সুকন্যা : ডাউন টাউন বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টাডিজ বন্দনা দত্তৰে সাক্ষাৎকাৰ
বর্তমান সময়ত মহিলাসকল পুৰুষতকৈ অধিক আগবাঢ়ি গৈছে
সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ
ফোনঃ ৮৬৩৮৪–১৪৯৫৪
আপোনাৰ জন্ম হৈছিল নলবাৰী জিলাৰ এটি অভিজাত আৰু সংস্কৃতিৱান পৰিয়ালত৷ আপোনাৰ জীৱনত নিশ্চিতভাৱে শৈশৱৰ যথেষ্ট প্রভাৱ আছে৷ আপোনাৰ শৈশৱৰ বিষয়ে কিছু কথা কওকচোন৷
মোৰ জন্ম হৈছিল পুৰণি কামৰূপ আৰু বর্তমানৰ নলবাৰী জিলাৰ খাতাবাৰী গাঁৱত৷ আমাৰ পিতৃ আছিল স্বনামধন্য সাহিত্যিক আৰু প্রকাশক সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱা৷ ঘৰখনত সাহিত্য আৰু সংস্কৃতিৰ এক সুন্দৰ পৰিৱেশ আছিল৷ দেউতা এগৰাকী প্রসিদ্ধ সাহিত্যিক হোৱাৰ লগতে বহু মূল্যৱান গ্রন্থ প্রকাশ কৰি থৈ গৈছিল৷ তেওঁ অসমীয়া মাধ্যমৰ যথেষ্টসংখ্যক পাঠ্যপুথি আৰু মহাপুৰুষ দুজনাৰ সৃষ্টিকর্ম প্রকাশ কৰিছিল৷ তদুপৰি মাধৱ কন্দলীৰ অসমীয়া ৰামায়ণ, দ্বাদশ স্কন্ধ ভাগৱত, ৰাম সৰস্বতীৰ সাহিত্য, কথাগুৰু চৰিত আদি গ্রন্থ প্রকাশ কৰি অসমীয়া সাহিত্যলৈ অভূতপূর্ব বৰঙণি আগবঢ়াই গৈছে৷ দেউতাৰ জৰিয়তে আমি বহু গুণী–জ্ঞানী ব্যক্তিৰ সান্নিধ্যলৈ আহিছিলোঁ৷ আমাৰ মা পার্বতী দত্তবৰুৱাও এগৰাকী বিদূষী মহিলা আছিল৷ মোক সৰুৰে পৰা তেওঁ সাংস্কৃতিক জগতখনৰ সৈতে চিনাকি কৰাই দিছিল৷ আমাৰ গাঁওখনৰ পৰিৱেশো সেই সময়ত অতি সুন্দৰ আছিল৷ ছোৱালী হ’লেও বাহিৰলৈ অহা–যোৱা কৰাত কোনো ধৰণৰ সমস্যা হোৱা নাছিল৷ ওচৰ–চুবুৰীয়াৰ লগতো আমাৰ সম্পর্ক আছিল মধুৰ৷ ড০ গিৰীশ চৌধুৰী, নৃপেন মল্লবৰুৱা, হিৰণ্য ভট্টাচার্য, শৰৎ চন্দ্র গোস্বামী, মনোৰঞ্জন শাস্ত্রী, মণিৰাম দাস আদি বৰেণ্য ব্যক্তিসকলৰ সান্নিধ্য আমি খুব সৰুৰে পৰা পাইছিলোঁ৷ সাহিত্যৰ লগতে আমাৰ ঘৰখনত সংগীতৰ এক সুন্দৰ পৰিৱেশ আছিল৷ পুৱা শুই উঠি বৰগীত গোৱাটো আমাৰ ঘৰখনত এটা নিয়ম আছিল৷ শৈশৱৰ এই পৰিৱেশবোৰে আমাৰ জীৱনত গভীৰ প্রভাৱ পেলাইছিল৷ সেইবাবেই হয়তো আমি আটাইকেইগৰাকী ভাই–ভনীয়ে জীৱনত বিভিন্ন ক্ষেত্রত প্রতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷
আপুনি ’৬০ ৰ দশকতে গুৱাহাটীত পঢ়িবলৈ আহি এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰিছিল৷ আপোনাৰ শিক্ষা জীৱন সম্পর্কে জনাওকচোন৷
