ে দুবাৰহে ৰাষ্ট্রপতি পদত অধিষ্ঠিত হ’ব পাৰে৷ তেওঁৰ কার্যকাল একেৰাহে ৮ বছৰ নহ’লেও তাতকৈ অধিক কাল শীর্ষ পদত অধিষ্ঠিত হৈ থাকিব নোৱাৰে৷ আমেৰিকাৰ ইতিহাসত মাত্র এগৰাকী ৰাষ্ট্রপতিয়ে তিনিবাৰকৈ শীর্ষ পদত অধিষ্ঠিত হৈছিল৷ তেওঁ হৈছে ফ্রেংকলিন দি ৰুছভেল্ট৷ তেওঁ তিনিটা কার্যকাল সম্পূর্ণ কৰাৰ উপৰি চতুর্থ কার্যকালতো দুমাহ ২৩ দিন ৰাষ্ট্রপতিৰ পদ চম্ভালিছিল৷

ইয়াৰ পিছতে বিষয়টোৰ বিৰোধিতা কৰি আইনৰ দ্বাৰা নিষিদ্ধ কৰা হয়৷ ২০১৬ চনত প্রথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্রপতি হৈছিল ট্রাম্প৷ তাৰ পিছত ২০২৪ চনত পুনৰ হোৱাইট হাউছলৈ উভতি আহিছিল ড’নাল্ড ট্রাম্প৷ দ্বিতীয়বাৰৰ বাবে শাসনত অধিষ্ঠিত হোৱাৰ পিছতে ড’নাল্ড ট্রাম্পে একে সময়তে সংবিধানৰ বহু নিয়ম সলনি কৰিছিল৷

জন্মৰ পৰা আমেৰিকাৰ নাগৰিকত্ব নিয়মলৈকে, অনুপ্রৱেশকাৰী বিতাৰণৰ পৰা ভোটাৰ তালিকাত নাম পঞ্জীয়নলৈকে বহু বিষয় সলনি কৰিছিল ৰিপাব্লিকান নেতাজনে৷ আশংকা কৰা হৈছে তেওঁৰ এই কার্যকালতে সংবিধান সংশোধনেৰে আইন বলৱৎ কৰি ড’নাল্ড ট্রাম্পে নিজৰ তৃতীয়টো কার্যকালৰ বাট মুকলি কৰিব৷ চলিত কার্যকালত ট্রাম্পে আন্তঃৰাষ্ট্রীয় প্রেক্ষাপটতো কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্তৰে চর্চাৰ শীর্ষত আছে৷ বিশেষকৈ কেইবাখনো দেশৰ মাজৰ যুদ্ধ অৱসানৰ বাবে ট্রাম্পে কৰা প্রচেষ্টাই ইতিবাচক প্রভাৱো পৰা পৰিলক্ষিত হৈছে৷

ডিজিটেল ডেস্ক, ২৯ অক্টোবৰ

You might also like