নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাননিত নিখোজ বোৱাৰী-ৰ অৰ্ধউলংগ মৃতদেহ উদ্ধাৰ, ধৰ্ষণৰ সন্দেহ

কাছাৰৰ সোনাই সুন্দৰীত সংঘটিত হল এক চাঞ্চল্যকৰ ঘটনা। ধাননি পথাৰত উদ্ধাৰ হল নিখোজ বোৱাৰীৰ হাত বন্ধা অৰ্ধউলংগ মৃতদেহ। ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

জানিব পৰা মতে, স্থানীয় মনোৱাৰা বেগম নামৰ এগৰাকী বোৱাৰী দেওবাৰৰ পৰা নিখোজ হৈ আছিলে। পথাৰৰ পৰা গৰুৰ ঘাহঁ আনিবলৈ গৈ নিখোজ হৈ পৰিছিল বোৱাৰীগৰাকী৷

পৰিয়ালৰ লোকে দেওবাৰে গোটেই নিশা বিচাৰি বোৱাৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। কালি পৰিয়ালৰ লোকে বোৱাৰীগৰাকীক বিচাৰি থাকোঁতে হঠাৎ ঘৰৰ কাষতে থকা ধাননি পথাৰৰ ধান গছৰ ভিতৰত লুকুৱাই থোৱা অবস্থাত বোৱাৰীগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে৷

হাত বন্ধা,অৰ্ধ উলংগ মৃতদেহটো প্ৰত্যক্ষ হোৱাৰ পাছত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ খৱৰ পাই ঘটনাস্থলীত আৰক্ষীয়ে চোৰাংচোৱা কুকুৰ লৈ উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে লগতে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰে।

ইপিনে মৃতকৰ পৰিয়ালৰ অভিযোগ, বোৱাৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। কাৰণ মৃতদেহৰ মূখৰ ভিতৰত আছিল পলিথিন, দুয়োখন হাত আছিল বন্ধা আৰু অৰ্ধ উলংগ। সেয়ে তেওঁলোকৰ সন্দেহ বোৱাৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে। ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে।

ডিজিটেল ডেস্ক, ২৫ নৱেম্বৰ

You might also like