১৯৬৪ চনত মই দেৱীৰাম পাঠশালা হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈছিলোঁ৷ সেই বছৰ মই মেট্রিকত নলবাৰী জিলাৰ ছোৱালীৰ ভিতৰত সর্বোচ্চ নম্বৰ লাভ কৰিছিলোঁ৷ পৰৱর্তী সময়ত মই কটন কলেজত পি ইউ (প্রি–ইউনিভার্ছিটি) পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত এইখন শিক্ষানুষ্ঠানৰ পৰা নৃতত্ত্ব বিষয়ত মেজৰসহ স্নাতক পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ ইয়াৰ পিছত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পাঠ্যক্রম সম্পূর্ণ কৰিছিলোঁ৷ স্নাতকোত্তৰ ডিগ্রী লাভ কৰাৰ এবছৰ পিছতে মই অসম লোকসেৱা আয়োগৰ অধীনত পৰীক্ষা দি ১৯৭৩ চনৰ ১ জানুৱাৰীত কটন কলেজত নৃতত্ত্ব বিভাগত শিক্ষকতা জীৱন আৰম্ভ কৰিছিলোঁ৷ তদুপৰি মই লণ্ডন স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্রিকান ষ্টাডিজ অৱ লণ্ডন ইউনিভার্ছিটিৰ পৰা ছ’চিয়েল এনথ্র’প’লজিত এবছৰীয়া চার্টিফিকেট পাঠ্যক্রম সম্পূর্ণ কৰিছিলোঁ৷
আপুনি কলেজত অধ্যাপনা কৰি অৱসৰ গ্রহণ কৰাৰ পিছত এখন বিশ্ববিদ্যালয়ৰ শীর্ষ পদবীত অধিষ্ঠিত হৈছে৷ আপোনাৰ শিক্ষকতা জীৱন সম্পর্কে জনাব নেকি?
মই ঐতিহ্যমণ্ডিত কটন কলেজত সুদীর্ঘ ৩৪ বছৰ শিক্ষকতা কৰিছোঁ৷ ১৯৭৩ চনত কলেজখনত যোগদান কৰাৰ পিছত ২০০৭ চনত অৱসৰ গ্রহণ কৰোঁ৷ ২০০৩ চনৰ পৰা মই শিক্ষানুষ্ঠানখনত নৃতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে দায়িত্ব পালন কৰি ২০০৭ চনত অৱসৰ গ্রহণ কৰোঁ৷ এই সুদীর্ঘ শিক্ষকতা জীৱনৰ বহু ভাল লগা স্মৃতি আজিও সজীৱ হৈ আছে৷ ছাত্র–ছাত্রীসকলৰ উপৰি সহকর্মীসকলৰ সৈতে বহু ভাল লগা মুহূর্ত কটাইছোঁ৷ বর্তমান মই ডাউন টাউন বিশ্ববিদ্যালয়ৰ শীর্ষ পদত অধিষ্ঠিত হৈ এই পৱিত্র বৃত্তিটোৰ সৈতে জড়িত হৈ আছোঁ৷
আপুনি শৈশৱৰ পৰা অধ্যাপিকা হোৱাৰ সপোন দেখিছিল নেকি? অধ্যাপিকা নহ’লে কি বৃত্তি গ্রহণ কৰিলেহেঁতেন?
আচলতে মোৰ অধ্যাপিকা নহয়, সৰুৰে পৰা এগৰাকী চিকিৎসক হোৱাৰ সপোন আছিল৷ কিন্তু মোৰ সেই সপোন বাস্তৱায়িত নহ’ল৷ সম্ভৱ হ’লে মই হয়তো এগৰাকী সুচিকিৎসক হৈ মানৱ সেৱা কৰিলোঁহেঁতেন৷
এগৰাকী মহিলাৰ বাবে সংসাৰৰ দায়িত্ব পালন কৰি চাকৰি কৰা যথেষ্ট কষ্টকৰ৷ আপুনি কিদৰে সংসাৰ আৰু চাকৰি সমান্তৰালভাৱে চলাই নিছিল?
