বাংলাদেশত শক্তিশালী ভূমিকম্প : গুৱাহাটীসহ উত্তৰ-পূবত কম্পন অনুভূত
ভাৰতৰ কেইবাখনো ঠাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰা গৈছে— গুৱাহাটী, ত্ৰিপুৰা, মেঘালয়ৰ কেইটামান অংশ, কলকাতা। উল্লেখ্য যে কলকাতাত বহু মানুহ আতংকিত হৈ ভৱন–দোকানৰ পৰা প্ৰাণ বাচাবলৈ ৰাস্তালৈ ওলাই আহে
বাংলাদেশত আজি পুৱা শক্তিশালী ভূমিকম্পৰ তীব্ৰ কম্পন অনুভৱ হয়। ৰিখ্টাৰ স্কেলত ভূমিকম্পটোৰ তীব্ৰতা ৫.৭ বুলি জানিব পৰা গৈছে। স্থানীয় মাধ্যমৰ খবৰৰ ভিত্তিত, এই দুৰ্ঘটনাত এতিয়ালৈকে কমেও ৬জন লোকৰ মৃত্যু হৈছে আৰু বহু লোক আহত হৈছে।
ভূমিকম্পটোৰ কেন্দ্র আছিল ঢাকা নগৰৰ প্ৰায় ২৫ কিলোমিটাৰ দূৰত, নৰছিংদি জিলাৰ ঘোঁৰাশাল অঞ্চলত। এই কম্পনে কেৱল বাংলাদেশত নহয়, ভাৰতৰ বহু অঞ্চলতো আতংক সৃষ্টি কৰিছে।
আমেৰিকান ভূবৈজ্ঞানিক সংস্থা (USGS)ৰ মতে, পুৱা ১০:৩৮ বজাত এই কম্পন অনুভৱ কৰা হয়। ভূমিকম্পটোৰ গভীৰতা মাটিৰ তলত মাথোন ১০ কিলোমিটাৰ আছিল। গভীৰতা কম হোৱাৰ ফলত ক্ষতিকাৰক প্ৰভাৱো অধিক দেখা যায়।
তথ্য অনুসৰি এটা ভৱনৰ দেৱাল আৰু ছাদ খহি ৩জন লোকৰ মৃত্যু ঘটে। লগতে এখন ৰেলিং ভাঙি ৩জন পথচাৰীৰ মৃত্যু হয়। অন্য বহু লোক বিভিন্ন স্থানত আহত হয়। ঢাকাত কেইছেকেণ্ড সময় ধৰি অনুভৱ হোৱা কম্পনৰ ফলত জনসাধাৰণ ঘৰ–অফিচৰ পৰা বাহিৰলৈ দৌৰি আহে।
USGSৰ তথ্য অনুসৰি, বাংলাদেশৰ উত্তৰ আৰু দক্ষিণ–পূবৰ অংশ ভূমিকম্প-সংবেদনশীল অঞ্চল। কিন্তু মধ্য বাংলাদেশত এই ধৰণৰ শক্তিশালী ভূমিকম্প কমেই দেখা যায়। সেয়ে এইবাৰ কম্পনৰ স্থান আৰু তীব্ৰতাই বিশেষজ্ঞসকলকো বিস্মিত কৰিছে।
ভাৰতৰ কেইবাখনো ঠাইত ভূমিকম্পৰ কম্পন অনুভৱ কৰা গৈছে— গুৱাহাটী, ত্ৰিপুৰা, মেঘালয়ৰ কেইটামান অংশ, কলকাতা। উল্লেখ্য যে কলকাতাত বহু মানুহ আতংকিত হৈ ভৱন–দোকানৰ পৰা প্ৰাণ বাচাবলৈ ৰাস্তালৈ ওলাই আহে।
ভাৰত-ইউৰেছিয়া ভূতল প্লেটৰ সংঘৰ্ষ, চিলেট–মেঘালয়ৰ সক্ৰিয় ফল্ট লাইন, বংগোপসাগৰৰ ভূগঠন- এই কাৰকৰ ফলত আগন্তুক দিনতো দক্ষিণ এছিয়াত ভূমিকম্পৰ বিপদ বৃদ্ধি পোৱা সম্ভাৱনা প্ৰবল বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। প্ৰাকৃতিক বিপদসম্বলিত এই পৰিস্থিতিৰ ওপৰত বিশেষজ্ঞসকলে তত্পৰ নজৰ ৰাখিছে।
ডিজিটেল ডেস্ক, ২১ নৱেম্বৰ