দিল্লী পালে পুটিন, বন্ধুক আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে আজি সন্ধিয়া নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। বিমান অৱতৰণৰ পূৰ্বতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিমানবন্দৰত উপস্থিত হৈ তেওঁক আদৰণি জনায়।
বিমানৰ পৰা ওলাই পুটিনক মোদীয়ে “বন্ধুসুলভ” আলিংগনৰে অভ্যর্থনা জনায়। পৰৱৰ্তী সময়ত দুয়ো নেতা একেখন বাহনেৰে ভ্ৰমণসূচী অনুসৰি নিৰ্দিষ্ট স্থান অভিমুখে ৰাওনা হয়।
আজিৰ নিশাই প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ বাবে ব্যক্তিগত ভোজৰ আয়োজন কৰিছে। সম্ভাৱ্যভাৱে হায়দৰাবাদ হাউছত দুয়োগৰাকী নেতা এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব।
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন ২৩তম ভাৰত–ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতলৈ আহিছে। তেওঁৰ সৈতে আগমন কৰিছে ৰাছিয়াৰ উচ্চস্তৰীয় প্ৰতিনিধি দল এটা, যিয়ে বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি, সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত দুদেশৰ মাজত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে আলোচনা কৰিব।
৫ ডিচেম্বৰত ৰাষ্ট্ৰপতি ভৱনত পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। তাৰ উপৰি তেওঁ ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু পুনৰ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
এই বৈঠকৰ অন্তত দুয়ো নেতাই সংবাদ মাধ্যমক লক্ষ্য কৰি যৌথ বিবৃতি প্ৰদান কৰিব আৰু পিছত FICCIৰ উদ্যোগত অনুষ্ঠিত ব্যৱসায়িক বৈঠকত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও পুটিনৰ বিদায়ৰ পূৰ্বে এক বিশেষ ভোজৰ আয়োজন কৰিব বুলি সূত্ৰই জনাইছে।
উল্লেখযোগ্য যে ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়া–ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত পুটিনৰ এই ভাৰত ভ্ৰমণটো হৈছে প্ৰথম। ইয়াৰ পূৰ্বে তেওঁ ২০২১ চনৰ ৬ ডিচেম্বৰত ২১তম বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল।
ডিজিটেল ডেস্ক, ৪ ডিচেম্বৰ