আচলতে মনৰ ইচ্ছা আৰু একাগ্রতা থাকিলে যিকোনো কাম কৰোঁতে সমস্যাৰ সন্মুখীন হ’ব লগা নহয়৷ কষ্ট হ’লেও একাগ্রতাৰে কাম কৰিলে সফল হ’ব পৰা যায়৷ নিজৰ সংসাৰৰ দায়িত্ব পালন কৰাৰ লগতে শিক্ষকতা জীৱন চলাই নিওঁতে মোৰ যথেষ্ট কষ্ট হৈছিল৷ ঘৰৰ সকলো কাম–বন কৰি সময়মতে কলেজলৈ যাবলৈ চেষ্টা কৰিছিলোঁ৷ সেই সময়ত ল’ৰা–ছোৱালী সৰু হৈ থকাৰ বাবে কষ্ট অলপ বেছি হৈছিল৷ ল’ৰা–ছোৱালী টোপনি যোৱাৰ পিছত ৰাতি পঢ়া–শুনা কৰি পৰৱর্তী দিনটোত কলেজত পাঠদান কৰিবলগীয়া বিষয়বোৰৰ বাবে নিজকে প্রস্তুত কৰি তুলিছিলোঁ৷ গতিকে মনৰ প্রবল ইচ্ছাশক্তি থকাৰ বাবে এইক্ষেত্রত বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ৷
এগৰাকী অধ্যাপিকা ৰূপে অৱসৰ গ্রহণৰ পিছত পুনৰ এখন বিশ্ববিদ্যালয়ত ডীন অৱ ষ্টাডিজ হিচাপে গধুৰ দায়িত্ব গ্রহণ কৰিছে৷ এইক্ষেত্রত কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি?
মই কটন কলেজত অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্রহণ কৰাৰ বাবে ডাউন টাউন বিশ্ববিদ্যালয়ৰ ডীন অৱ ষ্টাডিজ ৰূপে কার্যনির্বাহ কৰাত যথেষ্ট সহায়ক হৈছে৷ কাৰণ মই তিনিটা দশকৰো অধিক কাল এখন শিক্ষা প্রতিষ্ঠানত অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰি যথেষ্ট অভিজ্ঞতা আহৰণ কৰিছিলোঁ৷ এতিয়া সেই অভিজ্ঞতাবোৰৰ মই সদ্ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ৷ ২০১০ চনত মই বিশ্ববিদ্যালয়খনৰ ডীনৰ দায়িত্ব গ্রহণ কৰিছিলোঁ৷ বিগত ১৫ বছৰ মই এই পদত কাম কৰি যথেষ্ট আনন্দ লাভ কৰিছোঁ৷ মই মনে বিচৰা বহু কাম পূর্বতে কৰিব পৰা নাছিলোঁ যদিও ইয়াত সেইবোৰ কাম কৰিব পাৰিছোঁ৷ কটন কলেজত শিক্ষকতা কৰি থকা সময়তো মই বিশ্ববিদ্যালয়খনৰ সাংস্কৃতিক ক্ষেত্রখনৰ সৈতে জড়িত হৈ আছিলোঁ৷ মোৰ পূর্বৰ পৰাই পৰিবেশ্য কলাৰ বিষয়ে কাম কৰাৰ প্রবল ইচ্ছা আছিল৷ সেইবাবে মই বিশ্ববিদ্যালয়খনৰ হিউমেনিটিজ এণ্ড ছ’চিয়েল ছায়েন্সেজ বিভাগৰ অধীনত পৰিবেশ্য কলাৰ সংযোজন ঘটাইছোঁ৷ এইটো আচলতে মোৰ এটা ড্রীম প্রজেক্ট৷ পৰিবেশ্য কলাৰ ভিতৰত আমি ভাৰতম নাট্যম, সত্রীয়া নৃত্য, তবলা, নাটক আৰু সুকুমাৰ কলাৰ পাঠ্যক্রম অন্তর্ভুক্ত কৰিছোঁ৷ এই বিষয়বোৰৰ প্রতি ছাত্র–ছাত্রীসকলে দেখুওৱা আগ্রহে মোক যথেষ্ট উৎসাহিত কৰিছে৷ ভৱিষ্যতে এই বিষয়বোৰৰ অধিক উন্নতিৰ হকে কাম কৰাৰ পৰিকল্পনা আছে৷
ডাউন টাউন বিশ্ববিদ্যালয়ত আপুনি এটি অতি উন্নত মানৰ গ্রন্থাগাৰ নির্মাণ কৰিছে৷ আপোনাৰ পিতৃপুৰুষ হৰিনাৰায়ণ দত্তবৰুৱাৰ নামেৰে নামকৰণ কৰা এই কেন্দ্রীয় গ্রন্থাগাৰটোৰ বিষয়ে কি ক’ব?
