সম্পাদকীয় : ৰাজহুৱা পুথিভঁৰাল
ৰাজহুৱা পুথিভঁৰালক এটা সময়ত সমাজৰ বৌদ্ধিক চিন্তাৰ প্রতিফলন হিচাপে মান্যতা দিয়া হৈছিল৷ পুথিভঁৰাল কেৱল কিতাপ সংৰক্ষণ কৰা স্থান নহয়, পুথিভঁৰাল হৈছে জ্ঞানৰ এক মন্দিৰ আৰু এক সাংস্কৃতিক ক্ষেত্র৷ সমাজৰ বৌদ্ধিক ধাৰাক গঢ় দিয়াত ই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এইবোৰ কাৰণতে পুথিভঁৰালে সামাজিক মান্যতা লাভ কৰিছিল৷
এই দিশটোৰ কথা মনত ৰাখি অসম চৰকাৰে পুথিভঁৰাল সঞ্চালকালয়ৰ আৰম্ভণি কৰিছিল আৰু ৰাজ্যখনক এই দিশত আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল৷ কিন্তু পৰৱর্তী কালত দেখা গ’ল ৰাজ্যখনৰ পুথিভঁৰালৰ ছবিখন লাহে লাহে মলিন আৰু অস্পষ্ট হৈ আহিল৷
পাঠক সম্প্রদায়ক আকর্ষণ কৰিবলৈ পুথিভঁৰালত শেহতীয়া কিতাপ, আলোচনী, বাতৰিকাকত আদি থকাটো অতি প্রয়োজনীয়৷ আজিৰ এই ডিজিটেল যুগত পাঠকসকলৰ অধ্যয়ন পদ্ধতি আৰু মাধ্যমৰ দিশত ভালেখিনি পৰিৱর্তন আহিছে আৰু এই পৰিৱর্তিত সময়ৰ দাবীক পুথিভঁৰালবোৰে মানি চলি এই নতুন নতুন সংযোজনবোৰেৰে পুথিভঁৰালবোৰক আধুনিক কৰি তুলিব লাগিব৷
কল্যাণকামী চৰকাৰ এখনে এই কামটো অগ্রাধিকাৰ ভিত্তিত কৰাটো উচিত৷ বর্তমান সময়ত গুৱাহাটীত দেখা গৈছে যে ব্যক্তিগত খণ্ডত কিছুমান পুথিভঁৰাল গঢ় লৈ উঠিছে, যিবোৰত পাঠকে মাচুল দি পঢ়া–শুনা কৰে৷ এই পুথিভঁৰালবোৰক ব্যৱসায়িক ধৰণে পৰিচালনা কৰা হয়, তাৰ পাঠকসকলৰ প্রয়োজনমতে পঠন সামগ্রী যোগান ধৰা হয়৷ এনেকুৱা পুথিভঁৰালৰ সংখ্যা বৃদ্ধি পাই থকাটোৱে স্পষ্ট কৰে যে অর্থ ব্যয় কৰি পঢ়িবলৈ ইচ্ছা কৰা পাঠকৰ সংখ্যাও কম নহয়৷
দ্রুতগতিত আগবাঢ়ি যোৱা ডিজিটেল যুগতো যে ৰাজহুৱা পুথিভঁৰালৰ গুৰুত্ব কমি যোৱা নাই, বৰঞ্চ হ নতুন ধৰণে অধিক প্রাসংগিক হৈ ডঠিছে সেই কথা চৰকাৰ পক্ষই জনাটো উচিত৷ চৰকাৰী কামৰ ক্ষেত্রত সিদ্ধান্ত গ্রহণ কৰিব পৰা স্তৰৰ যিসকল বিষয়া থাকে, তেওঁলোক উচ্চ শিক্ষিত আৰু বুদ্ধিমান৷ সেই বিষয়াসকলেই যদি পুথিভঁৰালৰ গুৰুত্বৰ কথা বুজি নাপায়, তেনেহ’লে ৰাজ্যখনৰ বৌদ্ধিক বিকাশত চৰকাৰী অংশগ্রহণ কি হ’ব, তাক সহজেই অনুমান কৰিব পাৰি৷
অসম চৰকাৰৰ কোনোবা দূৰদৃষ্টিসম্পন্ন মন্ত্রী, বিধায়ক বা বিষয়াৰ চিন্তাৰ ফচল হিচাপে ৰাজহুৱা পুথিভঁৰালক গুৰুত্ব দি এটা বিভাগৰ আৰম্ভণি হৈছিল৷ পুথিভঁৰালৰ লগতে একোটা প্রেক্ষাগৃহ নির্মাণ কৰি পুথিভঁৰালবোৰক একোখন সাংস্কৃতিক ক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছিল, যিটো সেই ঠাইখনৰ বাবে প্রয়োজনীয় আছিল৷
