বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান, মহিলা সৰবৰাহকাৰী আটক
মহানগৰীত ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সফলতা অৰ্জন কৰিলে বশিষ্ঠ আৰক্ষীয়ে। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই মেঘালয়ৰ পৰা মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জানিব পৰা অনুসৰি, ধৃত মহিলাজনীৰ নাম বাসন্তী বসুমতাৰী ওৰফে বড়ো বুঢ়ী। বহুদিন ধৰি মেঘালয়ৰ পৰা ড্ৰাগছ সৰবৰাহ কৰি গুৱাহাটী মহানগৰীৰ খানাপাৰা অঞ্চলত অবৈধ ব্যৱসায় চলাই আহিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।
অভিযানত আৰক্ষীয়ে ধৃত মহিলাগৰাকীৰ পৰা ২২ গ্ৰাম হেৰোইন, তিনিটা চুৰি মোবাইল আৰু নগদ ১৩ হাজাৰ টকা জব্দ কৰে। এই সকলো সামগ্ৰী ধৃত মহিলাগৰাকীৰ ড্ৰাগছ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ প্ৰমাণ হিচাপে ধৰা হৈছে।
গুৱাহাটীত ড্ৰাগছৰ বাঢ়ি অহা প্ৰৱণতা নিয়ন্ত্ৰণ কৰিবলৈ বশিষ্ঠ আৰক্ষীৰ এই অভিযান এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