মোৰ ৯ বছৰ বয়সতে দেউতাৰ মৃত্যু হৈছিল৷ শিক্ষার্থী, শিক্ষক, গৱেষক আৰু কর্মচাৰীসকলৰ লগতে অন্য লোকৰ জ্ঞান অন্বেষণত সহায়ক হোৱাকৈ নির্মাণ কৰা বিশ্ববিদ্যালয়খনৰ কেন্দ্রীয় গ্রন্থাগাৰটো দেউতাৰ নামত উৎসর্গা কৰিছিলোঁ৷ ৩ মহলা জুৰি থকা এই গ্রন্থাগাৰটো প্রতিষ্ঠাৰ মূল লক্ষ্য হৈছে জ্ঞান আহৰণ কৰা আৰু জ্ঞানৰ প্রসাৰ ঘটোৱা৷ গ্রন্থাগাৰটোত প্রায় ৩৭ হাজাৰ মূল্যৱান গ্রন্থ আছে৷ হৰিনাৰায়ণ দত্তবৰুৱাই সংগ্রহ কৰা ৮৬ খন সাঁচিপুথি ইয়াত সংৰক্ষণ কৰা হৈছে৷ গ্রন্থাগাৰটোত ছাত্র–ছাত্রীসকলৰ বাবে প্রয়োজনীয় পাঠ্যপুথিৰ উপৰি পাঠ্যক্রম–বহির্ভূত মূল্যৱান গ্রন্থ আছে৷ তদুপৰি আমাৰ বিশ্ববিদ্যালয়ৰ পৰা গৱেষণা সম্পূর্ণ কৰা ছাত্র–ছাত্রীসকলৰ গৱেষণা গ্রন্থসমূহো ইয়াত ৰখা হৈছে৷ অতি সোনকালে গ্রন্থাগাৰটোত আর্কায়ভৰ ব্যৱস্থা কৰা হ’ব৷ আশা কৰোঁ, আমাৰ এই গ্রন্থাগাৰটো এসময়ত ছাত্রী–ছাত্রীসকলৰ বাবে আদর্শ গ্রন্থাগাৰ হৈ পৰিব৷
আপুনি এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰি বিশিষ্ট কণ্ঠশিল্পীও৷ আপোনাৰ সংগীত জীৱন সম্পর্কে কি ক’ব?
মই পাঁচ বছৰ বয়সতে সংগীতৰ অনুশীলন আৰম্ভ কৰিছিলোঁ৷ সেই সময়তে আমাৰ মায়ে মোক চৈয়দ জমিৰুদ্দিন আহমেদ নামৰ সংগীতৰ গুৰুজনৰ ওচৰত গান শিকাৰ ব্যৱস্থা কৰাই দিছিল৷ পিছত তেওঁ প্রতিষ্ঠা কৰা গীতশ্রী সংগীত বিদ্যালয়ত মই সংগীতৰ পাঠ গ্রহণ কৰিছিলোঁ৷ সৰুৰে পৰা মই বিভিন্ন অনুষ্ঠানত গান গাইছিলোঁ আৰু বিভিন্ন প্রতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ৷ আগতেও কৈছোঁ যে আমাৰ ঘৰখনত সংগীতৰ এক সুন্দৰ পৰিৱেশ আছিল৷ পৰিয়ালৰ সকলোৰে সংগীতৰ দক্ষতা আছিল৷ দাদাহঁতৰ প্রত্যেকে বাদ্যযন্ত্র সংগত কৰিব পাৰিছিল৷ হাইস্কুলত পঢ়ি থকা সময়তো মই গীত গাইছিলোঁ আৰু কটন কলেজত অনুষ্ঠিত গানৰ প্রতিযোগিতাসমূহতো মই অংশগ্রহণ কৰিছিলোঁ৷ কটন কলেজত দ্বিতীয় শ্রেষ্ঠ শিল্পীৰ সন্মান অর্জন কৰাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়তো এই ধাৰা অব্যাহত আছিল৷ মই গুৱাহাটী বিশ্ববিদ্যালয়তো শ্রেষ্ঠ শিল্পীৰ সন্মান লাভ কৰিছিলোঁ৷ ইয়াৰ মাজতে ১৯৬৬ চনত মই গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ পৰা কণ্ঠ পৰীক্ষাত উত্তীর্ণ হৈ নিয়মীয়া শিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিলোঁ৷ অনাতাঁৰ কেন্দ্রত মই প্রথমবাৰৰ বাবে বিশিষ্ট