শ্রীলংকাত প্রলয়ংকৰী বান, মৃত্যু ৫৬জনৰ
ধাৰাসাৰ বৰষুণ৷ তাৰ লগতে ভূমিস্খলন৷ বিপর্যস্ত শ্রীলংকা৷ প্রতিকূল বতৰৰ বাবে পৰিস্থিতিৰ অৱনতি হৈছে দেশখনত৷
এইপর্যন্ত পোৱা খবৰ অনুসৰি শ্রীলংকাৰ বান আৰু ভূমিস্খলনৰ ফলত প্রাণ হেৰুৱাইছে ৫৬জন লোকে৷ তদুপৰি ২১জন লোক সন্ধানহীন হৈ আছে৷ কমেও ৬০০ ঘৰ–বাৰী কম–বেছি পৰিমাণে ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে৷
কেৱল বাদুল্লা আৰু নুয়াৰা ইলিয়া অঞ্চলতে ভূমিস্খলনত ২৫জনৰো অধিক লোক মৃত্যুমুখত পৰিছে৷ অঞ্চলটোত ২১জন লোক সন্ধানহীন হৈ আছে আৰু ১৪জন লোক আহত হৈছে৷ দেশজুৰি ৰাস্তাই–ঘাটে পানী উঠাৰ ফলত পৰিবহণ ব্যৱস্থা বিপর্যস্ত হৈ পৰিছে৷
বহু ঠাইত ৰে’ল যোগাযোগ সম্পূর্ণৰূপে ব্যাহত হৈছে৷ ৰাস্তাৰ ওপৰত গছ, শিল আদি বাগৰি পৰাত পথ যোগাযোগো বিপন্ন হৈ পৰিছে৷ এনে পৰিস্থিতিত দেশখনৰ বিভিন্ন ঠাইত অনেক লোক আবদ্ধ হৈ পৰিছে৷ নৌসেনা বাহিনী আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান ক্ষিপ্র কৰি তুলিছে৷
উদ্ধাৰকাৰীসকলে হেলিকপ্টাৰৰ সহায় লৈছে৷ ছাত্র–ছাত্রীৰ পৰীক্ষা স্থগিত ৰখা হৈছে৷
ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