এনেদৰে আৰম্ভ হোৱা অসমৰ ৰাজহুৱা পুথিভঁৰাল ব্যৱস্থা এতিয়া শক্তিহীন আৰু উদ্যমহীন অৱস্থাত উপনীত হৈছে৷ এটা সময়ত চৰকাৰে বহু টকাৰ কিতাপ কিনিছিল আৰু অসমৰ চৰকাৰী পুথিভঁৰালবোৰলৈ সেই কিতাপ পঠিওৱা হৈছিল৷ কেইবছৰমান আগতে চৰকাৰে এবছৰত পাঁচ কোটি টকাৰ কিতাপ কিনিছিল, যোৱা কেইবছৰমানৰ পৰা সেই পৰিমাণ কমি আহি এক কোটি পাইছে৷ এতিয়া প্রকাশক বাঢ়িছে, লেখক বাঢ়িছে, কিতাপ প্রকাশৰ সংখ্যাও বাঢ়িছে৷ একে সময়তে কিতাপৰ দামো বাঢ়িছে৷
এই দিশবোৰ চালিজাৰি চাই চৰকাৰে কিতাপ কিনাৰ বাবে ধার্য কৰা টকাৰ পৰিমাণ বঢ়োৱা উচিত৷ পাঠকে পুথিভঁৰালত নতুন নতুন কিতাপ পঢ়িবলৈ বিচাৰে৷ কিতাপ কিনাৰ ক্ষেত্রত চৰকাৰে এই কথাটো বিবেচনা কৰা উচিত৷ পুথিভঁৰালৰ প্রাণ হ’ল কিতাপ৷ গৱেষকসকলৰ বাবে পুৰণি কিতাপৰ প্রয়োজন, কিন্তু সাধাৰণ পাঠকৰ বাবে প্রয়োজন হ’ল সমকালীন কিতাপ৷
এই কথাটো বিচাৰ কৰিব নোৱৰা লোকে ৰাজহুৱা পুথিভঁৰাল এটি পৰিচালনা কৰাৰ যোগ্যতা নাৰাখে৷ অসমৰ বর্তমানৰ মুখ্যমন্ত্রীগৰাকী অধ্যয়নপুষ্ট উচ্চ শিক্ষিত ব্যক্তি, লেখক আৰু অনুবাদক৷ তেনে এগৰাকী ব্যক্তিৰ দিনত অসমৰ পুথিভঁৰাল ব্যৱস্থাটি উন্নত আৰু আধুনিক হৈ উঠিব বুলি আশা কৰিব পাৰি৷
এনে এখন আঁচনিৰ ঘোষণাৰে ‘গ্রন্থবর্ষ’ৰ সামৰণি কৰিব পাৰি বুলি ভবাৰ ঠাই আছে৷ আধুনিক ৰাজহুৱা পুথিভঁৰালৰ ধাৰণাই পুথিভঁৰালক কিতাপ পঢ়াৰ স্থানৰ লগতে সাংস্কৃতিক আৰু বৌদ্ধিক কার্যকলাপৰ কেন্দ্র হিচাপে অর্থাৎ বৌদ্ধিক চিন্তাৰ থলী হিচাপেও চাব বিচাৰে৷ কিতাপ আৰু অধ্যয়ন বিষয়ক আলোচনা, পাঠাভ্যাস কার্যসূচী, বত্তৃণতা, প্রদর্শনী আদি কার্যসূচীৰ জৰিয়তে পুথিভঁৰালে মানুহৰ চিন্তাশক্তি আৰু সাংস্কৃতিক সচেতনতা বৃদ্ধি কৰে আৰু পুথিভঁৰালটোক এটা জৈৱিক প্রতিষ্ঠানলৈ উন্নীত কৰে৷
এইক্ষেত্রত চৰকাৰী বিনিয়োগ অতি প্রাসংগিক৷ নতুন কিতাপ সংযোজন, পৰিকাঠামোগত উন্নয়ন, আৰামদায়ক পঢ়াৰ পৰিৱেশ সৃষ্টি, ডিজিটেল সুবিধা প্রৱর্তন আৰু প্রশিক্ষিত কর্মচাৰীৰ ব্যৱস্থা–এই সকলোবোৰৰ বাবে পর্যাপ্ত আর্থিক সহায় অত্যাৱশ্যক৷ চৰকাৰী সহায় অবিহনে ৰাজহুৱা পুথিভঁৰালে সময়ৰ সৈতে খোজ মিলাব নোৱাৰি অৱহেলিত হৈ পৰাৰ সম্ভাৱনা থাকে৷ দূৰদৃষ্টিসম্পন্ন মুখ্যমন্ত্রী মহোদয়ে এই কথাবোৰ বিবেচনা কৰিব বুলি আশা কৰিব পাৰি৷