শিল্পী প্রয়াত খগেন মহন্তৰ সৈতে এটি সৰস্বতী বন্দনা পৰিৱেশন কৰিছিলোঁ৷ আধুনিক গীতৰ কণ্ঠ পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত মই বৰগীতৰো পৰীক্ষাত উত্তীর্ণ হৈছিলোঁ৷ তদুপৰি দূৰদর্শন কেন্দ্রৰো মই নিয়মীয়া শিল্পী৷ ২০০৭ চনত মই কণ্ঠদান কৰা মেঘাৱলী–১ নামৰ শ্রব্য কেছেটটোৱে মুক্তি লাভ কৰিছিল৷ পৰৱর্তী সময়ত মই মেঘাৱলী–২ নামৰ শ্রব্য কেছেটটোত কণ্ঠদান কৰিছিলোঁ৷ এতিয়াও মই সংগীতৰ অনুশীলন অব্যাহত ৰাখিছিলোঁ৷
এগৰাকী মহিলা হিচাপে আপুনি এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ শীর্ষ পদত সফলতাৰে কার্যনির্বাহ কৰি আছে৷ কিন্তু বর্তমান সময়তো মহিলাসকলক সমাজত বিশেষ স্থান দিয়া নহয়৷ মহিলা সম্পর্কে আপোনাৰ ধাৰণা কেনেধৰণৰ?
মহিলাসকলে ইচ্ছা কৰিলে কৰিব নোৱাৰা কাম একো নাই৷ তেওঁলোকে এখন সংসাৰ চলাবলগীয়া হয়৷ সন্তান জন্ম দিয়াৰ ক্ষমতা কেৱল নাৰীৰহে থাকে৷ সন্তান জন্ম দিয়াৰ লগে লগে তেওঁলোকৰ দায়িত্ব বৃদ্ধি পায় আৰু বেছিভাগ নাৰী ঘৰৰ চাৰিবেৰৰ মাজত বন্দী হৈ পৰে৷ কিন্তু বর্তমান সময়ত পৰিৱেশ সলনি হৈছে৷ নাৰীয়ে সন্তান জন্ম দিয়াৰ লগতে সংসাৰো চম্ভালে আৰু কর্মক্ষেত্রতো নিজকে নিয়োজিত কৰে৷ আজিকালি শিক্ষা, সংস্কৃতি, ৰাজনীতি, প্রশাসন আদি সকলো ক্ষেত্রতে মহিলাই আগস্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ সেইবাবে মোৰ দৃষ্টিত বর্তমান পুৰুষতকৈ মহিলাসকল অধিক আগবাঢ়ি গৈছে৷ একাংশই নাৰীসকলক হেঁচুকি থাকিব বিচাৰিলেও সময়ৰ লগে লগে নাৰী সবলীকৰণ অধিক পৰিমাণে ত্বৰান্বিত হৈছে৷
আপোনাৰ জীৱনত কোনে সর্বাধিক প্রভাৱ পেলাবলৈ সক্ষম হৈছে?
মোৰ জীৱনত পিতৃ পৰিয়ালৰ প্রভাৱ সর্বাধিক৷ মই জীৱনত যি সংস্কাৰ পাইছোঁ, সেয়া পিতৃ পৰিয়ালৰ পৰাই আহিছে৷ মই গুৱাহাটীত পঢ়ি থকা সময়ত মা, দাদা আৰু বাইদেউহঁতে পঢ়াৰ খবৰ ৰখাৰ লগতে নিয়মীয়াভাৱে সংগীতৰ অনুশীলন কৰাৰ ওপৰত গুৰুত্ব দিছিল৷ তেওঁলোকেই মোক অনাতাঁৰ কেন্দ্রত কণ্ঠ পৰীক্ষা দিবলৈ সদায় জোৰ দিছিল৷ মোক এই পৰীক্ষাৰ বাবে প্রস্তুত কৰি তুলিবলৈ সুৰকাৰ জিতেনদেৱক দায়িত্ব দিছিল৷ তদুপৰি কৰুণা ঠাকুৰীয়া ছাৰৰ অধীনত গন্ধর্ব আৰু অনিমেষ দত্ত ছাৰৰ ওচৰত ধ্রুপদী সংগীত শিক্ষাৰ ব্যৱস্থা কৰি দিছিল৷ সেইবাবে মই মোৰ জীৱনত পৰিয়ালৰ অৱদানৰ কথা সদায় স্মৰণ কৰোঁ৷
আপোনাৰ বিবাহ কাৰ লগত আৰু কেতিয়া সম্পন্ন হৈছিল?
