নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CID কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল

জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ চিনাকি ঘটাই দিয়া ব্যক্তি আছিল টাৰছেম মিট্টাল। বহু বছৰ ধৰি জুবিন গাৰ্গৰ ব্যৱসায়িক মেনেজাৰ হিচাপে কৰ্মৰত আছিল তেওঁ

হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুকাণ্ডক কেন্দ্র কৰি গঠন কৰা বিশেষ অনুসন্ধান দল (SIT)ৰ আগত আজি হাজিৰ হৈছে জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰছেম মিট্টাল

সূত্রৰ তথ্য অনুসৰি, টাৰছেম মিট্টাল আজি গুৱাহাটীস্থিত CID কাৰ্যালয়ত উপস্থিত হৈ তদন্তত সহযোগ কৰে। তেওঁক ইতিমধ্যে SITৰ পৰা হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল।

জানিব পৰা মতে, জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ চিনাকি ঘটাই দিয়া ব্যক্তি আছিল টাৰছেম মিট্টাল। বহু বছৰ ধৰি জুবিন গাৰ্গৰ ব্যৱসায়িক মেনেজাৰ হিচাপে কৰ্মৰত আছিল তেওঁ।

ইপিনে, এক অভিযোগ অনুসৰি, জুবিন গাৰ্গৰ মৃত্যুৰ দিনাই গৰিমা শইকীয়া গাৰ্গক “সিদ্ধাৰ্থৰ কোনো দোষ নাই” বুলি ভিডিঅ’ প্ৰস্তুত কৰিবলৈ টাৰছেম মিট্টালে হেঁচা দিছিল। এই অভিযোগৰ ভিত্তিত CIDয়ে আজিৰ এই সোধাপোছাৰ বাবে তেওঁক CID কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়ে।

সূত্র মতে, CIDৰ তদন্ত অব্যাহত আছে আৰু টাৰছেম মিট্টালৰ বক্তব্যই এই অনুসন্ধানত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

ডিজিটেল ডেস্ক, ৭ নৱেম্বৰ

You might also like