১৯৭১ চনৰ ডিচেম্বৰত মোৰ বিবাহ সম্পন্ন হৈছিল বিশিষ্ট চিকিৎসক ডাঃ নৰেন দত্তৰ সৈতে৷ দিল্লী এইমছৰ পৰা পোষ্ট–গ্রেজুৱেট কৰাৰ পূর্বে তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা সোণৰ পদক লাভ কৰি এমবিবিএছ ডিগ্রী অর্জন কৰিছিল৷ আমাৰ দুই কন্যা আৰু এগৰাকী পুত্র–বোৱাৰী এতিয়া প্রতিষ্ঠিত৷
বর্তমান আপুনি ডাউন টাউন হাস্পতালৰ বিশেষ দায়িত্ব গ্রহণ কৰি আহিছে৷ এই বিষয়ে কওকচোন৷
মই ডাউন টাউন হাস্পতাল লিমিটেডৰ সঞ্চালক হিচাপে কার্যনির্বাহ কৰি আছোঁ৷ এই দায়িত্বত থাকিলেও মই সদায় ৰোগীসকলৰ খাদ্য আৰু কাপোৰ–কানিৰ ওপৰত গুৰুত্ব দিওঁ৷ কাৰণ ৰোগীসকলে খোৱা খাদ্য আৰু ব্যৱহাৰ কৰা কাপোৰ–কানি সদায় স্বাস্থ্যসন্মত আৰু পৰিষ্কাৰ হোৱা উচিত৷ আনকি মই এই দিশবোৰ চোৱাচিতা কৰিবলৈ প্রায়ে ৰোগীৰ কোঠা পৰিদর্শন কৰোঁ৷
আপুনি বর্তমান অসমৰ লোক–সংস্কৃতিৰ বিভিন্ন বিষয় সন্দর্ভত গৱেষণাধর্মী কাম কৰি আছে৷ এই বিষয়ে জনাবচোন৷
ডাউন টাউন বিশ্ববিদ্যালয়ৰ এটি দলৰ সৈতে মই লুপ্তপ্রায় লোক–সংস্কৃতিৰ সমলসমূহৰ গৱেষণাৰ কাম কৰি আছোঁ৷ বিশেষকৈ মাজুলীৰ সত্রসমূহৰ লগতে বৰপেটাৰ দৌল উৎসৱ, সুকনান্নী ওজা, বিয়াৰ ওজা, দেৱদাসী নৃত্য, কামাখ্যা ধামৰ দেৱধ্বনি, অম্বুবাচী মেলা আদি সন্দর্ভত তথ্যচিত্র নির্মাণ কৰিছোঁ৷ ইতিমধ্যে উৎপল দত্তই পৰিচালনা কৰা আৰু বৰপেটা দৌল উৎসৱ সন্দর্ভত নির্মাণ কৰা তথ্যচিত্রখনে ৰাষ্ট্রীয় পর্যায়ত একাধিক সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ আমি দৰঙৰ চিয়াগীত, নাঙেলী গীত আদি সন্দর্ভতো গৱেষণা কৰাৰ প্রস্তুতি আৰম্ভ কৰিছোঁ৷
আপুনি সমাজৰ বিভিন্ন ক্ষেত্রলৈ আগবঢ়োৱা অৱদানৰ বাবে কিবা সন্মান অথবা স্বীকৃতি লাভ কৰিছে নেকি?
মই কেতিয়াও বঁটা–বাহন অথবা সন্মানৰ বাবে কাম কৰা নাই৷ তথাপি বহু অনুষ্ঠানে মোক সময়ে সময়ে বিভিন্ন সন্মান প্রদান কৰি আহিছে৷ ইয়াৰ ভিতৰত ‘অমলপ্রভা দাস বঁটা’ বিশেষভাৱে উল্লেখযোগ্য৷ যোৱা বছৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ হাতৰ পৰা এই বঁটা গ্রহণ কৰিছোঁ৷ ইয়াৰ উপৰি নাৰী শক্তিৰ আইকন এচিভার্ছ বঁটা, দাদা চাহেব ফাল্কে এৱার্ড, গুৰু সত্যজিৎ সিন্হা জীৱনজোৰা সাধনা বঁটা, ভাৰত এক্সিলেঞ্চ এৱার্ড আদি অন্যতম৷